লেফটেনেন্ট কর্নেল ধোনী

1478

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


পালন কৰিব সেনা বিষয়াই সকলো দায়িত্ব । ভাৰতীয় সেনাই প্রকাশ কৰা মতে, লেফটেনেন্ট কর্নেল (অবৈতনিত) এম এছ
ধােনীয়ে ১০৬ টি এ বেটেলিয়ন (পেৰা)ত ৩১ জুলাইৰ পৰা ১৫ আগষ্টলৈকে কৰ্মৰত হৈ থাকিব। ভিক্টৰ ফৰ্চৰ
অংশীদাৰ হিচাপে কাশ্মীৰ উপতাকাত ১০৬ টি এ বেটেলিয়ন মােতায়েন কৰা হ’ব আৰু এম এম ধােনীয়ে তাতেই
কৰ্মৰত হ’ব । বিবৃতিত প্ৰকাশ কৰা মতে, বিষয়াসকলৰ অনুৰােধ আৰু সেনাৰ মুখ্য কার্যালয়ৰ অনুমােদনৰ পাছত
মহেন্দ্র সিং ধােনীক বেটেলিয়নৰ সৈতে শিবিৰত থকাৰ লগতে টহল দিয়া, নিৰীক্ষণ চকীৰ দায়িত্বত মােতায়েন কৰা হ’ব ।
উল্লেখ্য যে ২০১১ চনত মহেন্দ্র সিং ধােনীক অবৈতনিকভাৱে সেনাৰ লেফটেনেন্ট কর্নেল পদত
নিযুক্তি দিয়া হৈছিল। ভাৰতীয় স্থলসেনা বাহিনীৰ পেৰাছ্যুট ৰেজিমেন্ট (১০৬ পেৰা টি এ বেটেলিয়ন)ৰ লেফটেনেন্ট
কর্নেল (অবৈতনিক) হিচাপে নিযুক্তি পোৱাৰ পিছত ক্রিকেটাৰ মহেন্দ্র সিং ধােনীয়ে ২০১৫ চনত আগ্ৰাৰ প্রশিক্ষণ
শিবিৰত পেৰাছ্যুটৰ পাঁচটা প্রশিক্ষণ জাম্প সফলতাৰে সম্পন্ন কৰি প্রশিক্ষিত পেৰাট্ৰুপাৰ হৈছিল। ভাৰতীয়
স্থলসেনা বাহিনীক দিয়া প্রতিশ্রুতি মৰ্মে ২০১৯ চনৰ ক্রিকেট বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজিত হােৱাৰ
পাছতেই এম এছ বােনীয়ে সাময়িকভাৱে ক্রিকেট এৰি সেনাৰ হৈ কাম কৰাৰ মন মেলে। ব্রেষ্ট ইণ্ডিজ ভ্রমণলৈ
যাবলগীয়া ক্রিকেট দলটোত তেওঁৰ নাম অন্তর্ভুক্ত নকৰিবলৈ আহ্বান জনাই এম এছ ধােনীয়ে দুমাহৰ বাবে
ক্রিকেটৰ পৰা বিশ্রাম লৈ সেনা হিচাপে কৰ্মৰত হোৱাৰ মন মেলে। অশান্তজৰ্জৰ কাশ্মীৰ উপতাকাত সেনাৰ ৰূপত
কৰ্মৰত হ’বলৈ আগবঢ়া এম এছ ধােনীয়ে এই সন্দৰ্ভত কয় যে , ‘  শৈশৱৰে পৰা মই সেনাত ভর্তি হ’ব বিচাৰিছিলো ,
প্ৰায়ে মই সেনাৰ আৱাসস্থলীলৈ গৈছিলোঁ আৰু সেনাক দেখি ভাবিবলৈ লৈছিলো ময়াে এদিন এওঁলােকৰ মাজৰ
এজন হ’ম ।  “
সেনাবাহিনীত যোগ দিবলৈ সুযোগ নাপালেও এগৰাকী সফল ক্রিকেটাৰ হিচাপে দেশক প্রতিনিধিত্ব
কৰাৰ বাবে সেনাবাহিনীতে এম এছ ধোনীক অবৈতনিক ভাৱে লেফটেনেন্ট কর্নেল পদত নিযুক্তি দিছিল। সেই
সুবিধাকে অৱশেষত গ্ৰহণ কৰিলে ধোনীয়ে আৰু শৈশৱৰ সপােন দিঠকত পৰিণত হ’ল ।
বহুত খেলুৱৈক সেনা বাহিনীয়ে অবৈতনিক পদত নিযুক্তি দিয়ে , যদিও তেওঁলোকক সেনাত সক্রিয় ভূমিকা লােৱা দেখা
নাযায়। ইয়াৰ বিপৰীতে ব্যতিক্রমী মাহীয়ে প্রতিশ্রুতি মতেই সেনাৰ দায়িত্ব  কাশ্মীৰত পালন কৰিব ।