লোকসভায় হাফ বিধানসভায় চাফ

1918
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


“লোকসভায় হাফ বিধানসভায় চাফ” এই শ্লোগানেৰে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাইছিল বিজেপি পশ্চিমবংগৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে। নিৰ্বাচনী ফলাফলত দেখা গ’ল যে ৪২ খন আসনৰ ১৮ খন আসন লাভ কৰি সকলো ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল । ২০১৪ লোকসভা নিৰ্বাচনত মাত্র ২ খন আসন পোৱা আৰু ২০১৬ বিধানসভা নিৰ্বাচনত ৩ খন আসন পোৱা  বিজেপিৰ এই সাফল্য আছিল অবিশ্বাসনীয়। ভোটৰ শতাংশ হিচাপত বিজেপিয়ে পাইছে ৪০% আৰু তৃনমূলে পাইছে ৪৩% । ২৩ মেৰ সন্ধিয়া নিজৰ কৰ্মকৰ্তাক উদ্দেশ্যি দিয়া ভাষনত অমিত শ্বাহে পশ্চিমবংগৰ সাফল্যৰ কথা অতি উৎসাহেৰে ব্যক্ত কৰিছে। উত্তৰ বংগ আৰু ঝাৰখংণ্ডৰ লগত লাগি থকা অঞ্চলত খুব ভাল প্ৰদৰ্শন কৰিছে বিজেপিয়ে।  বিজেপিয়ে চহৰাঞ্চলৰ তুলনাত গাওঁত উন্নত প্ৰদৰ্শন কৰিছে। ২৭ টা গ্ৰামাঞ্চলৰ আসনৰ ভিতৰত বিজেপিয়ে পালে ১৫ খন আসন। জনজাতি এলেকাৰ দুখনৰ ভিতৰত দুখন আসনে পায় বিজেপি। সংখ্যালঘু অঞ্চল তথা চহৰত উন্নত প্ৰদৰ্শন কৰে তৃণমূল কংগ্ৰেছে।

ৰাজ্যৰ লোকসভা আসনবিলাকক বিধানসভা আসনত ভাগ কৰিলে দেখা যায় যে ২৯৪ খন আসনৰ ভিতৰত বিজেপি আগবাঢ়ি আছে ১২১ খনত আনহাতে তৃণমূল আগবাঢ়ি আছে ১৬৪ খনত। তাৰ বাহিৰে কংগ্ৰেছে ৯খনত আগবাঢ়ি আছে। উল্লেখযোগ্য কথাটো হ’ল কমিউনিষ্ট দলবিলাকে এখনো বিধানসভা আসনত আগবাঢ়িব পৰা নাই। এখনক বাদ আন সকলো লোকসভাৰ আসনত এওঁলোকৰ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে। উত্তৰবংগৰ ৫৬ বিধানসভাৰ ৪৩ তথা আদিবাসীৰ প্ৰভুত্ত থকা ১৬ ৰ ভিতৰত ১৪ খনত আগবাঢ়িছে বিজেপি। সচাকৈয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ ফলাফল আছিল চমকপ্ৰদ। কিন্তু প্ৰশ্ন হ’ল বিজেপিৰ এনে প্ৰদৰ্শনৰ ৰহস্য কি? তাৰ বাবে আমি জানিব লাগিব পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাস।
১৯৭২ চনৰ পৰা ১৯৭৭ চনলৈ বংগৰ মুখ্যমন্ত্রী আছিল কংগ্ৰেছৰ সিদ্ধাৰ্থ শংকৰ ৰয়। ইন্দিৰা গান্ধীৰ খুব ঘনিষ্ঠ ৰয় এজন কৰ্মপটু মুখ্যমন্ত্রী আছিল। কিন্তু তেওঁৰ সময়তে তাত নিৰ্বাচনী হিংসা আৰম্ভ হয়। বিৰোধী দলৰ মানুহক ভয়-ভাবুকি দিয়া , নিৰ্বাচনত ভোট দিব নিদিয়া আদি লাহে লাহে বৃদ্ধি পায়। ৰাইজে ইয়াৰ পৰা পৰিত্রান বিচাৰি বাওঁ দলক শাসনলৈ আনে। নিৰ্বাচনী হিংসা সেই সময়তো চলি থাকে। বাওঁদলবিলাকে কংগ্ৰেছতকৈ এখোপ আগুৱাই গৈ নিৰ্বাচনী জয়ৰ বাবে আৰু এটা নতুন কৌশল ৰচনা কৰে। তেওঁলোকে প্ৰত্যেক ঠাইতে সৰু সৰু ক্লাব গঠন কৰে যাৰ দাৰা চৰকাৰী দলটোৱে সেই অঞ্চলৰ মানুহক নিজৰ নজৰত ৰাখে। “এই পাৰাত ২০০ ঘৰ মানুহ আছে তাৰ ১৫০ ঘৰ কমিউনিষ্ট আৰু ৫০ ঘৰ কংগ্ৰেছ।”
এনেধৰনৰ পৰিসংখ্যা তেওঁলোকে যুগুত কৰিছিল। তাৰ পিছত নিৰ্বাচনৰ সময়ত সেই ৫০ ঘৰ মানুহক ভাবুকি দি ভোটদানৰ পৰা বিৰত ৰখা আছিল বংগত খুবেই সাধাৰণ ঘটনা। মই যিহেতু চাকৰিসুত্রে ২ বছৰ কলিকতাত আছিলো সেয়েহে এনেকুৱা বহু ঘটনা খুব ওঁচৰৰ পৰা প্ৰত্যক্ষ কৰিছিলো। এয়া আছিল বাওঁদলে ৩৪ বছৰ নিৰ্বাচনত জয়ী হোৱাৰ ৰহস্য। বহু কষ্টৰ ফলত ২০১১ চনত মমতা বেনাৰ্জীয়ে বাওঁদলক উৎখাত কৰি বংগৰ গাদী দখল কৰে। চৰকাৰ পৰিবৰ্তন হ’লেও স্বভাবৰ পৰিবৰ্তন নহল। নিৰ্বাচনী হিংসা ক্ৰমাগত ভাবে বৃদ্ধি পালে। যোৱা পঞ্চায়তৰ নিৰ্বাচনত ৩৩% আসনত বিৰোধীদলক প্ৰতিদ্বন্দ্বিতাই কৰিব নিদিলে তৃণমূলৰ কৰ্মীসকলে। ক’ৰ্টৰ অনুমতি সাপেক্ষ কেইজনমানে আনকি ৱাটচাপৰ জৰিয়তে নিজৰ ফৰ্ম জমা দিলে।
২০২১ত কি হ’ব
“আমাৰ দলৰ বহু ভদ্ৰলোকে অতীতত বংগ বিজেপিৰ নেতৃত্ব লৈছিল কিন্তু তেওঁলোক সফল হ’ব নোৱাৰিলে। ইয়াৰ কাৰণ হয়তো তেওঁলোক আছিল বেছি ভদ্ৰ। এওঁলোকক (তৃণমূল আৰু বাওঁ দলক) এওঁলোকৰ ভাষাতে উত্তৰ দিব লাগে” এই বক্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ। সততে বিতৰ্কিত বক্তব্য দি বাতৰি কাকতৰ শিৰোনামা দখল কৰা ঘোষ হ’ল বিজেপিৰ সাফল্যৰ মুল মানুহ। ৫৪ বছৰীয়া দিলীপ ঘোষ ২০১৫ত সভাপতি হয়, ২০১৬ ত বিধানসভালৈ নিৰ্বাচিত হয়। এইবাৰ লোকসভা নিৰ্বাচনত মেদিনীপুৰ সমষ্টিৰ পৰা সাংসদ হিচাপেও নিৰ্বাচিত হয়। এজন সুবক্তা দিলীপ ঘোষে যোৱা ৪ বছৰত দলৰ হৈ খুৱ কষ্ট কৰিছে। বিভিন্ন ঠাইত তেওঁক আক্ৰমন কৰা হৈছে। ৪০ জন বিজেপি কৰ্মীৰো মৃত্যু হৈছে। মমতা বেনাৰ্জীক খুব তীক্ষ্ণভাবে আক্ৰমন কৰা ঘোষৰ প্ৰতি ৰাইজৰ সহাৰি দিনক দিনে বৃদ্ধি পাইছে।এইবাৰ নিৰ্বাচনত বামৰ ভোট ৰামলৈ যোৱ বুলিও তৃণমূলে অভিযোগ কৰিছে। তৃণমূলৰ পৰা নিৰাপত্তা বিচাৰি বেছিভাগ  বাওঁদলৰ কৰ্মী বিজেপিৰ চত্ৰচায়ালৈ অহা বুলি খবৰ ওলাইছে। যোৱা পঞ্চায়তত ভোট দিব নোৱাৰি গাওঁৰ ৰাইজ মমতাৰ ওপৰত  ক্ষোভিত। মুছলমানক অত্যাধিক তোষামোদ কৰা বুলিও মমতা বেনাৰ্জীৰ ওঁপৰত অভিযোগ। মুঠতে ২০২১ বিধানসভাত মমতা বেনাৰ্জীক যে দিলীপ ঘোষে তীব্ৰ প্ৰত্যহ্বান জনাব সেয়া খাটাং । মমতা বেনাৰ্জীও কিন্তু শুই থকা ভকত নহয়। নিজৰ পৰাজয়ৰ পৰ্যালোচনা কৰি নিশ্চয় অনাগত দুবছৰত দলৰ স্তিতি মজবুত কৰিবলৈ চেষ্টা কৰিব মমতাই। দিলীপ ঘোষে তৃণমূলক চাফ কৰিব পাৰেনে নোৱাৰে সেয়া বেলেগ কথা কিন্তু এটা কথা ঠিক যে ২০২‍১ৰ বিধানসভাৰ যুঁজখন খুব আকৰ্ষনীয় হ’ব।