লোকসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা কি হ’ব?

3097
  • পাৰ্থ সাৰথি দত্ত

২০১৬ চনত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ থিক আগত এটা ব্যক্তিগত টি.ভি চেনেলত ডঃ হিমন্ত বিশ্ব শৰ্মাই পোন প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এয়া আছিল খুব স্বাভাবিক কাৰণ যোগ্যতাৰ মাপকাঠিৰে চালে  মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী সোণোৱালৰ তুলনাত কোনোগুণে কম নহয় ডঃ শৰ্মা। যিহেতু শৰ্মাই ২০১৬ৰ নিৰ্বাচনী সভাবোৰত  ৰাইজক অজস্ৰ  প্ৰতিশ্ৰুতি দিছিল সেয়ে অসমত থাকি কিছুবছৰ কাম কৰাৰ দৰকাৰ আছিল তেখেতৰ। ২০১৯ সঠিক সময় আছিল তেখেতৰ দিল্লী যাত্রাৰ বাবে। ৰাইজেও বহুত আশা কৰিছিল তেখেতৰ পৰা। প্ৰয়াত হেম বৰুৱা, দিনেশ গোস্বামী আদিৰ পিছত প্ৰায় দুটা দশকৰো অধিক কাল কেন্দ্ৰত শক্তিশালী অসমীয়া প্ৰতিনিধি নিৰ্বাচিত হোৱা নাই।
নৰেন্দ্ৰ মোদীৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে গুৰুত্বপূৰ্ণ কেবিনেট দপ্তৰ পাব বুলি আশা কৰিছিল বহুতে। কিন্তু এই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন খেলাৰ অনুমতি নিদিলে। ফলত অসমে হেৰুৱালে এজন যোগ্য সাংসদ। আনটো বাদেই এই ঘটনাই ব্যথিত কৰিছে শৰ্মাক সকলোতকৈ বেছি সমালোচনা কৰা মানুহজনকো।
বহুতে কব খোজে যে শৰ্মাই পাব ৰাজ্যসভাৰ টিকট। দুমাহ পিছত হ’ব লগা ৰাজ্যসভাৰ জৰিয়তে যদি শৰ্মাক দিল্লীলৈ নিবই লাগে তেন্তে লোকসভা নিৰ্বাচন খেলাত বাধা ক’ত? মোদী আৰু শ্বাহ ডাঙৰীয়াই যদি নিৰ্বাচন খেলিব পাৰে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ এনে কিহৰ ব্যস্ততা?
মুঠৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বই বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা অসমত থাকক, তাৰ সঠিক কাৰণ বৰ্তমান কাৰো হাতত নাই।
কিন্তু এই পৰিঘটনাৰ পৰা দুটা কথা স্পষ্ট হ’লঃ
১) হাইকামাণ্ড কালচাৰৰ পৰা মুক্ত নহয় বিজেপি। ৰাজ্যৰ সকলোতকৈ প্ৰভাবশালী নেতাজনৰো ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাই হাই কামাণ্ডৰ ওচৰত।
২) দিল্লী যাত্রাত বাধা দিলেও অমিত শ্বাহৰ মনত হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব কমা নাই। টুইটাৰৰ যোগেদি শ্বাহে হিমন্ত বিশ্ব শৰ্মাই লোকসভাত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণ ব্যাখ্যা কৰে। ভাৰতৰ ৰাজনীতিত এনে ঘটনা বিৰল।
এতিয়া প্ৰশ্ন হ’য় হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰৰ কি হ’ব? এনেকুৱা পৰিস্হিতি আহিব পাৰে বুলি শংকা কৰিয়েই চাগে শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে তেখেতে ২০২১ৰ বিধানসভা নিৰ্বাচন নেখেলে। কেন্দ্ৰই হয়তো বিচাৰে যে ডঃ শৰ্মাই পুনৰ ২০১৬ ৰ নিচিনা ২০২১ত বিজেপিক অসমত ক্ষমতা দখলত সহায় কৰক। কিন্তু কিমান বছৰ শৰ্মা অসমৰ দুই নম্বৰ মন্ত্রী হৈ থাকিব? ২০২১ লৈ যদি হাইকামাণ্ডে শৰ্মাক দিল্লী যাত্রাৰ অনুমোদন নিদিয়ে তেতিয়া তেখেতে কি কৰিব?  কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰাৰ পিছত তেখেতৰ কংগ্ৰেছত উভতি যোৱাৰ সম্ভাবনা খুব কম। শেষ বিকল্প হিচাপে ডঃ শৰ্মাই বাচি লব পাৰে এটা নতুন আঞ্চলিক দল গঠন কৰা। নবীন পাটনায়ক আৰু মমতা বেনাৰ্জীয়ে এই ক্ষেত্রত ইতিমধ্যে সফল হৈছে। আঞ্চলিক দল গঠন কৰিলে লক্ষনীয় হ’ব হিন্দুত্ব আৰু CAB ৰ ওপৰত ডঃ শৰ্মাৰ  দৃষ্টিভংগী কি হয়। অহা দুবছৰ হ’ব হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৰাজনীতিৰ বাবে খুব গুৰুত্বপূৰ্ণ সময়।