ধৰ্মস্থলত অস্পৃশ্যতা আৰু ধৰ্মান্তৰকৰণ

1909
  • ৰাজীব দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


মাজুলিৰ একাংশ মিচিং মানুহ সংগঠিত হৈ খ্ৰীষ্টান হ’ল ; বাতৰি কাকতত স্পষ্টিকৰণ প্ৰকাশ কৰিলে ধৰ্মান্তৰিতসকলে । বেমাৰৰ চিকিৎসা আৰু জাত- পাতৰ ভিত্তিত ধৰ্মান্তৰ হ’ল । কিন্তু এইটো কথাও সত্য যে এইসকল মানুহৰ সমাজখনো জাত- পাতৰ উৰ্ধত নহয় । অকল মিচিং বুলিয়ে ভাৰতবৰ্ষত জাত- পাত শুন্য সমাজ এখনো নাই । ৰাজস্থানৰ ইছলামধৰ্মী ৰাজস্থানী মানুহখিনি আৰু তামিলনাডুৰ খ্ৰীষ্টানখিনিৰ মাজতো জাত – পাতৰ বিচাৰ আছে । আমাৰ অসমতো গৰীয়া মুছলমানখিনিৰ লগত তথাকথিত মিঞা মুছলমানৰ মাজত এৰেঞ্জ বিবাহ প্ৰায় নাই বুলিব পাৰি । কৰ্ম ভিত্তিক বৰ্ণ বিভাজন ইউৰোপতো আছে । কাৰণ ইউৰোপতেই টেইলৰ ( ক্ৰিকেটাৰ মাৰ্ক টেইলৰ) , গাৰ্দিনাৰ ( অ’পেন ৱিনড’ ৰ লেখক এ জি গাৰ্দিনাৰ , বেকাৰ ( টেনিছ খেলুৱৈ বৰিছ বেকাৰ ) ইত্যাদি অজস্ৰ কৰ্মভিত্তিক শ্ৰেনীবিভাজনৰ উপাধি আছে ; অৰ্থাৎ সেই ঠাইবিলাকতো বৰ্ণবাদ নাছিল বুলি স্পষ্টকৈ কোৱা টান । তেনেস্থলত ভাৰতত স্বাধীনতাৰ পিছতো আন ধৰ্মান্তৰিত মানুহখিনিৰ ভিতৰত হিন্দুৰ সংখ্য কিয় সৰ্বাধিক ? ঔৰংগজেৱে তৰোৱালৰ আগত ধৰ্মান্তৰ কৰিছিল , কিন্তু সেই ঔৰংগজেৱ এতিয়া নাই । তেনেস্থলত ৰাজহুৱাকৈ তৰোৱালৰ আগত হিন্দুক মুছলমানলৈ ধৰ্মান্তৰকৰণ কৰাৰ উদাহৰণ নাই বুলি ধৰিব পাৰি । এতিয়া আহিলো খ্ৰীষ্টান ধৰ্মান্তৰকৰণলৈ ; খ্ৰীষ্টান মিছনেৰীসকলে এনজিঅ’ ৰ দৰে কাম কৰে । স্কুল খুলিব , হস্পিতল খুলিব , প্ৰাকৃতিক দুৰ্যোগত সাহাৰ্য্য দিব আৰু তেওঁলোকৰ এনেকুৱা অনুষ্ঠানত জড়িত পৰিয়ালৰ ঘৰত গৈ ঈশ্বৰ প্ৰাৰ্থনা কৰিব । ঈশ্বৰ মানে যীশু প্ৰাৰ্থনা । লাহে লাহে এনেকুৱা প্ৰাৰ্থনাই মানুহক যীশু প্ৰেমী কৰি তুলিব আৰু শেষত স্বইচ্ছাই এটা এটা পৰিয়ালে ধৰ্ম সলনি কৰিবলৈ সিদ্ধান্ত লয় । খ্ৰীষ্টান হোৱা মানুহখিনি বিভক্ত হৈ থাকে পাহাৰ বা ভৈয়ামৰ মতাদৰ্শত , বিভক্ত হৈ থাকে দলিত আৰু উচ্চজাতৰ ধাৰণাত ইত্যাদি । মুছলমানেই হওঁক বা খ্ৰীষ্টানেই হওঁক জাত – পাত , পাহাৰ – ভৈয়াম , পাঠান – অপাঠান , বিহাৰী – বঙালী এইবিলাকৰ পৰা কোনোটোৱেই মুক্ত নহয় । তৎস্বত্তেও জাত – পাতৰ ভিত্তিত একমাত্ৰ হিন্দুৰ পৰাহে ধৰ্মান্তৰ অধিক হয় । আমাৰ প্ৰত্যক্ষ অভিজ্ঞতা বৰ্ণনা কৰিম , সিদ্ধান্ত জনতাৰ । সিদ্ধান্ত শুনাবলৈ আমি বুদ্ধিজীবী নহয় ।
১/ হোমেন বৰগোহাঁই ডাঙৰীয়াই মাজুলীৰ কথা ৰাইজক অবগত কৰিছে । মাজুলীত ৰাস উৎসৱ হ’ব আৰু মাজুলীৰ লগতে অসম চৰকাৰৰ পৰ্যতন বিভাগে নলবাৰীৰ ৰাসকো বিশ্বদৰবাৰ বা ভাৰতৰ আন ৰাজ্যৰ মানুহৰ মাজত জনপ্ৰিয় কৰিবলৈ পৰিকল্পনা কৰিছে । সেয়ে মাজুলীৰ উপৰিও ৰাইজক নলবাৰীৰ বিষয়েও অৱগত কৰিবলৈ চেষ্টা কৰিম । নলবাৰীৰ আন এটা প্ৰচলিত নাম নৱদ্বীপ । নৱদ্বীপ গৈছে পশ্চিম বংগৰ এখন ঠাই । নৱদ্বীপ বিখ্যাত আছিল সংস্কৃত শিক্ষাত আৰু নলবাৰী অঞ্চলো ( অবিভক্ত কামৰূপ) বিখ্যাত আছিল সংস্কৃত চৰ্চাত । কামাখ্যা দেৱালয়ৰ পৰা আৰম্ভ কৰি পশ্চিম বংগলৈ বিভিন্ন দেৱালয়ত অবিভক্ত কামৰূপৰ এই অঞ্চলটোৰ পৰা যোৱা পুৰোহিত এজন হ’লেও আছে । নলবাৰী জিলাৰ শক্তিপীঠ এখনত আমি প্ৰায় ৩০ জনমান বন্ধুৱে লগ লাগি বছৰত এবাৰ ভোগ দিয়া অভ্যাস আছিল । পাচঁ – ছয় বছৰ ভোগ দিয়াৰ পিছত এবাৰ ভোগৰ সময়ত বেদনাদায়ক ঘটনা এটাৰ সন্মুখিন হ’লো । সেইবাৰ পূজা শেষ হওঁতে বহু পলম হৈছিল । বলি বিধান পৰ্ব শেষ হোৱা মানে প্ৰায় আবেলি পাঁচ বাজি গৈছিল । ভোগ গ্ৰহণৰ সময় আহিল । সদায় ভোগ বিলোৱা মানুহ কেইজনৰ বেছিভাগেই কিবা বিশেষ কাৰণত ইতিমধ্যে প্ৰস্থান কৰিছিল আৰু তেওঁলোক গুছি যোৱাৰ সময়ত আমাক মাত দিও গৈছিল । মন্দিৰত লাগি থকা পুৰোহিতৰ সহযোগী এজন ব্যক্তিয়ে আমাক অলপ অপেক্ষা কৰিবলৈ অনুৰোধ কৰে । কাৰণ বিলোৱা মানুহখিনি গুছি যোৱা কাৰণে অলপ অসুবিধা হোৱা বুলি দুখ প্ৰকাশ কৰে । মই ক’লো , ” দাদা , আমাৰ মাজৰ দুই তিনিজনে সহায় কৰি দিব দিয়ক ; আন্ধাৰো হৈ আহিছে । ”
” মেনেজ হ’ব ৰ’বা ” কৈ মানুহজন গুছি গ’ল ।
মানুহজনে মেনেজ কৰালৈ ৰৈ থাকিলোঁ । অলপ পিছত মানুহজন পুনৰ আহিল । আমাৰ লগৰ এজন মাতিলে আৰু কাণে কাণে কিবা কথা কোৱা যেন দেখিলোঁ ।
মই আমাৰ লগত যোৱা দাদাজনক সুধিলোঁ ।
“তেখেতে কি ক’লে শৰ্মা দা ? ”
” নাই একো নাই , আমাৰ লগত ব্ৰাহ্মণ ল’ৰা কোনোবা আছে নেকি সুধিলে । ”
” আপুনি কি ক’লে ? ”
” আছে ছয় সাতজন আছে , কিন্তু বাকী কেইজনক বিলাব নিদিলে বামুন ল’ৰা কেইজনে নিবিলাব । কাৰণ আমাৰ মাজত এইবিলাক নাই । ”
পুৰোহিতৰ সহযোগীজনে কষ্ট কৰি প্ৰায় পোন্ধৰ মিনিটমান পিছত বিলনীয়া মেনেজ কৰিলে আৰু আমাৰ ভোগ গ্ৰহণ সমাপন
হ’ল ।
বাকীৰ কথা নেজানো , সেইয়া আছিল মোৰ শেষ ভোগ দিয়া পৰ্ব । এতিয়া যাওঁ , মাৰ আশীৰ্বাদ লওঁ । নিজেই মাৰ চৰণত ফুল দিওঁ আৰু নিজেই মনোবাঞ্ছা নিৰৱে পাঠ কৰোঁ ।

২/ ‘ যুবতী অনামিকা গোস্বামী আৰু যুবক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে , সেয়ে কাকো নজনাই কামাখ্য ধামত দুয়ো দুয়োকে আজি মালা পিন্ধালে , আজি দুয়োৰে উজ্বল মুখ দুয়ো দুয়োৰে অতিব সুখ ….’
ভুপেন হাজৰিকাই প্ৰায় পঞ্চাশ বছৰ আগতেই গাইছিল ।
প্ৰায় ৫০ বছৰ হৈ গ’ল গীতটোৰ ৰচনাকাল । মানুহৰ সমস্যা , উচ্চ নীচ স্বীকৃত সমাজখন একেই আছে দুই এটা ঘটনাক বাদ দি । আকাশীযানেৰে মানুহ চন্দ্ৰ পোৱা দিনতো অনামিকা আৰু প্ৰশান্তৰ মাজত জাত পাতে বাধাৰ সৃষ্টি কৰিছিল । এতিয়া আকাশীযানে মংগল পালে তথাপি পৰিৱৰ্তন নাই । মোৰ বামুন বন্ধু এজনে যোৱা তিনি বছৰমান আগত ‘ কলিতা ‘ছোৱালী এজনী বিয়া কৰালে । প্ৰথমে মাকৰ ইচ্ছা নাছিল , তথাপি পুত্ৰস্নেহত ধুম ধামেৰে বিয়া পাতিলে । বহুদিন লগ পোৱা নাছিলো বন্ধুক । যোৱা বছৰ সিহঁতক বিয়া এখনত লগ পায় গ’লো । ছোৱালী এজনী জন্ম পাইছে । বহু সময় গল্প কৰিলোঁ দুয়োতাই । সি হেনো নিজৰ ঘৰত নেথাকে আজিকালি । ভাড়াঘৰ লৈছে । মাকে বোৱাৰীৰ হাতেৰে নেখায় । কাৰণ ভনিয়েকৰ বিয়াৰ কথা চলি আছে । কইনা চাব অহা মানুহৰ আপত্তি হ’ব পাৰে । এইবিলাক সঞ্চিত স্মৃতিৰ মাজত শিশুটো এদিন ডাঙৰ হ’ব আৰু ডাঙৰ হ’লে সি নিজৰ উপাধিটোক লৈ জানো গৌৰৱ কৰিব ?
৩/ ঘৰত হিন্দু মানুহে পূজা পাতাল কৰে , আমিও বছৰত দুই তিনিবাৰ পূজা কৰো । সত্য নাৰায়ন পূজা , শিৱ পূজা , বিষ্ণু হোম ইত্যাদি পূজা কৰো । পুৰোহিত আহে , পূজাৰ দিনাখন ব্ৰত ( লঘোন ) ত থকা যায় , গাওঁৰ ঘৰত খৱৰ দিলে সেইদিনাখন ‘ হাল ক্ষতি ‘ কৰে ইত্যাদি । পূজাৰ শেষত যেতিয়া আহাৰ গ্ৰহণ কৰাৰ কথা আহে তেতিয়া পুৰোহিতজনে আমাৰ ঘৰত চাগু বা চিৰাজাতীয় খাদ্য গ্ৰহণ কৰে , লগতে ভাইটিয়ে গুৱাহাটী শ্বেখ ব্ৰাদাৰ্চৰ পৰা অনা বিস্কুট আৰু মনোজ হোটেলৰ গোল্লা দিয়া হয় । পুৰোহিতজন আমাৰ আপোন মানুহৰ দৰে । মোৰ বিয়া , ভাইটিৰ বিয়াও তেওঁৰ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰাই সম্পন্ন হৈছিল । মই প্ৰশ্ন কৰা আৰম্ভ কৰিলোঁ । কিয় তেখেতে মোৰ ‘ মা ‘ ৰ হাতেৰে ভাত নেখায় । দেউতাহঁতে মোক খং কৰে । মই প্ৰশ্ন কৰা বাদ দিলোঁ আৰু তেওঁৰ ঘৰত পূজা থাকিলে তেওঁৰ সহযোগী ব্ৰাহ্মণজনে ৰন্ধা ভাত খাবলৈ মইয়ো বাদ দিলোঁ । পূজাৰ দিনা মই ৰাইচ কুকাৰত ভাত – দাইল – চব্জী নিজৰ কাৰণে বনাওঁ । যোৱা বছৰ মোৰ ভতিজাৰ অন্নপ্ৰসন্নত পুৰোহিত খুৰাক সহযোগী সমন্বিতে দেউতাই পূজা কৰিবলৈ আমন্ত্ৰণ কৰে । ৰাতিপুৱা ৯ বজাত পুৰোহিত খুড়া উপস্থিত হয় অকলে । সহযোগী ৰান্ধনি আহি পোৱা নাই । প্ৰায় দুইঘন্টা পিছত সহযোগী আহি পালে । সহযোগী মানে পুৰোহিতৰ পুত্ৰ । পুৰোহিত খুড়াই কোৱামতে আচল সহযোগীজন বিশেষ অসুবিধাত আহিব নোৱাৰিলে । পুৰোহিতৰ পুত্ৰ মোৰ চিনাকী । ২৩-২৪ বছৰ বয়সৰ সফল ডেকা । ওঁঠ ক’লা আৰু দুবাহুত ড্ৰেগন । তন্দুৰি চিকেন তেওঁৰ প্ৰিয় বুলি জানো , কাৰণ গধুলী ৮ বজাৰ পিছত দুই লিটাৰ পানী বটল , চিপস আৰু তন্দুৰি চিকেন সপ্তাহত প্ৰায় ৭ দিনেই বজাৰ কৰে । যিয়েই নহওঁক মই মৌণ আৰু দেউতা ধন্য ৰান্ধনিৰ হাতৰ আধা সিদ্ধ খাহীৰ মাংস খায় ।
অহাসপ্তাহত আমাৰ নাৰায়ণ পূজা কৰিব । মায়ে ক’লে __” বজাৰৰ লিষ্টখন লৈ যাবি , অহা বুধবাৰে হৰিমন্দিৰত পূজা হ’ব । ”
মই মাক প্ৰশ্ন নকৰিলোঁ যে এইবাৰ ঘৰত কিয় নহয় ।
মাজুলীত মিছনেৰী জাতীয় ব্যক্তিৰ আবিৰ্ভাব হোৱাৰ বহু দশক আগতেই অস্পৃশ্য ৰীতি নীতি চলি আছিল । এতিয়া স্থানীয় মানুহে গীৰ্জা সাঁজি উপাসনা পদ্ধতি সলনি কৰিলে । মাজুলীৰ আগতেই স্থানীয় মানুহে গীৰ্জাত উপাসনা কৰা দেখিছিলো ওদালগুৰিত । এতিয়া বাঁহেৰে নিৰ্মাণ কৰা গীৰ্জাও দেখিছো । অৰ্থাৎ নতুন নতুন মানুহে দীক্ষা লৈয়ে আছে । বাঁহৰ সাধাৰণ গীৰ্জা দেখিলে মনত প্ৰশ্ন জাগে __ কিছুমানে কোৱাৰ দৰে অকল চৌ ভৌ দেখিয়েই জানো মানুহে ধৰ্ম পৰিৱৰ্তণ কৰি আছে ? বড়ো বা মিচিং মানুহ সংগঠিত হৈ নতুন ধৰ্ম ল’লে বা লৈছিল ।

ধৰ্মান্তৰ মৌলিক অধিকাৰ , কিন্তু ভাৰতৰ দৰে দেশত ধৰ্মান্তৰকণক ভাৰত ৰাষ্ট্ৰৰ শত্ৰুৱে ভাৰতবিৰোধী ষড়যন্ত্রত ব্যৱহাৰ কৰাও দেখা যায় । আমেৰিকাত আন দেশৰ পৰা গৈ নাগৰিকত্ব পোৱা হিন্দু বা মুছলমান ব্যক্তি এজনে খ্ৰীষ্টানলৈ ধৰ্ম পৰিৱৰ্তণ কৰিলে বিশেষ আমেৰিকাৰ কাৰণে চিন্তনীয় নহয় । আমেৰিকা বা লণ্ডনত যিসকল স্থানীয় যুবক আইছিছৰ দৰে সংগঠনত জড়িত হৈ সন্ত্ৰাসবাদী কাৰ্য্য সংঘতিত কৰিছিল , সেইবিলাকৰ অধিকাংশই আছিল খ্ৰীষ্টানৰ পৰা ধৰ্মান্তৰিত হোৱা ব্যক্তি । এসময়ত বড়োভুমিত ভাতৃঘাতী সংঘৰ্ষও ধৰ্মান্তৰকৰণৰ ফল আছিল বুলি সেই সময়ত খৱৰ ওলাইছিল । বৰ্তমান সময়ত কেৰেলাৰ একাংশ ধৰ্মান্তৰিত ব্যক্তি আইছিছৰ দৰে সংগঠনৰ লগত জড়িত হোৱা বাতৰি
আহিছে । কিন্তু দোষবোৰ জানো মিছনেৰী , বিদেশী এনজিঅ , ঔৰংগজেৱ , খিলজী আদিক দি থাকিলেই সমস্যা সমাধান হ’ব ? ভাৰতৰ আন ৰাজ্যৰ কথা বাদেই দিলো যেনিবা , আমাৰ ৰাজ্যখনত এজন হিন্দু ল’ৰাই আন ধৰ্মৰ ছোৱালী বিয়া কৰালে আজিৰ সময়তো বহু পৰিয়ালে নববিবাহিতা দম্পতীক ঘৰ সোমাব নিদিয়ে কিয় ? গাওঁৰ সমাজখনে পৰিয়ালটোক এলাগি কিয় কৰে ? মন্দিৰৰ কোনো বিশেষ স্থানত তথাকথিত বিশেষ বৰ্ণৰ মানুহে কিয় প্ৰবেশ কৰিব পাৰে ? বিভিন্ন মন্দিৰত পূজাৰ ভোগ বনোৱা কৰ্মত সকলো হিন্দুৱে কিয় দায়িত্ব ল’ব নোৱাৰে ? অমুকে বনোৱা খাদ্য তমুকে খালে চুৱা যায় বুলি কিয় আজিও বিশ্বাস কৰা হয় ? এইবিলাক প্ৰশ্নৰ উত্তৰ আজিৰ পৰা ৫০ বছৰ আগত অতি কম সংখ্যক মানুহে জানিব বিচাৰিছিল । কিন্তু আজিৰ দিনত আত্মসন্মানত আঘাত দিয়া কামক দৰিদ্ৰ , দুৰ্বল এজনেও সহ্য নকৰে । স্বাভিমান , আত্মসন্মান এতিয়া অতি স্পৰ্শকাতৰ বিষয় । গতিকে এনেকুৱা স্পৰ্শকাতৰ বিষয়ক যদি বিসৰ্জন দিয়া নহয় তেন্তে অকল মাজুলীৰ মিচিং বা ওদালগুৰিৰ বড়োৱেই নহয় , অনাগত সময়ত কামৰূপৰ কলিতা আৰু কমতাপুৰৰ ৰাজবংশীসকলেও বিদ্ৰোহ ঘোষণা কৰিবলৈ সময় নেলাগিব । কাৰণ ব্ৰাহ্মণ্যবাদী কু- সংস্কাৰত ভুক্তভোগী মানুহক বৈষ্ণৱবাদত দীক্ষা নিয়াবলৈ আমাৰ মাজত শংকৰদেৱ নাই । অৰ্থাৎ শংকৰদেৱৰ অনুপস্থিতিত শংকৰদেৱৰ নামত চলি থকা সংগঠনবোৰেও একেই বাহ্মন্যবাদী , বৰ্ণবাদী আচৰণত লিপ্ত হৈছে । তেন্তে এই আত্নসন্মানত আহত হোৱা মানুহখিনি আন পন্থাত আশ্ৰয় ল’বলৈ বাধ্য হ’ব আৰু ধৰ্মান্তৰকৰণৰ এজেন্ট সকলেও ইয়াৰ পুৰ্ণ সুযোগ ল’ব ।