ভোটাৰৰ ‘খামোছ’ত থমকিল সপত্নীক শত্ৰুঘ্ন…

1785
  • বুবুল ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


এইবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা এটা কথা ফটফটীয়া হ’ল যে দেশত “মোদী চুনামী”য়ে তচনচ কৰা বিৰোধী শিবিৰে মূৰ ডাঙি উঠিবলৈ হয়টো আৰু কিছু বছৰ লাগিব।বাঘা বাঘা নেতা ৰণত পৰিল।সেইদৰে বলিউডৰ ৰণত পৰা তাৰকাৰ তালিকা খনো দীঘলীয়া।ৰাজ বব্বৰ,উৰ্মিলা মাতণ্ডকাৰ,প্ৰকাশ ৰাজ ইত্যাদিৰ পৰাজয় লেখত লবলগীয়া।তেনেদৰে নীৰৱ দৰ্শক হৈ থাকিল ২২ টা ৰাজনৈতিক দলৰ বহু চৰ্চিত মহা-জোঁট বন্ধন।মমতাৰ পৰা কেজৰিৱাল,অখিলেশৰ পৰা চন্দ্ৰবাবুলৈ মুঠৰ ওপৰত সকলোৱে মূৰে কপালে হাত দিছে।ৰাহুল গান্ধীৰ কথা নকলোৱেই যেনিবা!এতিয়া দেশত পদত্যাগৰ যোৱাৰ উঠিছে।
শত্ৰুঘ্ন সিনহা ২০১৪ চনৰ বিহাৰৰ পাটনা চাহিবৰ বিজেপি সাংসদ আছিল। কিন্তু নিজৰ দম্ভালিৰ বাবে বিজেপিৰ পৰা টিকট নাপাই তাৰকা সাংসদ জনে কংগ্ৰেছৰ শৰনাপন্ন হয়। মোদীৰ বিৰুদ্ধে অভিযোগ দিয়া,দল বিৰোধী কাৰ্যকলাপেৰে বাতৰিৰ শিৰোনামা দখল কৰি থকা নেতা গৰাকীয়ে ভবামতেই একে সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা টিকট লাভ কৰি ৰণত নামে।কিন্তু বিধিৰ বিপাক সকলোকে ‘খামোছ” কৰিব বিচৰা নেতাগৰাকীক সমষ্টিৰ ভোটাৰে ‘খামোছ’ কৰি দিলে!বিজেপিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদৰ হাতত ২,৮৪,৬৫৭ টা ভোটত পৰাজয় বৰণ কৰে।
একেদৰে শত্ৰুঘ্নৰ পত্নী পুনম সিনহাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰী ৰাজনাথ সিংৰ বিৰুদ্ধে।অখিলেশ যাদবৰ সমাজবাদী পাৰ্টীৰ টিকটত ৰণত নামি তেওঁ ৰাজনাথ সিংৰ হাতত ৩,৪৫,০২৩ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে।
বিজেপিত যে শত্ৰুঘ্ন সিনহাই সুযোগ পোৱা নাছিল তেনে নহয় , ৯০ৰ দশকত আদোৱানীয়ে তেওঁক লালু প্ৰসাদ যাদৱক প্ৰত্যহ্বান জনোৱাৰ দায়িত্ব দিছিল। সিনহাই বিহাৰৰ পৰা লালুক উৎখাত কৰিবলৈ সক্ষম নহ’ল। কেন্দ্ৰত যেতিয়া অটল বিহাৰী বাজপেয়ীৰ চৰকাৰ গঠন হ’ল তেতিয়া শত্ৰুঘ্ন সিনহাক প্ৰথমতে মন্ত্রী পদ দিয়া হোৱা নাছিল। সিনহাই সেই সময়তো দলৰ বিৰুদ্ধে গৈ মন্তব্য কৰা আৰম্ভ কৰে। চৰকাৰখনৰ  তিনি বছৰ সম্পূৰ্ণ হোৱাৰ আগে আগে বাজপেয়ী ডাঙৰীয়াই শত্ৰুঘ্ন সিনহাক স্বাস্হ্যৰ নিচিনা গুৰুত্বপূৰ্ণ দপ্তৰৰ কেবিনেট মন্ত্রী পাতে। কিন্তু স্বাস্হ্য মন্ত্রীৰ ৰুপত সম্পূৰ্ণৰুপে ব্যৰ্থ হয় তেওঁ। মাত্র ৬ মাহতে বাজপেয়ীয়ে তেওঁক স্বাস্হ্যৰ পৰা বদলি কৰি কম গুৰুত্বপূৰ্ণ জাহাজ দপ্তৰ প্ৰদান কৰে। সেইজন শত্ৰুঘ্ন সিনহাই ২০১৪ চনত পাটনা চাহাব সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যবধানত জয়ী হয়। তেওঁৰ ভুল ধাৰণা আছিল যে এই জয় তেওঁৰ নিজৰ ব্যক্তিত্বৰ বাবে হৈছে। ২০১৯ৰ ফলাফলৰ পিছত তেওঁ বুজি পালে ২০১৪ৰ জয় কাৰ বাবে সম্ভব হৈছিল।
মুঠৰ ওপৰত গণতন্ত্ৰত যে ৰাইজেই ৰজা পুনৰ প্ৰমাণ হ’ল।’খামোছ’ হৈ ৰ’ল সপত্নীক শত্ৰুঘ্ন সিনহা।দ্বিতীয়টো কাৰ্যকালত মোদী চৰকাৰে কেনেকৈ দেশৰ শাসনভাৰ চলাই সময়তহে গম পোৱা যাব।