শিক্ষকৰ ৰঙা চকুলৈ ভয় নকৰা শিক্ষামন্ত্ৰীৰ ডেৰ বছৰৰ খতিয়ান

2313
  • বুবুল ঠাকুৰীয়া

ড° হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰসুৰী হিচাপে শিক্ষা বিভাগৰ মন্ত্ৰীত্ব চম্ভালি লোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ কিছু কৰ্ম-কাণ্ড তথা মন্তব্যৰ বাবে অসমৰ শিক্ষা জগতত তেওঁৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। আইনৰ স্নাতক মন্ত্ৰী গৰাকীয়ে পূব-গুৱাহাটী সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত কংগ্ৰেছৰ ববিতা শৰ্মাক পৰাজিত কৰিছিল ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত।তাৰ আগতে তেওঁ ২০১৪ চনলৈ বি জে পি ৰ ৰাজ্যিক সভাপতি আছিল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বি জে পি ৰ মুখপাত্ৰও আছিল।
দল এটাৰ সভাপতি,দলৰ নেতা-পালিনেতাক নেতৃত্ব দিয়া আৰু চৰকাৰ এখনৰ শিক্ষাৰ দৰে বিভাগ এটা চলোৱাৰ মাজত আকাশ-পাতাল পাৰ্থক্য থাকে,যিটো হয়তো মন্ত্ৰী মহোদয়ে ভালকৈ বুজিয়েই উঠা নাই।এই কথা কবলগীয়া হৈছে তেওঁৰ শেহতীয়া কৰ্ম-কাণ্ড দেখি।অসমৰ শিক্ষা জগতৰ লাওলোৱা অৱস্থাৰ সৃষ্টি হৈছিল অসম গণ পৰিষদৰ চৰকাৰৰ দিনত।হাজাৰ হাজাৰ শিক্ষক নিযুক্তি,নেতা-পালিনেতাৰ অঙহী-বওহী,অযোগ্য জনক নিযুক্তি,মাহ-মাহ ধৰি বেতনৰ পৰা বঞ্চিত ইত্যাদিৰে অভিলেখ কৰিছিল সেই চৰকাৰ খনে।এনে পৰ্যায় পৰ্যন্ত পাইছিল যে দোকানত ও নিযুক্তি পত্ৰ ফটো কঁপি কৰি নিযুক্তি পাইছিল!এইয়া আমি শুনিছোঁহে বাৰু!পিছৰ পৰ্যায়ত কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীত্বত প্ৰায় বহু নিবনুৱা যুৱক-যুৱতীয়ে একমাত্ৰ শৈক্ষিক অৰ্হতা আৰু টেট পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ চুকে কোনে নিযুক্তি লাভ কৰিছিল।ভবা হৈছিল অসমৰ শিক্ষা খণ্ডত এক যুগান্তকাৰী পৰিবৰ্তন হব ! ক’তা? তেনেটো একো নঘটিল!চৰকাৰী খণ্ডৰ পৰিবৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ হে জয়জয়-ময় ময় অৱস্থা হ’ল।
এতিয়া আহোঁ মন্ত্ৰী ভট্টাচাৰ্য্য ডাঙৰীয়াৰ কাৰ্যকালত কি পালে অসমৰ শিক্ষা জগতে?
তেওঁৰ কেইটামান বিশেষ মন্তব্যৰে যুকিয়াই চাওঁ আহক-
#আগৰ চৰকাৰৰ সচিবালয়, বৰ্তমান চৰকাৰৰ জনতা ভৱনৰ কৰ্মচাৰী সেৱা সন্থাৰ মাজৰ যুঁজ!কাৰণ এজন জ্যেষ্ঠ সহায়কাৰীৰ নিলম্বন!মন্ত্ৰীৰ অভিযোগ-কৰ্তব্যত গাফিলটি।আৰু কৰ্মচাৰীজনৰ  নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ সেৱা সন্থাৰ আন্দোলন আৰু মন্ত্ৰীৰ মন্তব্য-আন্দোলনক মই কেৰেপ নকৰোঁ।
#নতুনকৈ শিক্ষাৰ দৰে বিভাগৰ মন্ত্ৰীত্বত উৎফুল্লিত হৈ অসমৰ বিভিন্ন স্কুল-কলেজৰ প্ৰতিনিধিয়ে তেওঁ অভিনন্দন জনাবলৈ গলত গামোচা দিছিল।তেওঁৰ মন্তব্য-মোক কোনেও টুপি পিন্ধাব চেষ্টা নকৰাই ভাল।
#প্ৰাদেশিকৰণ আৰু ২০১০ চনৰ পৰা অসমৰ বিভিন্ন ঠাইত নিযুক্তিপ্ৰাপ্ত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়া কৰণৰ আন্দোলন।তেওঁৰ মন্তব্য-শিক্ষকৰ ৰঙা চকুলৈ মই ভয় নকৰোঁ,শিক্ষকৰ কাম পাঠদান কৰা,পথত আহি আন্দোলন কৰিলে মই ব্যৱস্থা লম ইত্যাদি।
#অনুপম চক্ৰৱৰ্তীৰ লগত এটা সাক্ষাৎকাৰত নতুনকৈ মন্ত্ৰীত্ব পোৱাৰ পিছত কৈছিল-শিক্ষামন্ত্ৰী হোৱাৰ পিছত মোৰ গাৰ চামৰা গঁড়ৰ চামৰা সদৃশ হৈ পৰিছে।
এতিয়া আহোঁ তেওঁৰ কামৰ কিছু খতিয়ানলৈ-
১)পূৰ্বৰ মন্ত্ৰীৰ সূত্ৰতে গুণোৎসৱ পালন-প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুল পৰ্যায়লৈ।ফলাফল আগতকৈ উন্নত।মানে এ প্লাছ পোৱা বিদ্যালয়ৰ সংখ্যা বাঢ়িছে,ডি গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা কমিছে।
গুণোৎসৱৰ ফলাফল ওলোৱাৰ পিছতো কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰব্ৰজন ঘটিয়েই আছে।
২)বিদ্যালয় প্ৰদেশীকৰন প্ৰক্ৰিয়া ফাইলতে আবদ্ধ।বহুতো শিক্ষক বিনা বেতনে বৈকুণ্ঠগামী হবলগীয়া হৈছে।
৩)২০১০ চনৰ পৰা ঠিকাভিত্তিক শিক্ষক হিচাপে হাইস্কুল বোৰত শিক্ষকতা কৰি থকা ৬৫০০ শিক্ষক-শিক্ষয়িত্ৰীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিবলৈ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰন নহয় বুলি কোৱা মন্তব্যত অসমৰ শিক্ষা জগতত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
৪)অসমত পৰ্যাপ্ত বি এড কলেজৰ অভাৱ আৰু বি এড কলেজত নামভৰ্তিৰ যোগ্যতা আৰু নামভৰ্তিৰ মাচুল সঠিককৈ নিৰূপণ নকৰাত নতুনকৈ শিক্ষকৰ চাকৰি লাভৰ আশাত গৰিব আৰু নিবনুৱাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
৫)২০১২ চনত টেট উত্তীৰ্ণ একাংশৰ এতিয়ালৈকে চাকৰি নোহোৱা আৰু নিযুক্তি প্ৰাপ্ত একাংশৰ নিয়মীয়া কৰন নোহোৱাত পৰিস্থিতি ভয়াবহ হৈ পৰিছে।
৬)উচ্চ শিক্ষা সঞ্চালকলয়ত দুৰ্নীতিৰ পাহাৰ গঢ় লৈ উঠিছে।
৭)পেট আৰু পৰিয়ালৰ তাড়নাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিযুক্তি প্ৰাপ্ত শিক্ষক বদলিৰ প্ৰক্ৰিয়াত স্থবিৰতা লগতে পিছ দুৱাৰেদি একাংশৰ বদলি হৈ থকা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।যদিওবা প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক শিক্ষকৰ মাজত মিউছুৱেল বদলিৰ অনলাইন প্ৰথা আৰম্ভ কৰিছে,নিৰ্বাচনৰ বাবে তাতেও স্থবিৰতা আহি পৰিছে।
৮)একেদিনাই মাজুলীৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী অসমৰ বিভিন্ন জিলাৰ পৰা বদলি কৰি আনি গৃহ জিলাত সংস্থাপন কৰাত আন জিলাৰ শিক্ষক সমাজৰ মাজত সন্দেহৰ বীজ সোমাইছে।
৯)ব্লক পৰ্য্যায়ৰ পৰা সঞ্চালক পৰ্য্যায়ৰ প্ৰতিটো অফিচ,প্ৰতিখন টেবুলত টকাৰ টোপোলা নহলে ফাইল নুঘূৰে ইত্যাদি।
১০)হাইস্কুল,হাই মাদ্ৰাছা, আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উন্নত হৈছে যদিও সৰ্বভাৰতীয় পৰ্যায়ত সেয়া এপাচি শাকত এটা জলকীয়া সদৃশ হৈ পৰিছে।
১১)চিকিৎসা মহাবিদ্যালয় বাঢ়িছে,চিকিৎসক নাই,ৰোগী বাঢ়িছে,বাহিৰৰ ৰাজ্য ধনী হৈছে।
১২)ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় স্থাপিত হৈছে,কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নগণ্য।
১৩)ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগোৱাত ব্যৰ্থ,মাছুলৰ নিৰীখৰ কোনো সীমা নাই।যদিওবা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অষ্টম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে।
অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিবৰ্তন সাধিবলৈ হলে-আন্তঃগাঁঠনিৰ উন্নতিকৰণ, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়া,শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ-অভিযোগ দূৰ কৰা(তেতিয়াহে শিক্ষক এগৰাকী আন্দোলন নকৰি পাঠদানত মন দিব পাৰিব),কাৰ্যালয়বোৰৰ পৰা দুৰ্নীতি নোহোৱা কৰা,সময়মতে পাঠ্যপুথি,ইউনিফৰ্মৰ যোগান ধৰা,যোগ্যতাৰ ভিত্তিত শিক্ষক-শিক্ষয়িত্ৰীক পুৰস্কৃত কৰা(ইয়াত কৃতি শিক্ষকৰ ৰাজ্যিক বঁটাৰ কথা কোৱা নাই),বিভিন্ন ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে অধ্যয়ন কৰি সেইবোৰক কামত লগোৱা ইত্যাদি বাস্তৱ সন্মত পদ্ধতি অৱলম্বন কৰিব লাগিব।
অন্যথাই অসমৰ ইতিহাসত ব্যৰ্থ শিক্ষা মন্ত্ৰীৰ লেবেল খন লাগিবলৈ বেছি দিন নালাগিব।কিয়নো সময়ে কাকো সুদাই নেৰে।