শ্বেৰমান আলিক গালি পাৰি  জাতি ৰক্ষা জানো সম্ভৱ ?

1278
  • সন্দিপ বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মিঞা সকলৰ মাজত থকা অভিজাত শ্ৰেণীটোৰ সমস্যা হ’ল – ‘ মিঞা কবিতা ‘, মিউজিয়াম। সাধাৰণ মিঞা মানুহ এতিয়াও জীয়াই থকাৰ সংগ্ৰামত ব্যস্ত।  ৰাজনৈতিক নেতাৰ মিছা প্ৰলোভন আৰু ব্যৱসায়ী, মাতবৰ , মধ্যভোগীৰ শোষণৰ বলি প্ৰায় প্ৰতিজন খাটিখোৱা মিঞা মানুহ। চৰ-চাপৰিত প্ৰয়োজন শিক্ষা-স্বাস্থ্যৰ উন্নত পৰিকাঠামো, সংগঠিত কৃষি বজাৰ, যোগাযোগ ,আন্ত:গাথনিৰ উন্নয়ণৰ প্ৰয়োজন । তাত এই অভিজাত সকলে “মিঞা কবিতা”ৰ নামত, মিউজিয়ামৰ নামত অপ্ৰয়োজনীয় দাবী- বিতৰ্কৰ সৃষ্টি কৰি নিজৰ নিজৰ ৰাজনৈতিক এজেণ্ডাক শক্তিশালী কৰাৰ প্ৰয়াসহে কৰিছে ।
চেৰমান আলিয়ে অজন্তা নেওগ , আব্দুল খালেকক লগত লৈ ৰহিংইয়াক ভাৰতত সংস্থাপন কৰাৰ দাবীত অসম বিধানসভা চৌহদত  অনশন কৰা অসমৰ ৰাইজে দেখিছিল । ‘ কেব ‘ ৰ সময়ত ছাত্ৰ সন্থাৰ লগত আন্দোলন কৰাও অসমৰ ৰাইজে দেখিছে । বৰ্তমান সময়ত তেওঁ অসম চুক্তিৰ এজন গোড়া সমৰ্থক । ইমানৰ পিছত  তেওঁ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ কাৰণেও দাবী জনাইছে ।  আজিৰ ৰাজনৈতিক পৰিবেশত তেওঁতকৈ অধিক জাতীয়তবাদী নেতা হয়টো বহু কম হ’ব ।
ইতিহাস আৰু ভূগোল – এই দুটা বিষয়ৰ ওপৰত আজিৰ প্ৰজন্মৰ সম্যক ধাৰণা নাই বাবেই সমাজত ইমান ভুল বুজাবুজি। নিজৰ দেশ, ৰাজ্যৰ বিষয়ে এটা সুস্থ ধাৰণা গঢ়ি তুলিবলৈ দেশ আৰু ৰাজ্যৰ ভৌগলিক অৱস্থান আৰু তাৰ অতীতৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান থকাটো জৰুৰী।  ইতিহাসবিদ সকলৰ ভূল তথ্য আৰু ৰাজনীতিৰ বাবে সুবিধাজনক নেৰেটিভ সৃষ্টি কৰি নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ হোৱা  তথাকথিত “ঐতিহাসিক” তথ্য সমুহে সমাজত কেৱল ভ্ৰান্ত ধাৰণাই বিয়পোৱা নাই, ঘৃণাও বিয়পাই আছে । শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নহয় ঠিকেই, কিন্তু চৰ-চাপৰি মানেই যে মিঞা তাক আমি মানি ল’লো আৰু কলা লংপেণ্ট বগা চোলা পিন্ধি জাতিৰক্ষাৰ ভাওঁ নিদি মিঞা অধ্যূষিত অঞ্চলত উদয়াস্ত শ্ৰম কৰি সিহঁতক কামেৰে প্ৰত্যাহ্বান জনোৱা অসমীয়াখিনিৰ ত্যাগকো আমি অস্বীকাৰ কৰিলো৷ “শ্বেৰমান আলিয়ে চৰ-চাপৰি মানেই মিঞা বুলি কিয় ক’ব?” প্ৰতিবাদ এইটোলৈ হ’ব লাগিছিল৷ কিন্তু নহ’ল৷ অৰ্থ্যাৎ মানসিকভাৱে আমি চৰ-চাপৰিবোৰ মিঞাক গটাই দিলো! কিন্তু তাৰ অসমীয়া মানুহখিনিৰ শ্ৰমবোৰ? ত্যাগবোৰ? মিঞাই গ্ৰাস কৰা কৃষিখণ্ডত সমুখৰ পৰা যুঁজি অহা সেনানী তেওঁলোক৷ এইখিনি মানুহক অস্বীকাৰ কৰি, শ্বেৰমান আলিক গালি পাৰি  জাতি ৰক্ষা জানো সম্ভৱ ?