শ্রীলংকাত জেহাদিৰ আক্ৰমণ আৰু অৰ্থনৈতিক বিপর্যয়….

454
  • জাহ্নবী বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাৰতৰ প্রতিবেশী দ্বীপৰাষ্ট্ৰ শ্রীলংকাৰ অর্থনৈতিক বিপর্যয়ে সংবাদ শিৰোনাম দখল কৰিছে। অর্থনৈতিক দুৰৱস্থাৰ বাবে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৬০-৭০ শতাংশলৈ বৃদ্ধি হৈছে, সঘনাই বিজুলী কর্তন, অত্যাৱশ্যকীয় ঔষধজাত সামগ্ৰীৰ
নাটনি, নিত্য প্রয়োজনীয় সামগ্রীৰ নাটনি , পেট্ৰল ডিজেলৰ নাটনি ইত্যাদি অজস্ৰ বিপৰ্যয়ে শ্ৰীলংকাক বিপৰ্য্যয়ৰ সন্মুখিন কৰাইছে । কেতিয়াৰ পৰা, কিয়, কিহৰ বাবে এই
মহামন্দা? কি হ’ব পাৰে উদ্ধাৰৰ উপায়? শ্রীলংকাৰ
অর্থনীতিত অৰিহণা যোগোৱা এটা খণ্ড
হৈছে পর্যটন। এই উদ্যোগলৈ প্ৰথমটো সংকট আহে
ইছলামিক সন্ত্রাসবাদী সংগঠনে । ২১ এপ্রিল ২০১৯ চনত তিনিটা গির্জা আৰু তিনিখন পঞ্চতাৰকা হোটেলত কৰা আত্মঘাতী বোমা বিস্ফোৰণত ২৬৯ গৰাকী সাধাৰণ
লোকে আৰু ৪৫ গৰাকী পর্যটকে প্রাণ হেৰুৱায়। ফলত বন্ধ হয় পৰ্যটকৰ সোঁত শ্রীলংকালৈ। ২০২০ চনত অতিমাৰী কৰোনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় পর্যটন উদ্যোগ । চৰকাৰে গ্ৰহণ কৰা এটা ভুল নীতি হৈছে কৃষিখণ্ডত বাধ্যতামূলক জৈৱিক খেতিৰ প্ৰয়োগ। মে ২০২০ চনত ৰাজাপাকছে চৰকাৰে সাৰ, কেমিকেল আৰু আধুনিক অজৈৱিক খেতিক চৰকাৰীভাৱে নিষিদ্ধ কৰাৰ ফলত চাউল বা ধান ৰপ্তানি কৰা শ্রীলংকাই আমদানি কৰিবলগা হ’ল নিজৰ খাদ্য সংকট দূৰ কৰাৰ বাবে। বিশ্বৰ বজাৰত স্থান দখল কৰা তথা বৈদেশিক ধন আহৰণত সহায় কৰা শ্রীলংকাৰ চাহৰ উৎপাদন হ্রাস হয় ৫০ শতাংশ। এনেধৰণৰ অর্থনৈতিক বিপর্যয়ে কেৱল ২.২ কোটি লোক থকা ৬৫,৬১০ বর্গ কিঃমিঃ মাটিকালিৰে আবৃত অসমতকৈও সৰু দ্বীপ ৰাষ্ট্ৰখনক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ সময়তে সহজ বিদেশী ঋণ লৈ অভিলাষী আন্ত:গাঁথনিমূলক প্রকল্পৰে শ্রীলংকাক দ্বিতীয় চিংগাপুৰলৈ ৰূপান্তৰৰ সপোনে দ্বীপ ৰাষ্ট্ৰখনক তচনচ কৰি জীৱন-মৰণৰ সমস্যাৰ গৰাহলৈ লৈ গ’ল।