শ্ৰেষ্ঠ বিধায়কঃ শীৰ্ষত নলবাৰী, নাওবৈচা দ্বিতীয়

4750

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০১৬ চনত অসম বিধানসভাত প্ৰবেশ কৰিছিল দুকুৰিৰো অধিক প্ৰধমবাৰৰ বিধায়ক। এই বিধায়কলৰ ভিতৰত স্বাভাবিকতে সৰহসংখ্যক আছিল শাসকীয় বিজেপি দলৰ। ৪.৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া সময় এই বিধায়ক সকলৰ পাৰদৰ্শিতা সম্পৰ্কে ৰাইজৰ মতামত লোৱাৰ। যোৱামাহৰ ৰাজনীতি অসমৰ অ’পিনিয়ন প’লৰ জড়িয়তে আমি জানিব বিচাৰিছিলো এই নতুন বিধায়কসকলৰ ভিতৰত কোন শ্ৰেষ্ঠ ? আমাৰ তালিকাত আছিল বচা বচা ৮জন বিধায়কৰ নাম। ৰাইজৰ প্ৰিয় বিধায়কজন আমাৰ তালিকাত নাথাকিলে ‘অন্য’ হিচাপে আমি আন এক বিকল্প ৰাখিছিলো। আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজে দিলে ব্যাপক সহাৰি। এই চেগতে আমি ধন্যবাদ জনাইছো আমাৰ অ’পিনিয়ন প’লত ভাগ লোৱা প্ৰতিজন ব্যক্তিলৈ।
আমাৰ অ’পিনিয়ন প’লত সকলোতকৈ বেছি ৪৫.১% ভোট লাভ কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। খুব সহজ সৰল জীৱন কটোৱা শৰ্মা আজি বহু দশক ধৰি সংঘৰ লগত জড়িত। ২০০৬ চনত তেওঁ নলবাৰী বিধানসভাৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৮, ৬২৩ টা ভোট লাভ কৰি শৰ্মা আছিল তৃতীয় স্থানত। সেইবাৰ শেষ হাঁহি মাৰিছিল ৫৫,১০৪টা ভোট পাই অগপৰ অলকা শৰ্মাই। দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ মদন কলিতা। ২০১৬ বিধানসভাত অশোক শৰ্মাই ৯৯,১৩১ টা ভোট লাভ কৰি নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰদ্যুত ভূঞাক ৫০ হাজাৰতকৈ অধিক ভোটত পৰাস্ত কৰিছিল। যোৱা ৪.৫ বছৰত নলবাৰীত মেডিকেল কলেজ স্হাপন , হৰিমন্দিৰৰ কাষৰ উৰণীয়া সেতু নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ উন্নয়ন আছিল অশোক শৰ্মাৰ উল্লেখযোগ্য উপলব্ধি।
নাওবৈছাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে অশোক শৰ্মাক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। মামুন ইমদাদুলে লাভ কৰে ৪৩.৯% ভোট। ২০১৬ চনত তেওঁ বিজেপিৰ ৰাও গজেন্দ্ৰ সিংক  ১২৩৩ টা ভোটত পৰাস্ত  কৰি বিধানসভালৈ নিৰ্বাচিত হয়। ২০১১টো এ.আই.ইউ.দি.এফৰ নেতাজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কংগ্ৰেছৰ সঞ্জয় ৰাজ চুব্বাৰ হাতত প্ৰায় ৬ হাজাৰ ভোটত পৰাজিত হৈছিল। এম.এছ.চি আৰু এল.এল.বি ডিগ্ৰী থকা এই যুৱ বিধায়কজনৰ বয়স মাত্র ৪০ বছৰ। বিধানসভাৰ বাহিৰে ভিতৰে সকলোতে সৰব হৈ থকা বিধায়কজনৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।
শ্ৰেষ্ঠ নব বিধায়কৰ অ’পিনিয়ন প’লত ৫.৭% ভোট লাভ কৰি তৃতীয় স্থানত থাকে বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকা। বকোৰ কংগ্ৰেছী বিধায়ক নন্দিতা দাসে পায় ১.৬% ভোট, বিজেপিৰ মৃণাল শইকীয়া আৰু শিলাদিত্য দেবে পায় ক্ৰমে ১% আৰু ০.৫% ভোট।