শ্ৰেষ্ঠ মুখ্যমন্ত্রীঃ অসমৰ ৰাইজৰ প্ৰথম পচন্দ কেজৰীৱাল

828

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত আমি জানিব বিচাৰিছিলো ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী কোন? সততে ৰাষ্ট্ৰীয় মাধ্যমত চৰ্চিত মুখ্যমন্ত্রী কেইজন আমি তালিকাত অন্তৰ্ভুক্ত কৰিছিলো। সেইসকল হ’ল অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, দিল্লীৰ অৰবিন্দ কেজৰীৱাল, ওড়িচ্ছাৰ নৱীন পাটনায়ক, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ, পশ্চিম বংগৰ মমতা বেনাৰ্জী, তামিলনাডুৰ ষ্টেলিন, ছত্তিছগড়ৰ ভূপেশ বাঘেল আৰু কেৰেলাৰ পিনাৰায়ী বিজয়ন। অসমৰ ৰাইজে ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত অংশ গ্ৰহণ কৰা এই অ’পিনিয়ন প’লত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয় অসমৰ মুখ্যমন্ত্রী আৰু দিল্লীৰ মুখ্যমন্ত্রীৰ মাজত। অবশেষত অতি কম ভোটৰ ব্যবধানত পৰাজিত হয় অসমৰ মুখ্যমন্ত্রী ড° শৰ্মা। কেজৰীৱালে ৩২.৭% ভোট লাভ কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্রীজনে লাভ কৰে ২৯.১% ভোট। ইয়ে প্ৰমাণ কৰে যে কেজৰীৱালে দিল্লীত যি উন্নয়নমূলক কাম কৰিছে বিশেষকৈ শিক্ষা আৰু স্বাস্হ্য খণ্ডত, তাক অসমৰ বহু লোকে প্ৰশংসা কৰিছে। আমাৰ অ’পিনিয়ন প’লৰ চুৰান্ত ফলাফল এনে ধৰণৰঃ
অৰবিন্দ কেজৰীৱাল ৩২.৭%
ড° হিমন্ত বিশ্ব শৰ্মা ২৯.১%
নবীন পাটনায়ক ১০.৯%
যোগী আদিত্যনাথ ৯.১%
মমতা বেনাৰ্জী ৭.৩%
ষ্টেলিন ৫.৫%
পিনাৰায়ী বিজয়ন ৩.৬%
ভূপেশ বাঘেল ১.৮%
আমাৰ অ’পিনিয়ন প’লত থকা একমাত্র কংগ্ৰেছ মুখ্যমন্ত্রী ভূপেশ বাঘেলে খুব কম ভোট লাভ কৰিলে। আনহাটে ৰাষ্ট্ৰীয় পৰ্য্যায়ত মোদীৰ উত্তৰাধিকাৰীৰ প্ৰবল দাবীদাৰ যোগী আদিত্যনাথে লোকেল হিৰো হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে।