শ্ৰেষ্ঠ মুখ্যমন্ত্রীঃ সোণোৱালে পালে ৪৮% ভোট

1906

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আগষ্ট ২০২০ ৰ অ’পিনিয়ন প’লত আমি জানিবলৈ চেষ্টা কৰিছিলো কোন অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী। ১৯৮৩ চনৰ পৰা ২০২০ চনলৈ অসমত চাৰিজন ৰাজনেতাই মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হয়।  হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ এজনক নিৰ্বাচিত কৰাৰ বিকল্প আছিল ৰাইজৰ হাতত।  আমাৰ অ’পিনিয়ন প’লত সৰ্বাধিক ভোট লাভ কৰে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। সোণোৱাল তথা আন প্ৰাক্তন মুখ্যমন্ত্রী সকলে লাভ কৰা ভোট এনে ধৰণৰঃ
১) সৰ্বানন্দ সোণোৱাল ৪৭.৮%
২) তৰুণ গগৈ- ৩৮.৮%
৩) প্ৰফুল্ল কুমাৰ মহন্ত- ১০.৪%
৪) হিতেশ্বৰ শইকীয়া – ৩%
এই অ’পিনিয়ন প’লৰ ফলাফলে সমাগত বিধানসভা নিৰ্বাচনৰ ফলাফল কোন দিশে যাব তাৰ উমান দিয়া যেন অনুমান হয়। ৫ বছৰ পিছতো প্ৰতিষ্ঠান বিৰোধী ঢৌৱে সোণোৱাল চৰকাৰক চুব পৰা নাই। সোণোৱালে নিজৰ ইমেজ ধৰি ৰাখিবলৈ সক্ষম হৈছে। অসমৰ ইতিহাসত দীৰ্ঘতম সময়ৰ বাবে মুখ্যমন্ত্রী হোৱা তৰুণ গগৈতকৈ সোণৱাল ৯% ভোটত আগবঢ়া কথাটোৱে ইয়াক প্ৰমাণ কৰে। নিৰ্বাচনলৈ ৭ মাহ থকা সময়ত কব পাৰি যে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত কোনো সাংঘাতিক বিষাদগাৰ নাই। প্ৰফুল্ল কুমাৰ মহন্তক বহু সময়ত গুপ্তহত্যাৰ খলনায়ক সজোৱা হয়। কিন্তু ১০.৪% ভোট পাই মহন্তই প্ৰমাণ কৰিলে যে অসমৰ ৰাজনীতিত এতিয়াও তেখেতৰ প্ৰাসঙ্গিকতা আছে। যিহেতু মহন্তৰ অগপ দল বিজেপিৰ লগত মিত্রতাত আবদ্ধ সেয়ে সোণোৱাল আৰু মহন্তই যৌথ ভাবে ৫৮.২% ভোট পোৱাৰ বিপৰিতে কংগ্ৰেছৰ মুখ্যমন্ত্রী দুজনে ভোট পাইছে ৪১.৮%। ইয়াৰ পৰা স্পষ্ট হৈছে যে বৰ্তমানলৈ বিজেপি মিত্রজোঁট কংগ্ৰেছ মিত্রজোঁটতকৈ আগবাঢ়ি আছে। অবশ্যে ৰাজনৈতিক পট পৰিবৰ্তন হবলৈ বেছি সময় নালাগে।