শ্ৰেষ্ঠ সাংসদঃ গৌৰৱ প্ৰথম, দ্বিতীয় দিলীপ

1645

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


ভাৰতৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৯ চনত। অসমৰ পৰা নিৰ্বাচিত ১৪জন সাংসদৰ ভিতৰত ৯ জন আছিল বিজেপিৰ, ৩ জন কংগ্ৰেছৰ, এআইইউদিএফৰ এজন আৰু এজন নিৰ্দলীয় আছিল। যোৱা দুবছৰত তেওঁলোকৰ কাম কাজকলৈ ৰাইজ কিমান সন্তুষ্ট সেয়া জানিবলৈ আমি যোৱা মাহত কৰিছিলো অপিনিয়ন প’ল। ১ ছেপ্তেম্বৰ ২০২১ৰ পৰা ২০ ছেপ্তেম্বৰ ২০২১লৈ চলা আমাৰ অ’পিনিয়ন পলৰ প্ৰতি ৰাইজৰ সহাৰি আছিল অভূতপূৰ্ব। আমাৰ অ’পিনিয়ন প’লৰ ফলাফল আছিল এনে ধৰণৰঃ
১৩.৩% ভোট পাই শীৰ্ষ স্থান দখল কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। আজিৰ পৰা প্ৰায় ৩ বছৰ আগৰ অ’পিনিয়ন প’লটো গৌৰৱে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ আন সাংসদ কেইজনমানে তেওঁক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ১২.৪% ভোটেৰে দ্বিতীয় স্থানত আছে মংগলদৈৰ প্ৰতিনিধি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া। তৃতীয় স্থানত আছে অসমৰ প্ৰাক্তন মন্ত্রী তথা তেজপুৰৰ সাংসদ পল্লৱলোচন দাস। দাসে লাভ কৰে ১১.৫% ভোট। বৰপেটাৰ সাংসদ আব্দুল খালেকে ১০.৬% ভোটেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। পঞ্চম স্থানত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। বৰুৱাই লাভ কৰা ভোটৰ পৰিমান আছিল ৯.৭%।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু নগাঁওৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৮.৮% ভোটেৰে ষষ্ঠ স্থানত থাকে। ৮% ভোট লাভ কৰে শিলচৰৰ ৰাজদ্বীপ ৰয়ে। ৰয় আছে সপ্তম স্থানত। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী ‍আছে অষ্টম স্থানত। তেলীয়ে লাভ কৰে ৭.১% ভোট। ৫.৩% ভোট লাভ কৰি নবম স্থানত আছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। দশম স্থানত আছে কোকৰাঝাৰৰ পৰা সাংসদ নৱ শৰণীয়া। নৱ শৰণীয়াই ৪.৪% ভোট লাভ কৰে।
এতিয়া আহো শেষৰ ৪ জনলৈ। ০.৯% ভোটেৰে অন্তিম স্থানত আছে যোৰহাটৰ সাংসদ তপন গগৈ। গুৱাহাটীৰ সাংসদ কুইন ওঝাৰ প্ৰদৰ্শনকলৈ সমষ্টিবাসী সিমান উৎসাহিত নহয়। শ্ৰীমতী ওঝাই ১.৮% ভোটেৰে ১৩ নম্বৰ স্থানত আছে। কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই পায় ২.৭% ভোট। মাল্লা আছে ১২ নম্বৰ স্থানত। ডিফুৰ সাংসদ হৰেণ সিং বেই লাভ কৰে ৩.৫% ভোট। হৰেণ সিং বে তালিকাৰ ১১ নম্বৰ স্থানত আছে।
এয়া আছিল আমাৰ অ’পিনিয়ন প’লৰ ফলাফল। লোকসভা নিৰ্বাচনলৈ মাজত ৩ বছৰতকৈও কম সময় আছে। ৰাইজৰ সমৰ্থন হেৰুওৱা সাংসদ সকলে হাতে কামে নালাগিলে বিপদ অনিবাৰ্য্য।