শৰদ পাৱাৰ নে ললিতা পাৱাৰ?

1946
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


সদ্য প্ৰয়াত বিজেপি নেত্রী সুষমা স্বৰাজে প্ৰাক্তন প্ৰধানমন্ত্রী দেৱগৌড়াৰ আস্থাভোটৰ বিতৰ্কত  ভাগ লৈ কৈছিল “য়ে জো য়াহা পে বৈথা হে শৰদ পাৱাৰ ; ৱো শৰদ পাৱাৰ কা ভূমিকা নেহি নিভা ৰহা হ্যে…অগৰ  ৱো কিছিকা ভূমিকা নিভা ৰহা হে তো ৱো হে ললিতা পাৱাৰ কা”।  গোটেই সদনত হাঁহিৰ গিৰ্জনি। এনেকুৱা পাঞ্চ লাইন হয়তো আজিলৈকে কোনো ৰাজনীতিবিদে সদনত দিব পৰা নাই। অটল বিহাৰী বাজপেয়ীৰ তেৰ দিনৰ চৰকাৰৰ পতনত মুখ্য ভুমিকা গ্ৰহণ কৰা শৰদ পাৱাৰক ৰামায়ণ ধাৰাবাহিকত মন্থৰাৰ চৰিত্রত অভিনয় কৰা ললিতা পাৱাৰৰ লগত তুলনা কৰিছিল সুষমা স্বৰাজে। সকলোতকৈ বৃহৎ দল হোৱা স্বত্বেও চৰকাৰ গঠন কৰিবলৈ গৈ মুখ ঠেকেছা খাইছিল বিজেপিয়ে। সেইসময়ত কংগ্ৰেছৰ বিচক্ষণ নেতা শৰদ পাৱাৰে কৰিছিল বেহু ৰচনা।
প্ৰায় ২৩ বছৰৰ মুৰত অনুৰুপ অৱস্থা মহাৰাষ্ট্ৰত। বিজেপি-শিৱসেনা যুতিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু চৰকাৰ হ’ল সেনা, এন.চি.পি আৰু কংগ্ৰেছৰ। ইয়াৰ আঁৰৰ মুল মানুহজন হ’ল শৰদ পাৱাৰ। নিৰ্বাচনৰ ফলাফলৰ পিছদিনাৰ পৰাই শিৱসেনাক গোপনে দিছিল মুখ্যমন্ত্রীৰ প্ৰস্তাব। সেয়েহে শিৱসেনা নিজৰ ৫০-৫০ ফৰ্মুলাত আকোৰগোজ হৈ থাকিল। বিজেপিৰ হাজাৰ চেষ্টা বিফল হ’ল। শিৱসেনা, এন.চি.পি আৰু কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ ঠিক আগে আগে খেলিলে আৰু এক খেলা। ভতিজা  অজিত পাৱাৰৰ হতুৱাই ৰচনা কৰিলে বিজেপিৰ সৈতে চৰকাৰ গঠনৰ নাটক। পাৱাৰৰ ভাণ্ডত ভৰি দিলে বিজেপিৰ চানক্য অমিত শ্বাহ। এক গুলীত কেইবাটাও চিকাৰ পাৱাৰৰ। চৰকাৰ গঠনৰ নাটক আৰু পিছত অজিতক পদত্যাগ কৰাই কংগ্ৰেছ আৰু শিৱসেনাৰ চকুত হিৰো হ’ল শৰদ পাৱাৰ। লগতে ভিতিগ্ৰস্থ শিৱসেনাৰ পৰা উপ মুখ্যমন্ত্রীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ আদায় কৰিব তেওঁ। চাৰি পাছ দিন ধৰি ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ টিআৰপিৰ কাৰণ হৈ পৰিল পাৱাৰ। ইমানতে শৰদ পাৱাৰ সন্তুষ্ট নেকি? নিশ্চয় নহয়। তেওঁ জানে যে শিৱসেনাৰ লগত এই চৰকাৰ বেছি দিন নিটিকে। দুৰ্বল উদ্ধৱ থাকৰেক তেওঁ কেইমাহ মান নচুৱাব। এবছৰৰ ভিতৰত মহাৰাষ্ট্ৰৰ নিৰ্বাচন অবধাৰিত আৰু অহা নিৰ্বাচনত বিজেপি-শিৱসেনাৰ মিত্রতা অসম্ভব। পৃথকে নিৰ্বাচন খেলিলে শিৱসেনাৰ শোচনীয় পৰাজয়ৰ লগতে বিজেপিৰো লোকচান হ’ব।  এন.চি.পি মহাৰাষ্ট্ৰত কংগ্ৰেছতকৈ আগবাঢ়ি আছে। সেয়েহে অহাবাৰ সৰ্ববৃহৎ দল ৰুপে আত্মপ্ৰকাশ কৰি নিজৰ দলৰ মুখ্যমন্ত্রী বনাব পাৱাৰে। কথা ইমানেই। মোদী শ্বাহে বুজি পাইছে যদিও  বহুত দেৰি হৈ গ’ল। অজিত পাৱাৰে ইতিমধ্যে বিজেপিৰ পবিত্র গংগাত গা ধুই পেলালে। এজন মাৰাঠীৰ সন্মুখত দুজন গুজৰাটী হাৰি থাকিল। সুষমা স্বৰাজলৈ আজি বহুতৰে মনত পৰিব।