শৰ্মাৰ সপক্ষে ৮৪%, গগৈৰ ৭৮%

1754

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ যোৱা মাহৰ প্ৰশ্ন আছিল ২০২১ চনত তিতাবৰ আৰু জালুকবাৰী বিধানসভা সমষ্টি দুটাৰ পৰা কোন জয় হ’ব? ৰাইজৰ মতামতৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ
জালুকবাৰীৰ কিং হিমন্ত বিশ্ব শৰ্মা
২০০১ চনৰ পৰা ধাৰাবাহিক ভাবে জালুকবাৰী য়ে নিৰ্বাচিত কৰি আহিছে অসমৰ প্ৰবল প্ৰতাপী নেতা হিমন্ত বিশ্ব শৰ্মাক। যোৱা ১৯ বছৰৰ বেছিভাগ সময় তেখেত অসম মন্ত্রীসভাৰ সদস্য হোৱাৰ সৌভাগ্য লাভ কৰে। জালুকবাৰীত তেখেতৰ জয়ৰ ব্যবধান প্ৰত্যেক বছৰে বৃদ্ধি পাইছে। এনে পৰিস্থিত ২০২১ত তেখেতে যদি জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তাৰ ফলাফল কেনেকুৱা হ’ব? তেখেতে যে পুনৰ জালুকবাৰীৰ পৰা নিৰ্বাচিত হ’ব তাত হয়তো বেছিভাগ মানুহৰে সন্দেহ নাই কিন্তু জয়ৰ ব্যবধান কিমান হ’ব তাক জানিবলৈহে যেন সকলো উৎসুক। প্ৰত্যাশিত ভাবেই ৮৪% ৰাইজে জালুকবাৰীত বিজেপি জয় হ’ব বুলি মত পোষন কৰিলে। বাকী ১৬% লোকেহে কংগ্ৰেছ বা অন্য জয়ী হ’ব বুলি ভাবে।
তিতাবৰত তৰুণ গগৈ জিন্দাবাদ
যোৱাবাৰ তৰুণ গগৈৰ বিৰুদ্ধে বিজেপিয়ে ৰণত নমাইছিল শক্তিশালী কামাখ্যা প্ৰসাদ তাছাক। তথাপিও গগৈ মহোদয়ে অনায়াসে জয় লাভ কৰিছিল। গগৈ দেৱে ৰাজনীতিৰ পৰা অবসৰ ল’ব বুলি খবৰ ওলায় থাকে । তথাপিও এই মুহুৰ্তত তেখেতই পুনৰ তিতাবৰৰ পৰা কংগ্ৰেছ  প্ৰাৰ্থী হ’ব যেন লাগে। ৰাইজৰ মনৰ কোনো সন্দেহ নাই যে ২০২১ত কংগ্ৰেছ পুনৰ তিতাবৰত জয়ী হ’ব। ৭৬% ৰাইজে তিতাবৰত তৰুণ গগৈ পুনৰ জয়ী হ’ব বুলি ধাৰণা কৰিছে। এইখিনিতে কৈ থোৱা ভাল হ’ব যে যিখিনি মানুহে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা জয়ী হ’ব বুলি কৈছে একেখিনি মানুহে কিন্তু তিতাবৰত গগৈৰ সপক্ষে ভোট দিছে। অসমৰ মানুহৰ ৰাজনৈতিক নিৰপেক্ষতাৰ সলাগ লবই লাগিব।