সকলোৱে য’ত আছে তাতেই থকাটো মংগল: দিগন্ত কুমাৰ ভট্টাচাৰ্য

1485
  • দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আমাৰ নলবাৰীৰ ঘৰত বন কৰা বাইগৰাকীৰ পুতেকজন -কমল। সি পুনেত থাকে। ইয়াতে ছয়বছৰ হ’ল। ছিকিউৰিটি গাৰ্ড হিচাপে ইয়াৰে কোম্পেনী এটাত কাম কৰে।
লকডাউনৰ মাজতে যোৱা সপ্তাহত ফ’ন কৰি তাৰ খবৰ ল’লোঁ। পইচা-পাতিৰ অভাৱ হৈছে যদি জনাবলৈ ক’লোঁ। এতিয়া অসমলৈ ঘূৰি যোৱাৰ কিবা কথা ভাবিছে নেকি, সেয়াও সুধিলোঁ।
তেতিয়া সি যিখিনি কথা ক’লে, তাৰ সাৰমৰ্মখিনি এনেধৰণৰ-
সি যোৱামাহৰ দৰমহা পাইছে। এইমাহৰ এতিয়ালৈকে পোৱা নাই। কোম্পেনীও যিহেতু কিছুদিন বন্ধ থাকিব আৰু প্ৰায়ভাগ কৰ্মীয়ে ঘৰৰপৰা কাম কৰিব, এতিয়া থকা ইমান কেইজন ছিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন নহ’ব বাবেই বহুকেইজনৰ চাকৰিও যাব পাৰে। কিন্তু আৰু তিনি-চাৰি মাহ ঠিকে-ঠাকে চলি থাকিবলৈ তাৰ অসুবিধা নহ’ব। ছিকিউৰিটি গাৰ্ডেই হওঁক বা আন কিবা সৰু চাকৰি কৰি থকাই হওঁক, চাকৰি গ’লেও (বা কাম নোহোৱা হৈ গ’লেও) আঢ়ৈহাজাৰ কিল’মিটাৰ দূৰৈত থাকি যদি কোনো এজনে পৰৱৰ্ত্তী দুই-তিনিমাহৰ কাৰণে নিজকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰে, তেনেহ’লে ইমান দূৰৈত থকাতকৈ নিজৰ ঠাইত থকাই ভাল। এতিয়া সি ঘৰলৈ যোৱাৰ কথা ভবা নাই। চাকৰি গ’লেও দুই-তিনিমাহৰ পাছত ভাবিব। এতিয়া অসমলৈ গ’লেও যে হঠাতে তাত কাম পাই যাব, সেয়াও নহয়। তাতো একেই হ’ব অৱস্থা। বৰং ইমানদূৰ ঘূৰি-ফুৰি যোৱাটোহে ঘৰৰ বা ওচৰৰ আন মানুহলৈ বেছি ৰিস্কি।
তাৰ কথাখিনি ভাল পালোঁ। ময়ো সেইটোকেই ভাবি আছিলোঁ। নিজৰ ঠাইত ইমানো কাম নোহোৱা হৈ গৈছে নে যে মানুহে দুই-তিনিহাজাৰ কিল’মিটাৰ আঁতৰৰ ঠাই এখনলৈ অকল পেটে-ভাতে খাই থাকিবলৈহে আহিব লগা হৈছে আৰু দহ-পোন্ধৰ দিন কাম বন্ধ হোৱাৰ লগে লগেই আকৌ নিজৰ ঠাইলৈ ইমান দূৰ খোজ কাঢ়ি যাবলৈও কুন্ঠাবোধ নকৰে। কথাখিনি ভাবিবলগীয়া।
যদি একেবাৰে উপায়হীন হৈ পৰা নাই, মোৰ বোধেৰে সকলোৱে বৰ্তমান য’ত আছে তাতেই থকাটো নিজৰ ঠাইখনৰ কাৰণেই মংগল। অসমৰ ছবিখন দেখিয়েই কৈছোঁ। যিসকলৰ আন উপায় নাই, সেইটো বেলেগ কথা।