সভাপতি হ’ব কোন ? বচ্চন নে শ্বাহৰুখ ?

1571

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)


কংগ্ৰেছ দলত এতিয়া ডাঙৰ সমস্যা। ৰাহুল গান্ধী সভাপতি পদৰ পৰা পদত্যাগ কৰিলে। অনেক কাকূতি মিনতি কৰাৰ পিছতো তেওঁ নিজৰ সিদ্ধান্তত অটল। উপায় বিহীন হৈ দলৰ বৈথক আৰম্ভ হ’ল। ৯০ বছৰীয়া মোতীলাল ভোৰাৰ বাদে কোনো এজনেও সভাপতিৰ বাব লবলৈ ইচ্ছা কৰা নাই। উপায় বিহীন হৈ সকলোৱে সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত ল’লে যে ৰাজনীতিৰ পৰা বাহিৰত থকা কোনো বিশেষ ব্যক্তিক এই পদ গ্ৰহণ কৰিবলৈ আমন্ত্রন জনোৱা হওক। কথা মতেই কাম। সিদ্ধুক দায়িত্ব প্ৰদান কৰা হ’ল। তেওঁ বিশেষ ব্যক্তি সকলৰ তাত গৈ তেওঁলোকক এই বাব লবলৈ অনুৰোধ জনাব। প্ৰথমতে সিদ্ধু উপস্হিত হ’ল বিগ বিৰ ঘৰত।

(১)
অমিতাভ বচ্চনঃ আপোনালোকৰ মহানুভবতা দেখি আনন্দিত হ’লো। কিন্তু আপোনালোকে মোক কিয় সভাপতি পাতিব বিচাৰে? মই আপোনাক চাৰিটা অ’পচন দিম:
a) দলক শৃ্খলাবদ্ধ কৰিবলৈ এজন ডন লাগে।
b) শ্বাহক পৰাজিত কৰিবলৈ শ্বাহেনচাহক লাগে
c) কেম্পেইনিংৰ বাবে ঐশ্বৰ্য্যাক দৰকাৰ হ’ব।
d) ময়ো  বুজি পাও সন্তানৰ বিফলতাই মনত কিমান আঘাত দিব পাৰে..
সিদ্ধু: লাইফলাইন ল’ব পাৰিম নেকি? ফ’ন এ ফ্ৰেইণ্ড
অমিতাভঃ কান ফোন কৰিব?
সিদ্ধু: গান্ধী মেডামক।
অমিতাভঃ আপোনাক বহুত ধন্যবাদ। সভাপতি হ’লে ময়ো এনেকে ‘ফোন এ গান্ধী’ কৰি থাকিব লাগিব।
(২)
ৰতন টাটাঃ সভাপতিৰ বাবে মোৰ নামটো কিয় বিবেচনা কৰিলে?
সিদ্ধু: আপোনাৰ কৰিজমা, পাৰচনালিটী ইত্যাদি..
ৰতন টাটাঃ আৰু কিবা?
সিদ্ধু: আপুনি কেঞ্চাৰ বেমাৰীৰ বাবে যিমান কাম কৰি আছে..আমি সচাকৈ আপ্লুত। আমাৰ দলৰ বেমাৰ বোৰো আপুনিয়ে থিক কৰিব পাৰিব।
ৰতন টাটাঃ  অনুগ্ৰহ কৰি আপোনালোকৰ দলটোৰ বেমাৰ আৰু কেঞ্চাৰক তুলনা নকৰিব। কম চে কম কেঞ্চাৰত বচাৰ সম্ভাবনা ৫০-৫০। টাটা।
সিদ্ধু: টাটা
(৩)
তেণ্ডুলকাৰঃ আই লা! আপোনালোকৰ দলৰ আম্পায়াৰ!
সিদ্ধু: আম্পায়াৰ নহয়, সভাপতি।
তেণ্ডুলকাৰঃ মই কি কৰিব লাগিব?
সিদ্ধু: ক্ৰিকেটত যেনেকৈ আপুনি চেঞ্চুৰী কোবাই বিৰোধীক পানী খুৱাই, তেনেদৰে ইয়াতো আপুনি দুজন গুজৰাটী দুধৰ্ষ  বলাৰৰ বিৰুদ্ধে বেটিঙ কৰিব লাগিব।
তেণ্ডুলকাৰঃ আই লা।শ্বেন ৱাৰ্ণ, ব্ৰেট লি হ’লে সমস্যা নাছিল। কিন্তু গুজৰাটী বলাৰ… হেলমেট ভাঙি ৰিটায়াৰ্ট হাৰ্ট কৰি দিব…
(৪)
ৰামদেবঃ মই যোগৰ জৰিয়তে বহুতো বেমাৰ থিক কৰো, কিন্তু কংগ্ৰেছৰ বেমাৰ ভাল কৰিবলৈ যোগ নহয় ভোগ লাগিব।
সিদ্ধুঃ মানে ..বুজাই কব নেকি?
ৰামদেবঃ ভগবানৰ সন্মুখত ভোগ লগাব লাগিব।
সিদ্ধুঃ তাৰমানে আপুনি সভাপতি নহয়?
ৰামদেৱঃ নহও
সিদ্ধুঃ আপোনাক প্ৰণায়ামৰ কচমঁ
ৰামদেৱঃ নহও
সিদ্ধুঃ অনুলম্ব বিলম্বৰ শপত..
ৰামদেৱঃ উহু ..নোৱাৰো
সিদ্ধুঃ আপোনাক কলা ধনৰ শপত..
ৰামদেৱঃ উফ…মোক দুৰ্বল কৰি পেলালে। মই ভাবি চাম..
সিদ্ধুঃ কিমান দিন লাগিব?
ৰামদেৱঃ ১ , ২ বছৰ দিয়ক..
সিদ্ধুঃ ইমান সোনকালে নালাগে..আৰু সময় লওক…৫ বছৰ পিছত কব। নমস্কাৰ।