সমসাময়িক নিৰ্বাচন আৰু ছাত্র ৰাজনীতিৰ ভাৱমূৰ্তি

3144
ৰাইজৰ চিঠি: হৃষিকেশ  শৰ্মা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


বৰ্তমান ভাৰতৰ্বষৰ দৰে স্বাধীন বৃহৎ গণতান্ত্ৰিক দেশত নিৰ্বাচন ব‍্যৱস্থাৰ প্ৰাসংগিকতা অতি লক্ষনীয়। ঠিক সেইদৰে অসমৰ ৰাজ্য সমূহতো এই নিৰ্বাচন ব্যৱস্থাই এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি উঠা দেখিবলৈ পোৱা যায়।স্বাধীনোত্তৰ কালৰ পৰাই আমাৰ দেশ তথা ৰাজ্যই বহুতো ৰ্নিবাচন নানান ঘাত-প্ৰতিঘাতৰ মাজেৰে উদযাপন কৰিলে।মইয়ো মোৰ মুস্তিমেয় জ্ঞান অহাৰ পৰাই কেইবাখনো নিৰ্বাচন উপভোগ কৰিলো। সেয়া কেতিয়াবা যদি সংবাদ মাধ‍্যমৰ যোগেদি কেতিয়াবা দেউতাৰ মুখেৰে নাইবা কোনোবা ৰাজনৈতিক নেতাৰ ভাষণ নতুবা সভা – সমিতিৰ জৰিয়তে। এই সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া আমাৰ নতুন প্ৰজম্মৰ বাবে প্ৰেৰণাৰ উৎস। কিন্ত সমসাময়িক ৰাজনৈতিক বতাহে এই সমগ্ৰ প্ৰক্ৰিয়াটোক কিছু কিছু সময়ত অতি অবাঞ্চিত কৰি তোলে। সেই নিৰ্বাচন লাগে লোকসভাই হওঁক বা বিধানসভা নাইবা পঞ্চায়ত।এই যি ৰাজনৈতিক বতাহ সেই বতাহজাকে আনকি বৰ্তমান মহাবিদ‍্যালয় – বিশ্ববিদ্যালয় সমূহৰ সাধাৰণ নিৰ্বাচন সমূহকো ৰেহাই নিদিয়ে।আজিৰ প্ৰেক্ষাপটত দেখা পোৱা যায় যে প্ৰত‍্যেকটো ৰ্নিবাচনত প্ৰতিটো ৰাজনৈতিক দলে মূল‍্যবোধৰ ৰাজনীতিৰ পৰিবৰ্তে এক সস্তীয়া ৰাজনীতিৰ লগত জড়িত হৈপৰে। য’ত মানৱ সভ‍্যতাৰ স্খলন ঘটে,ব‍্যক্তিগত শক্ৰতাৰ সূত্ৰপাত হয়।

মহামানৱ মহাত্মা গান্ধীৰ এই ক্ষেত্ৰত কোৱাৰ কোনো যুক্তিযুক্ততা নাই। কিন্তু তেওঁৰ পৰৱৰ্তী নেতাসকলে নিজ নিজ ৰাজনৈতিক আৰ্দশৰে ৰাজনীতি কৰি ভাৰতৰ গৌৰৱময় ৰাজনৈতিক ইতিহাস সমৃদ্ধ কৰি থৈ গৈছে।স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুকে আদি কৰি সদ‍্য প্ৰয়াত মূল‍্যবোধৰ ৰাজনীতিৰ পিতৃ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ লৈকে সকলোবোৰ ৰাষ্ট্ৰীয় ৰাজনীতিকৰ নাম এই ক্ষেত্ৰত ল’ব পাৰি। ঠিক এইদৰে  অসমৰো ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আদি কৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ লৈকে সকলোবোৰ ৰাজনীতিকৰ নাম প্ৰাসংগিক।

বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,যুৱ নেতা ৰাহুল গান্ধী তথা অসমৰ পটভূমিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ড৹ হিমন্ত বিশ্ব শৰ্মা,প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে তৰুণ গগৈ,প্ৰফুল্ল কুমাৰ মহন্ত ইত্যাদি ভিন্ন ৰাজনীতিকে নিজ নিজ ব‍্যক্তিগত বা দলীয় আৰ্দশৰে ৰাজনীতি কৰা দেখা যায়।এইখিনি লৈকে সকলো ঠিক আছিল।কিন্তু  আজিৰ ৰাজনীতিয়ে পূৰ্বৰ গৰিমা যে কিছু হ্ৰাস কৰিছে তাত কোনো সন্দেহ নাই। ৰাষ্ট্ৰীয় তথা ৰাজ‍্যিক দল বা নেতা সকলে ৰাজনৈতিক কৰ্মসূচীৰ পৰা আতৰি আহি সততে ব‍্যক্তিগত জীৱনক আক্ৰমণৰ  লক্ষ‍ কৰি লয়। যিয়ে সমাজ ব‍্যৱস্থাক লাজত পেলাই। আৰু এইধৰণৰ ৰাজনীতিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰা নিৰ্বাচন সমূহতো বহুতো অৰাজকতাই দেখা দিয়ে। এই নিৰ্বাচন কেন্দ্ৰীক হিংসাই কোনোবা এটা ন‍্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক দল অথবা নেতাক সহায় কৰে যদিও সাধাৰণ জনতাৰ দুৰ্দশাহে কৰে।

এতিয়া আহোঁ মহাবিদ‍্যালয় তথা বিশ্ববিদ্যালয় সমূহৰ সাধাৰণ নিৰ্বাচন সমূহলৈ। বিগত কেই বছৰ মানৰ পৰা এই সাধাৰণ নিৰ্বাচন সমূহতো বহুতো অপ্ৰিতীকৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈ আহিছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপট লৈ নগৈ যদি আমি অসমৰে সামগ্ৰীক পৰিঘটনা সমূহলৈ দৃষ্টি নিক্ষেপ কৰো তেতিয়া আমি দেখিম যে,২০১২ চন মানৰ পৰা ৰ্বতমানলৈকে এনেধৰণৰ ঘটনাই বহু দূৰ শিপাইছে। অপ্ৰিয় যদিও সত্য এয়ে যে,একাংশ সংসদীয় ৰাজনৈতিক দলৰ ভাতৃ সংগঠন হিচাপে পৰিচিত কিছুমান ছাত্ৰ সংগঠন তথা আঞ্চলিক অৰাজনৈতিক ছাত্ৰ সংগঠন সমূহৰ অদূৰৰ্দশী তথা সিমীত ৰাজনৈতিক জ্ঞানৰ বাবেই এনে ধৰণৰ ঘটনাৰ সূত্ৰপাত হয়। লগতে একাংশ ৰাজনৈতিক নেতাৰ প্ৰত‍্যক্ষ ভাৱে ন’হলেও পৰোক্ষভাৱে হাত ওজান দিয়াৰ বাবেই এই সাধাৰণ নিৰ্বাচন সমূহত এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে।এই নেতাসকলৰ এনেধৰণৰ কাৰ্য্যৰ পৰা কি স্বাৰ্থ সিদ্ধি হয় বা লাভ হয় সেই বিষয়ে মই সম্পূৰ্ণ অজ্ঞাত। কিন্তু এইটো ক’ব পাৰো যে,এনেধৰণৰ একাংশ নেতাৰ প্ৰৰোচনাত বৰ্তমানৰ ছাত্র ৰাজনীতিৰ ভাৱমূৰ্তিত প্ৰভাৱ বিস্তাৰ কৰিছে। য’ত সত্য,ন‍্যায়,ৰ্কম-সংস্কৃতি তথা যুক্তিৰ অভাৱ‌।ঠিক একেদৰে এই সাধাৰণ নিৰ্বাচন সমূহত কোনো নেতা তথা প্ৰভাৱশালী ব‍্যক্তিৰ আৰ্থিক অনুদানৰ ফলত যি বৃহৎ সংখ‍্যক ধন একাংশ ছাত্র সংগঠনে ব‍্যৱহাৰ কৰে সি সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত কালিমা সানে।এনেধৰণৰ নগদ ধনৰ ব‍্যৱহাৰৰ ফলত সঠিক ৰাজনৈতিক জ্ঞান পুষ্ট এজন দৰিদ্ৰ ছাত্ৰই কোনো ধৰণৰ দল-সংগঠনৰ সহায় নোলোৱাকৈ ছাত্র-নীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা সপোনতো ভাৱিব নোৱাৰে।এই সাধাৰণ নিৰ্বাচনসমূহত ছাত্র সমাজে কি ভূমিকা পালন কৰিব সেয়া জানো আন কোনোবাই সিদ্ধান্ত ল’ব?? আজিৰ মহাবিদ‍্যালয়-বিশ্ববিদ্যালয় সমূহৰ নিৰ্বাচন সমূহত ভাতৃত্ববোধ তথা বন্ধুত্বপূৰ্ণ সহাৱস্থানৰ পৰিৱৰ্তে ব‍্যক্তিগত শক্ৰতা বৃদ্ধি পোৱা দেখা যায় যাৰ ফলত নিৰ্বাচন কেন্দ্ৰীক হিংসাই পৰিৱেশ বিনষ্ট কৰে।

শেষত সংসদীয় নিৰ্বাচন অথবা মহাবিদ‍্যালয়- বিশ্ববিদ্যালয় সমূহৰ সাধাৰণ নিৰ্বাচন সমূহ ভাতৃত্ববোধ,বন্ধুত্বপূৰ্ণ, তথা সত্য,ন‍্যায় আৰু প্ৰকৃত যুক্তিৰ ওপৰত প্ৰতিস্থিত কৰিবলৈ আহবান জনালোঁ।এটা সুস্থ ৰাজনৈতিক বাতাৱৰণ গঢ়াৰ সময় কিন্তু আহি পৰিছে বুলি উপলব্ধি কৰো।কিয়নো ৰ্বতমান আমাৰ প্ৰজম্মৰ বহুতে ৰাজনীতি শব্দটো শুনাৰ লগে লগে মনত এখন অতি কুৎসিত চিত্ৰ অংকণ কৰে।আৰু ৰাজনীতিক এটা বেয়া ধাৰণা হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হয়।