সন্মুখত লোকসভা নিৰ্বাচন ‘২০১৯’ আপুনি কাক সমৰ্থন কৰিব ? অসমত কোনে মাৰিব শেষ হাঁহি

8135
  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


[ এক ] 
     ২০১৯ চনৰ লোকসভা নিৰ্বাচন সমাগত ।  ৰাজনৈতিক দলবোৰে নিৰ্বাচনৰ দামামা বজালেই ! শ্ৰদ্ধাৰ পাঠক,  – অনুগ্ৰহ কৰি  কওক , কিহৰ ভিত্তিত কোন দলক ভোট  দিলে ভাল হয়  ? হয়,  আপোনাকে সুধিছোঁ  ;  আপোনাৰ পছন্দৰ   দলটোৱে চৰকাৰ গঠন কৰিব পাৰিবনে?  অথবা   ভোটদান কৰা  নেতাগৰাকীয়ে সমাজখনৰ কি উপকাৰ সাধন কৰিব  ? যদিওবা  ভোট দানৰ বিষয়টো  নিত্যান্তই ব্যক্তি স্বাধীনতাৰ  অত্যন্ত গোপনীয়তাৰ  বিষয়, তত্ৰাচ আপুনি এনে  মতামত আগবঢ়াওক- যি ব্যাক্তি বা দলৰ কৰ্ম ভাবনাই আমাক, আমাৰ জাতিটোক সম্পদশালী হিচাপে   গঢ়ি তুলিব পাৰে ।  ভাবক শ্ৰদ্ধাৰ পাঠক !  যাৰ বাবে আপোনাৰ পৰিয়াল- পৰিজন , গাওঁখন,  জিলাখন, অঞ্চলটো,  ৰাজ্যখন  কিম্বা   দেশখনৰ লগতে আপোনাৰ জাতিটোৰ অভূতপূৰ্ব শ্ৰী বৃদ্ধি  হ’ব পাৰে  ! পুনঃপৌনিক ভাবে  ভাবি চাওক  । শীতল মস্তিস্কৰে । এনেদৰে ভাবিব বা চিন্তিবৰ নিমিত্তেই নেদেখাজনে আপোনাক, মোক  জীৱশ্ৰেষ্ঠৰ আসনখনত বহুৱাইছে । ৰাজনৈতিক ভাবে অসচেতনতাৰ বাবে পূৰ্বতে  আপুনি,  মই  যি হেৰুৱালো  বা  যিখিনি নাপালো,  সেয়া যাতে আমাৰ  বৰ্তমান আৰু  ভৱিষ্যত  প্ৰজন্মৰ  ক্ষেত্ৰত  নহয় , নঘটে  ?   তাৰ বাবেই আমি জাগ্ৰত প্ৰহৰী ৰূপত আগবাঢ়ি  আহিব লাগিব – ভোটদানৰ ক্ষেত্ৰত;  আৰু  তেনে সজ ভাবনাক  সাকাৰ ৰূপ দিয়াত কোনো কৃপনালি কৰিব নালাগিব ।  এই  যাত্ৰা পথত আপোনাৰ  সহায়ক হ’ব  ‘ৰাজনীতি অসম’ । তেনে এক মহান উদ্দেশ্য লৈয়ে ‘ৰাজনীতি অসমে’ আৰম্ভ কৰিছে – আপুনি ভোট দিব কাক? কিয়? বিশেষকৈ অসমৰ প্ৰেক্ষাপটত । আমি আশা কৰিম  সুস্থ- সৱল আৰু সজ আচৰণেৰে নিজৰ নিজৰ মতামত আগবঢ়োৱাত কোনোৱে কৃপনালি নকৰিব । প্ৰত্যেকে প্ৰত্যেকৰে মতামতক শ্ৰদ্ধাৰে চাব ; অশালীন বাক্যবান পৰিহাৰ কৰিব । এটা সৰ্বাঙ্গসুন্দৰ জাতি তথা এখন ঐতিহ্যশালী অসম গঠনত আগভাগ ল’ব ।
[ দুই ]
আগন্তুক লোকসভা নিৰ্বাচনৰ যুদ্ধত নামিবলৈ সকলো ৰাজনৈতিক দলেই কঁকালত টঙালি বান্ধিছে ৷ আক্ৰমন – প্ৰতিআক্ৰমনেৰে  উত্তাল কৰি তুলিছে  দেশৰ ৰাজনৈতিক বাতাবৰণ । আজিৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে দেখা যায় যে  বিগত লোকসভা নিৰ্বাচনৰ দৰে আগন্তুক লোকসভা নিৰ্বাচন কোনো কাৰণতে এক পক্ষীয় নহব  ! মুলতঃ আগন্তুক লোকসভা নিৰ্বাচনৰ যুঁজখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বনাম কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ মাজত সীমাবদ্ধ থকাটো  নিশ্চিত ৷ আশা ক্ষীণ দেখা গৈছে  ঐক্যবদ্ধহীন  তৃতীয় মৰ্চাৰ । ইতিমধ্যে  ৰাজনীতিৰ বজাৰত পূৰ্বতকৈ কিছু পৰিপক্কতাৰে আগ্ৰাসী  ৰূপত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী নামি পৰা দেখা গৈছে ৷ মোডীৰ আদৰ্শকে সৰোগত কৰি মন্দিৰ  অথবা অন্য প্ৰাৰ্থনা গৃহসমূহ  দৰ্শনত আগভাগ লৈছে ।  ইটোৰ পাছত সিটো । পদব্ৰজে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ এইবাৰ  কঠিন প্ৰত্যাহ্বানৰ  সন্মুখীন হোৱাৰ সম্ভাৱনা সৰ্বাধিক যদিও অমিত শ্বাহ,  নৰেন্দ্ৰ মোডী জুতি  এৰি দিয়া ভকত নহয় । যোৱাটো লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে পুতৌজনক ভাবে  পৰাজয়বৰণ কৰিছিল । বৰ্তমানে কোনো কোনো ৰাজ্যত কংগ্ৰেছ দলে সামান্য ভাবে  গা টঙাই উঠিছে  যদিও অসমত কংগ্ৰেছৰ ভেটি এইমুহুৰ্তলৈকে সবল নহয় । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ২৮২খন আসনত জয়লাভেৰে একক সংখ্যা গৰিষ্ঠতা আজুৰি আনিবলৈ সক্ষম হৈছিল বিজেপিয়ে । পৰিতাপৰ কথা  বিজেপি দলৰ স্থিতি বৰ্তমানে প্ৰায়বোৰ  ৰাজ্যতে ভালেখিনি শিথিল৷ অৱশ্যে কংগ্ৰেছৰ বাবেও আগন্তুক নিৰ্বাচন সহজ হৈ থকা নাই ৷ নেতৃত্বৰ অকালপক্কতা আৰু  পৰিয়াতন্ত্ৰৰ  পৰা ফালৰি কাটি আহিব নোৱাৰাটোৱে দলটোৰ বাবে বিয়োগাত্মক পৰিচয় বহন কৰিছে । মোদীৰ শাত শতৰুৱেও স্বীকাৰ কৰে – ৰাহুল গান্ধী, নৰেন্দ্ৰ দামোদৰ মোডীৰ বিকল্প হ’ব নোৱাৰে ।  চৰ্চা আৰম্ভ হৈছে  কংগ্ৰেছৰ দৰে বিজেপি দলেও আগন্তুক লোকসভা নিৰ্বাচনত সহযোগী দলসমূহৰ পৰা অসুবিধাৰ সন্মুখীন হ’ব নেকি ? কিয়নো মহাৰাষ্ট্ৰৰ সহযোগী দল শিৱসেনাই বাৰে বাৰে মিত্ৰতা ভংগ কৰাৰ সংকেত দি আহিছে৷ ইয়াৰোপৰি তেলেগু দেশম পাৰ্টিয়ে চৰকাৰৰ পৰা ইতিমধ্যে আঁতৰি গৈছে । বিহাৰত বিজেপিয়ে জেডিইউৰ সতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰি কিছু সুবিধা কৰি  ল’লেও জেডিইউৰ সহযোগী দল ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি আৰু হিন্দুস্তান আবাম মৰ্চাই  সময়ে সময়ে বিজেপিৰ প্ৰতি ক্ষোভিত হৈ অহা দেখা গৈছে৷ আনহাতে অসমতো বিজেপিৰ সহযোগী দল অগপই বিভিন্ন সময়ত আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে ৷ ‘নাগৰিকত্ব সংশোধনী বিল ২০১৬’ অগপই সমৰ্থন নকৰি চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ কৰি আহিছে । সোনোৱাল চৰকাৰ মুলতঃ  কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত  বিজেপিৰে চৰকাৰ ! যিহেতু লোকসভাৰ নিৰ্বাচন দিল্লী কেন্দ্ৰীক, সেয়েহে   অসমৰ ১৪ খন আসনযুক্ত  লোকসভাৰ  নিৰ্বাচনতো  কেন্দ্ৰীয় চৰকাৰৰ কাম কাজ  আৰু সদিচ্ছাই তাত  প্ৰভাৱ পেলাব বুলি ক’ব পাৰি ।  উল্লেখ্য  মোডীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ দলে চৰকাৰ গঠন কৰিলে বাংলাদেশীয়ে টালি টোপোলা বান্ধি স্বদেশলৈ  উভতিব লাগিব বুলি হুংকাৰ দিছিল । বছৰি দুই কোটিকৈ নিৱনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ নদীবান্ধৰ বিৰোধিতা কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাত বিৰোধী দল- সংগঠনসমূহে উক্ত বিষয়সমূহক লৈ ক্ষুৰধাৰ সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে৷ৰন্ধন গেছ ,  পেট্ৰ’ল , ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে  বিজেপি চৰকাৰৰ দিনত সৃষ্টি হোৱা বেমেজালি সমূহকেই এতিয়া বিৰোধী দলসমূহে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰৰ হাথিয়াৰ কৰি লোৱা দেখা গৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাৰ বিজেপি দলৰ প্ৰতি কিছু পৰিমাণে  মোহভংগ হৈছে  বুলি চিন্তিত হৈ পৰিছে স্বয়ং বিজেপিৰ কিছু সংখ্যক চমজদাৰ নেতা -কৰ্মী । নিৱনুৱা সমস্যাৰ সৈতে জড়িত আন এক সমস্যা হৈছে আৰ্থিক মন্দাৱস্থা৷ মোদী চৰকাৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণেৰে দেশৰ অৰ্থব্যৱস্থাৰ পূৰ্বৰ চৰকাৰতকৈ দুৰ্বল  হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ এই বিষয়ত বিজেপি দলৰ বিসম্বাদী নেতা যশৱন্ত সিনহা , শত্রুঘ্ন সিনহা,  অৰুণ শ্ব’ৰীয়ে  মুকলিকৈ বিষোদগাৰ কৰিছে । খোদ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে । তাৰোপৰি  ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ উন্নয়ন হ’ব পৰাকৈ বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা দিছিল৷ কিন্তু কোনো এটা কামেই সম্পূৰ্ণকৈ কৰা দেখা নগ’ল৷
[তিনি ]
 ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ‘মোডী ছুনামীৰ’ৰ সৈতে কোনো ৰাজনৈতিক দলেই ফেৰ মাৰিব পৰা নাছিল৷ সকলো দলৰে নিৰ্বাচনী কুচকাৱাজ তথা সমীকৰণ সলনি হৈ গৈছিল৷ বাক্ পটু  মোডীৰ ধুমুহাত দেশৰ কেইবাটাও আঞ্চলিক দল বিধ্বস্ত হৈ পৰিছিল৷কিন্তু এতিয়া ৰাজনৈতিক পৰিস্থিতি কিছু সলনি হৈছে ৷ মোডীৰ জোঁৱাৰ কিছুপৰিমানে আঁতৰাই  কানহাইয়া কুমাৰ, হাৰ্ডিক পেটেল, জিগনেশ মেৱানী, আল্পেছ ঠাকুৰৰ দৰে নেতা  বৰ্তি থাকিবলৈ সক্ষম হৈছে । চীন আৰু পাকিস্তানৰ গতি বিধি সীমান্তত বৃদ্ধিয়েও নিৰ্বাচনত মোডীৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷কংগ্ৰেছ চৰকাৰৰ শাসনকালত বিজেপি নেতাসকলে পাকিস্তানৰ সৈতে চৰকাৰৰ সম্পৰ্কৰ বিষয়টোৰ ওপৰত কংগ্ৰেছ চৰকাৰক বহু ঠাট্টা-মস্কৰা কৰিছিল৷ পৰৱৰ্তী কালত বিজেপি চৰকাৰে – পাকিস্থানীয়ে এজন ভাৰতীয়ক  মাৰিলে দহজনক মৰাৰ যি হুংকাৰ দিছিল , কাৰ্যত সেয়া হৈ নুঠিল ৷ বৰং পাকিস্তানৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে যুদ্ধ বিৰতি চুক্তি উলংঘন কৰাহে দেখা গ’ল ৷
২০১৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত অতি দক্ষতাৰে বিজেপি নেতৃত্বই অসমৰ জনজাতীয় সংগঠনসমূহক তেওঁলোকৰ লগত লৈ নিৰ্বাচনত চমক দেখুৱাবলৈ সক্ষম হৈছিল । জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি বিভিন্ন জনগোষ্ঠীৰ সমৰ্থন অভূতপূৰ্বভাৱে লাভ কৰিছিল । স্বাভাৱিকতেই সোনোৱালৰ দৰে এজন জনজাতীয় নেতাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি বিজেপি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল । তথাকথিত অসমীয়া মূলসুঁতিৰ সমাজখনে , দলবোৰে  স্বাধীনতাৰ পৰাই জনজাতীয় জনগোষ্ঠীসমূহক কৰা অৱহেলা-বঞ্চনাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰণকৌশল সফল হৈছিল । এই ক্ষেত্ৰত আৰএছএছৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। যোৱা ৩০ বছৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত আৰএছএছে চলাই অহা কাম-কাজৰ ভিত্তিতেই বিজেপিয়ে এনেদৰে আগবাঢ়িব পাৰিলে বুলি ভবাৰ থল আছে । কিন্তু চৰকাৰ গঠন হোৱাৰ প্ৰায় ৩০ মাহ উকলি যোৱাৰ পাছত জনজাতীয় সমাজতো পোৱা-নোপোৱাৰ হিচাপ আৰম্ভ হৈছে । প্ৰকৃততে সোণোৱাল চৰকাৰৰ আমোলত অসমৰ জনজাতিসকলৰ উন্নয়ন কিমান হৈছে? নমামি ব্ৰহ্মপুত্ৰ,  এডভান্টেজ  অসম আদিৰ পাছতো সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়ন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । নাগৰকিত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজিৰ আৱণ্টন হ্ৰাস পাইছে। স্বাভাৱিকতে অসন্তুষ্ট হৈছে জনজাতীয় নেতাসকল। সেযেহে প্ৰশ্ন হয়— জনজাতীয় নেতাসকলে এতিয়া কি স্থিতি ল’ব? অন্যহাতে ছয় জনগোষ্ঠীক প্ৰদান কৰা  জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ।  এতিয়া সেইবোৰৰ প্ৰভাৱ সমাগত নিৰ্বাচনত পৰাটো খাটাং । সোনোৱাল  চৰকাৰৰ আৰু মোদী চৰকাৰে সেয়া কিদৰে মোকাবিলা কৰে সেয়াহে লক্ষণীয় হ’ব । ইফালে  বিজেপিৰ প্ৰতি হোৱা মোহভংগৰ সুযোগ ল’বলৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমুহে ।বিজেপিয়ে বাংলাদেশৰ পৰা হোৱা মুছলমান প্ৰব্ৰজনৰ বিষয়টো অসমবাসীৰ মাজত উত্থাপন কৰি আছে আৰু কৰি থাকিব । ইয়াৰ জৰিয়তে তেওঁলোকে ধৰ্মীয় মেৰু বিভাজনৰ চেষ্টা অব্যাহত ৰাখিছে । অন্যহাতে  অসম মুলুকত  কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইছিছৰ , হিজবুল মুজাহিদীনৰ সাংগঠিনক তৎপৰতা বৃদ্ধিৰ বাতৰিয়ে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া । শেহতীয়াকৈ অসমত পাকিস্থানৰ  সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে ইছলাম ধৰ্মাৱলম্বী যুৱকসকলক আকৃষ্ট কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা বিষয়টো ধৰা পৰিছে ।  চোৰাংচোৱা প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক সহযোগত কেইবাগৰাকীও ব্যক্তিক  কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে  । অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত পূর্বতকৈ অধিক তৎপৰ হৈছে হিজবুল মুজাহিদীন, জামাতুল মুজাহিদীন অৱ বাংলাদেশ চমুকৈ জে এম বি আৰু মালটা আদি ইছলামিক সন্ত্ৰাসবাদী সংগঠন৷ বিষয়টোৱে বৰ্তমানৰ  কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি  চৰকাৰক বিশেষ সুযোগ আনি দিছে – নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত । তাৰোপৰি পাকিস্তানৰ সৈন্য বাহিনীৰ বিৰুদ্ধে আৰু এটা চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি ইতিমধ্যে সেনা প্ৰধানে উল্লেখ কৰিছে । যি কাৰ্যত চৰকাৰে সহযোগ কৰি  দেশপ্ৰেমৰ ঢল বোৱাই ভোটাৰক মন মুহিবলৈ সক্ষম হ’ব পাৰে । বিজেপিৰ অতবোৰ আহুকালৰ পাছতো  ৰাজনৈতিক  পৰ্যবেক্ষক সকলে ধাৰণা কৰা মতে – জনসাধাৰণে  শক্তিশালী বিকল্পৰ অভাবত ভুগি পুনঃশ্চ  বিজেপিকে ভোট যুদ্ধত জয়ী কৰালেও আচৰিত হ’ব লগীয়া একো নাথাকিব । বিশেষকৈ অসমত । কিয়নো অসমত আঞ্চলিক দলৰ প্ৰচুৰ সম্ভাৱনা থাকিলেও সবল নেতৃত্ব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পৰা নেতাৰ  অভাৱ দেখা যায় । অসমৰ কংগ্ৰেছ দলটোত আজিও বিশৃংখলতা বিদ্যমান । সবল নেতৃত্বৰ অভাৱ পৰিস্ফুট । তাতোকৈ অভাৱ এ ইউ ডি এফ দলৰ দৰে সংখ্যালঘু সম্প্ৰদায়ৰ সতে সমিলমিল গঢ়ি তুলিব নোৱাৰা বিষয়টো । এই মূহুৰ্তত সবাতোকৈ চৰ্চাৰ বিষয়টো হৈছে – আন্দোলনৰ নামত  আন্দোলন কৰিলেই নহ’ব,  জনগণক তাৰ সমাধানৰ পথ পৰিষ্কাৰ ভাবে  দেখুৱাব পাৰিব লাগিব । সৰ্বশেষত সোনোৱাল চৰকাৰৰ শুদ্ধ এন আৰ চি প্ৰকাশৰ প্ৰতিশ্ৰুতি, কংগ্ৰেছৰ দিনৰ  কৌটিকলীয়া  দুৰ্নীতি নিৰ্মূলত ( এ পি এচ চি কেলেংকাৰি ) অগ্ৰাসী মনোভাৱৰ উন্মেষ , দেশপ্রেম- জাতিপ্ৰেমৰ উদাহৰণেৰে অসম চুক্তিৰ ফচল বগীবিল দলঙকে আদি কৰি বিভিন্ন  বিষয় টানি আনি -অসম চুক্তি আখৰে আখৰে পালনৰ কথা  পুনৰবাৰ দোহাৰি আপোনাৰ,  মোৰ ভোট বিজেপিয়ে লাভ কৰিলেও বিশেষভাৱে আচৰিত হ’ব লগা একো নাথাকিব । কাৰণ বিজেপিৰ বিকল্পৰ সন্ধানত থকা জনগণ এতিয়াও এক ধুৱলি- কুৱলীৰ মাজত বিৰাজমান । কেইবাটাও বেয়াৰ মাজত কম পৰিমাণৰ বেয়াটোকে তুলি লোৱাটো প্ৰায়সংখ্যক মানুহৰে  হাবিয়াস । সেয়া জীৱকুলৰ  চিৰন্তন স্বভাৱ ।   ■■ ■■