সমুজ্জ্বল নহয়; লুৰিণক মুখ্যমন্ত্রী হিচাবে বিচাৰে

2059

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


 ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত অসমৰ ৰাইজক প্ৰশ্ন কৰা হৈছিল আপোনালোকে ২০২১ত মুখ্যমন্ত্রী ৰুপে কাক বিচাৰে? আমাৰ তালিকাত আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য , সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈকে আদি কৰি অসমৰ বহু কেইজন আগশাৰীৰ নেতা। অবশ্যে লুৰিণ জ্যোতি গগৈক এই তালিকাত ৰখা হোৱা নাছিল। কা বিৰোধী আন্দোলনে তীব্ৰ ৰুপ ধাৰণ কৰা সময়ত লোৱা এই অ’পিনিয়ন প’লত ৬০.৬% ৰাইজে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সপক্ষত ৰায়দান কৰে। সৰ্বনন্দ সোণোৱাল আৰু গৌৰৱ গগৈ দুয়োজনে ৮.৬% কৈ ভোট লাভ কৰে। জুবিন গাৰ্গে পায় ৭.৬ % আৰু হিমন্ত বিশ্ব শৰ্মাই পায় ৬.৩%  ভোট। লাহে লাহে কা বিৰোধী আন্দোলনত লুৰিণৰ সক্ৰিয়তা বাঢ়িবলৈ ধৰে। ৰাজনীতি অসমে ফেচবুক পেজৰ জড়িয়তে আৰু এটা অ’পিনিয়ন প’ল চলায়। অসমৰ ৰাইজক সমুজ্জ্বল কুনাৰ ভট্টাচাৰ্য্য আৰু লুৰিণ জ্যোতি গগৈৰ মাজৰ পৰা এজনক নিৰ্বাচন কৰাৰ বাবে আহ্বান জনোৱা হয়। ৰাইজৰ সহাৰি আহিল। ৭৩% ভোট লাভ কৰি লুৰিণ জ্যোতি গগৈয়ে প্ৰমাণ কৰিলে যে যদি কা বিৰোধী ৰাজনৈতিক দল গঠন হয় তেন্তে জুনিয়ৰ গগৈ নেতৃত্ব  সকলোতকৈ যোগ্য।