সমুজ্জ্বল ভট্টাচাৰ্য্যই নেতৃত্ব লওক নতুন আঞ্চলিক ৰাজনৈতিক দলৰ

2137
  • প্ৰশান্ত দত্ত চৌধুৰী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া ভাষীৰ  আবেগক কিঞ্চিতো গুৰুত্ব প্ৰদান নকৰি কেন্দ্ৰীয় চৰকাৰে  ৰাইজৰ ওপৰত জাপি দিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। অসমীয়াই ৰাজপথলৈ ওলাই আহিল, অনশন কৰিলে, সমদল কৰিলে কিন্তু ৰজাঘৰীয়াৰ মন গলাব নোৱাৰিলে। কাৰ্ফিউ দি, ইন্টাৰনেট বন্ধ কৰি ৰাইজৰ প্ৰতিবাদী কন্ঠ বন্ধ কৰাৰ চেষ্টা চলিল। মুঠৰ ওপৰত কেব আনিবই। কেব সংসদত গৃহীত হৈ ‘কা’ হ’ল। প্ৰতিবাদ আৰু আইনী যুঁজ চলি আছে আৰু থাকিব। আইনী প্ৰক্ৰিয়া দীঘল হ’ব। কথা হ’ল ৰাইজৰ প্ৰতিবাদ কিমান দিন চলিব? এই প্ৰতিবাদৰ যৌক্তিক পৰিসমাপ্তি কেনেকৈ হ’ব? এইখিনিতে আমি মনত কৰা উচিত ‘আন্না আন্দোলন ‘। চৰকাৰে যেতিয়া প্ৰজাক প্ৰত্যহ্বান জনালে তেতিয়া আন্না আন্দোলনৰ পৰাই জন্ম হ’ল আম আদমী পাৰ্টীৰ। আন্না আন্দোলনক ঠাট্টা মস্কৰা কৰা চৰকাৰক ওফৰাই দিল্লীত চৰকাৰ গঠন কৰিলে আপে। দিল্লীত যদি হ’ব পাৰে তেন্তে অসমত কিয় নোৱাৰে? ইয়াৰ বাবে লাগিব এজন সৰ্ব গ্ৰহণযোগ্য নেতা। অসমৰ বৰ্তমান পৰিস্থিতলৈ লক্ষ্য কৰিলে দেখা যায় যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যতকৈ উৎকৃষ্ট নেতা অসমত নাই। ভট্টাচাৰ্য্য  সৰ্ব গ্ৰহণযোগ্য নেতা যাক অসমৰ সকলো প্ৰান্তৰ ৰাইজে স্বীকাৰ কৰিব। অসমীয়া আৰু ইংৰাজী ভাষাৰ ওপৰত তেখেতৰ দখল আছে। অসমৰ স্বাৰ্থজনিত যিকোনো সমস্যা আৰু সমাধানৰ পথ তেখেতৰ জিভাৰ আগত। এনে ক্ষেত্ৰত বিজেপিক গাদীৰ পৰা উৎখাত কৰিবলৈ তেখেতৰ বিকল্প নাই। অসমীয়া জাতিৰ এই সন্ধিক্ষণত অসমী আইয়ে তেখেতক হাত বাউলি মাতি আছে।

এটা কথা সাত শত্ৰুৱে স্বীকাৰ কৰিব লাগিব যে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা অসমৰ সকলোতকৈ প্ৰভাবশালী ৰাজনেতা। তেখেতৰ সভাত অহা মানুহৰ সংখ্যাই তাক প্ৰমাণ কৰে। অসমৰ বিত্তমন্ত্রীজনে নিৰ্বাচন পৰিচালনা কৰাত পাকৈত। তেখেতে জালুকবাৰীৰ সভাত ভবিষ্যত বাণী কৰিছে যে নতুন দল খুলিলে তাত সকলোৰে আমানতৰ ধন বাজেয়াপ্ত হ’ব। হিমন্ত বিশ্বক যদি কোনো এজন মানুহে প্ৰত্যহ্বান জনাব পাৰে সেইজন হ’ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। ভট্টাচাৰ্য্য ডাঙৰীয়াই বিত্তমন্ত্রীৰ নিমন্ত্রণ গ্ৰহণ কৰি মুকলি বিতৰ্কলৈ যাব লাগে। ৰাজনীতি অসমৰ অ’পিনিয়ন প’লতো ৮৯% শতাংশ লোকে ভট্টাচাৰ্য্য আৰু শৰ্মাৰ মাজত “কা” কলৈ মুকলি বিতৰ্ক হোৱাটো বিচাৰে। ৮৯% ৰ বুজনসংখ্যকে কিন্তু “কা” বিৰোধী। মোদী-শ্বাহক মাজতে টানি আনিলে মানুহে ভাবিব ভট্টাচাৰ্য্য দেৱে বিতৰ্কলৈ ভয় কৰে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সবল যুক্তিত অসমৰ মানুহ পতিয়ন যাব আৰু এইটোৱে হিমন্ত বিশ্ব শৰ্মাক বেক ফুটলৈ নিয়াৰ একমাত্ৰ উপায়।