সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য __উৎকৃষ্ট বিকল্প ৰাজ্যসভা নে পুনৰ আছু ?

6318
  • পাৰ্থ প্ৰতীম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


আছু বুলি ক’লেই   আজিৰ প্ৰজন্মৰ মনলৈ এখন ছবি ভাহি আহে সেইখন হ’ল আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ। ১৪ বছৰ আগতেই মোৰ ছাত্র জীৱনৰ সমাপ্তি ঘটিছিল।পঢ়ি থকা কালত আছুই কৰা আন্দোলনত অংশ লৈছিলো । অসমৰ বিভিন্ন সমস্যাবিলাকৰ ক্ষেত্রত আছুৱে বহুতো প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰা দেখা গৈছে ।  বহু বছৰ আছুৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ পিছত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ উপদেষ্টা পদত অধিষ্ঠিত হৈ আছে। বিভিন্ন ৰাষ্ট্ৰীয়  সংবাদ মাধ্যমতো  অসমৰ হৈ তেখেতে  বলিষ্ঠ ভাবে মাত মাতি আহিছে।

কিন্তু প্ৰশ্ন হয় __ আৰু কিমান দিন তেখেত আছুত থাকিব ?  বৰ্তমান বয়স প্ৰায় ৫৫ বছৰৰ ওচৰা ওচৰি। যিবিলাক ছাত্রক তেখেতে নেতৃত্ব দি আছে সেই ছাত্রবিলাকৰ  গড় বয়স  প্ৰায় ১৬ বছৰ।  যিহেতু ‘আছু’ ইমান বছৰে তেখেতৰ নিয়ন্ত্ৰণত আছে ,  তেখেত থকালৈকে সভাপতি, সম্পাদকৰ  ক্ষমতা  সীমিত ।অতি আমোদ জনক কথা এটা হ’ল যে সমুজ্জ্বল ভট্টাচাৰ্য্যই সম্পাদক পদ ত্যাগ কৰাৰ পিছত যিকেইজন নেতাই সভাপতি আৰু সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল তাৰ প্ৰতিজনেই এতিয়া ৰাজনৈতিক দলৰ কৰ্মী বা মন্ত্ৰী । প্ৰবীন বড়ো, অমিয় ভুঞা , শংকৰ প্ৰসাদ ৰয় , তপন গগৈ সকলো এতিয়া ৰাজনৈতিক দলৰ সদস্য । শংকৰ প্ৰসাদ ৰয়ৰ কথাটো আৰু সুকীয়া । কাৰণ মাত্ৰ তিনি চাৰি দিনৰ ভিতৰতেই দলো সলাইছিল । সমুজ্জ্বল ভট্টাচাৰ্য্য আছুৰ মজিয়াৰ এজোপা বট গছ।যি ডাল গছে সকলোকে আশ্ৰয় দিয়ে । পক্ষী কুল , প্ৰাণী কুল আৰু উদ্ভিদ কুলৰ আশ্ৰয় আৰু জীৱন । কিন্তু এইয়াও সত্য __ বট গছৰ ওচৰত  আন গছে কেতিয়াও বৃক্ষৰ আকাৰ ল’ব নোৱাৰে ।

ভট্টাচাৰ্য্য ডাঙৰীয়াই অসমৰ বাবে বহুত কৰিছে আৰু বহুত কৰাৰ থল আছে। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপতত আছুৰ মজিয়াখন তেখেতৰ বাবে সৰ্বোত্তম বিকল্প নহয় বুলি বহুতে ধাৰণা কৰে।কাৰণ ইমান বছৰে বিতৰ্কৰ উৰ্ধত থাকি অবিসম্বাদী হৈ কাম কৰি যাব পৰা কৌশল অসমৰ এজনো ব্যক্তিৰ হাতত নাই বুলিব পাৰি । তেখেতৰ নীতি আৰু আদৰ্শই যদি ৰাজনৈতিক দলত যোগ দিব নকয় তেন্তে তেওঁ ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰাৰ সুবিধা ল’ব পাৰে ।কাৰণ আজিৰ দিনটোত তেওঁৰ প্ৰাৰ্থিত্বক সকলো ৰাজনৈতিক দলেই সমৰ্থন দিব বুলি ধাৰণা হয় । ৰাজ্যসভাত যদি তেখেতৰ দৰে ব্যক্তি এজন থাকে তেন্তে অনাগত সময়ত অসমৰ সমস্যাৰ ওপৰত চৰকাৰী পক্ষৰ লগত প্ৰত্যক্ষ ভাবে যোগাযোগ ৰক্ষা  কৰিব পাৰিব ।  এইবাৰ বিধেয়কৰ বিৰুদ্ধে জনমত গঠনৰ ক্ষেত্ৰত সংগঠন সমুহে(বিশেষকৈ আছুৱে) যি ধৰণে দিল্লীৰ নেতাৰ নেতাৰ পদুলিয়ে পদুলিয়ে ঘুৰিব লগা হ’ল তাক স্বয়ং সমুজ্জ্বল ভট্টাচাৰ্য্যই উপলব্ধি নকৰাকৈ থকা নাই ।
অসম চুক্তিৰ পিছত আছুৰ ভাৱমুৰ্তীৰ পৰিৱৰ্তণ হ’ল । এটা ৰাতিত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা এম এল এ হোষ্টেল পালে বহু ছাত্ৰ নেতা – কৰ্মীয়ে । অকল সদৌ অসম ছাত্ৰ সন্থাই নহয় অসমত প্ৰতিটো জনগোষ্ঠীৰ ছাত্ৰ গোটৰ সৃষ্টি হ’ল আৰু উদ্দেশ্য স্থিৰ কৰা হ’ল ভৱিষ্যতৰ মন্ত্ৰী বিধায়ক হোৱাৰ ।
চাহ বাগানৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ ছাত্ৰ নেতাই সমাজক নেতৃত্ব দিয়াৰ জোৱাৰ উঠিল ৯০ ‘ ৰ দশকত আৰু সেই বতাহ কম বেছি পৰিমাণে এতিয়ালৈ বলিয়ে থাকিল । যিখন ৰাজ্যত ছাত্ৰ নেতা তিনিবাৰ মুখ্যমন্ত্ৰী হ’ল , বিধান সভাত বিধায়কৰ ৬০ % প্ৰাক্তন ছাত্ৰ নেতা : তেনেস্থলত কোনে বিশ্বাস কৰিব যে অসমত প্ৰতিদিনে কমেও দুখন স্কুল বন্ধ হৈ গৈ আছে । বিগত সময়ছোৱাত ২ হাজাৰ প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গ’ল , স্নাতক শ্ৰেণীত নাম ভৰ্তীৰ কাৰণে কলেজৰ সংখ্যা পুতৌজনক, এজনীয়া শিক্ষকৰ দ্বাৰা চলিছে অজস্ৰ স্কুল ।প্ৰতিটো ছাত্ৰ সংগঠনত কৰ্মীৰ সংখ্যা লাহে লাহে কমি আহিছে , হয়টো নেতৃত্বৰ বয়সো এটা উপাদান । সময় থাকোতেই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই চিন্তা কৰক কেনেকৈ নেতৃত্ব এৰিব পাৰি , লগতে ‘আছু ‘ক তেওঁৰ অবিহনেও কেনেকৈ জীপাল আৰু শক্তিশালী কৰি ৰাখিব পাৰি ।
১৯৯৬ -৯৭ ত কোনোবা এজন নেতা নে বুদ্ধিজীবীয়ে কৈছিল , ” অসমীয়া জাতীয়তাবাদ তিনি চকীয়া অটো এখন, চকা কেইটা হৈছে আলফা , অগপ আৰু আছু ” । বাকী দুটাৰ বৰ্তমান স্থিতি ৰাইজে প্ৰত্যক্ষ কৰিলে , সেয়ে উচিত সময়ত উচিত সিদ্ধান্ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ পৰা সকলোৱে আশা কৰে ।