সমুজ্জ্বল ভট্টাচাৰ্য্য ৰাষ্ট্ৰৰ অনুগ্ৰহত থকা ব্যক্তি : ভাস্কৰ কিৰণ বৰা

3613

(বিশিষ্ট সমাজকৰ্মী আৰু ছবি পৰিচালক ভাস্কৰ কিৰণ বৰাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে সহযোগী সম্পাদক পাৰ্থ লহকৰে)


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসম : অসমীয়া ভাষীক জাতীয়তাবাদৰ স্থিতি বৰ্তমান আগৰ দৰে হৈ থকা নাই । ইয়াৰ কাৰণ কি ?

ভাস্কৰ কিৰণ বৰা : অসম আন্দোলন আৰু আন্দোলনৰ পিছত অগপৰ নেতৃত্বত চৰকাৰ গঠনৰ এই সময়ছোৱাত জাতীয়তাবাদ তুংগত আছিল । অসমৰ আঞ্চলিকতাবাদী জনতাই সেই সময়ত নেতৃত্ব বহন কৰা নেতাসকলক উকা চেক প্ৰদান কৰাৰ দৰে বিশ্বাসত লৈছিল ।কিন্তু চৰকাৰ গঠন কৰাৰ পিছতেই প্ৰফুল্ল মহন্ত , ভৃগু ফুকন ,বৃন্দাবন গোস্বামী আদি নেতাসকলৰ মাজত চলা ক্ষমতাৰ যুঁজ আৰু  অধিকাংশ নেতাৰ বিলাসী জীৱন যাপনে সাধাৰণ মানুহক মোহভংগ কৰিছিল । মানুহৰ আশা অপাৰ আছিল আৰু আশা পুৰণ কৰাত নেতাসকল ব্যৰ্থ হ’ল । ইয়াৰ পৰবৰ্তী সময়ত পুনৰ কংগ্ৰেছ চৰকাৰ গঠন হ’ল আৰু সেই সময়ছোৱাত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত চলা আলফা বিৰোধী বিভিন্ন অভিযান আৰু নিৰীহ অসমীয়াৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰৰ অত্যাচাৰে  পুনৰ সাধাৰণ মানুহ মনত  আঞ্চলিকতাবাদী আবেগ জাগ্ৰত কৰিলে । আৰু তাৰ ফলশ্ৰুতিত পুনৰ বাৰ অগপ ক্ষমতালৈ আহিল ১৯৯৬ চনত । চৰকাৰ গঠন হোৱাৰ পিছতেই পৰাগ কুমাৰ দাসৰ হত্যা হ’ল । ইয়াৰ পিছতেই অসমৰ চুকে কোণে গুপ্ত হ্ত্যা আৰম্ভ হ’ল আৰু পুনৰ বাৰ মানুহৰ মাজত আঞ্চলিকতাবাদী দলৰ প্ৰতি ক্ষোভৰ উদগিৰণ হ’ল । পৰৱৰ্তী সময় বিলাকত বিভিন্ন জন জাতীয়তাবাদী নেতাই আছু , অগপ ত্যাগ কৰি দিল্লী কেন্দ্ৰীক দলত যোগ দিয়াৰ অনুশীলনে ৰাইজৰ বিশ্বাসক কুঠাৰঘাট কৰা আৰম্ভ হ’ল আৰু যাৰ ফলত এতিয়া ৰাইজে প্ৰতিটো জাতীয়তাবাদী শিবিৰক সন্দেহৰ চকুৰে চোৱা হ’ল ।

ৰাজনিতি অসম: কৃষক মুক্তি সংগ্ৰামৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদ দলৰ মাজত মিত্ৰতা হোৱাটো সম্ভৱ নে ?

ভাস্কৰ কিৰণ বৰা : মিত্ৰতাত আহিবলৈ তেওঁলোক বাধ্য । নেতাৰ মাজত ক্ষমতা কেন্দ্ৰীক প্ৰতিযোগিতা থাকিলেও পৰিস্থিতি আৰু ভোটিং পেটাৰ্নে দুয়োটা দলক মিত্ৰতালৈ আহিবলৈ বাধ্য কৰাব । মিত্ৰতা নহ’লে উজনি অসমত দুয়োটা দলে এটা সমষ্টিও জিকিব নোৱাৰিব পাৰে । আনহাতে নামনি অসমৰ পাটাচাৰকুচি , নলবাৰী, ৰঙিয়া , কমলপুৰ , পুব গুৱাহাটী , দিচপুৰ আদি সমষ্টিত প্ৰভাব বিস্তাৰ কৰিব লগা হ’লে দুয়োটা দলে মিত্ৰ প্ৰাৰ্থী দিয়াৰ বাহিৰে অন্য বিকল্প নাই ।

ৰাজনীতি অসম: যোৱা চাৰি বছৰে অখিল গগৈৰ চৰকাৰী বিৰোধী বিভিন্ন স্থিতিক অসমৰ একাংশ বৌদ্ধিক সমাজ, শিক্ষাবিদ ,আইনজ্ঞই সমৰ্থন দি আহিছে । তেনেস্থলত অখিল গগৈৰ সপক্ষে আইনী যুঁজত সহযোগ কৰাত এইখিনি মানুহ আতৰি আছে নেকি ?

ভাস্কৰ কিৰণ বৰা : অখিল গগৈৰ লগত থকা তথাকথিত বৌদ্ধিক সমাজ হৈছে কিতাবী মানুহ । এইসকলে গোটেই জীৱনটোত কোৰ্ট কাচাৰী গৈ পোৱা নাই , কেতিয়াও এওঁলোকৰ বিৰু্দ্ধে আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাই বা কেতিয়াও আৰক্ষী থানাৰ চৌহদ পৰ্যন্ত এওঁলোকে গচকি পোৱা নাই ।ৰাষ্ট্ৰৰ দমনৰ বিৰুদ্ধে এওঁলোকে কেতিয়াও জেলত সোমাোৱা নাই । খেলৰ প্ৰশিক্ষক সদায় খেলুৱৈ হয় ।আমাৰ ৰাজনৈতিক দল বিলাকৰ পৰামৰ্শদাঁতা বিলাকো ৰাজনীতিত জড়িত থকা,নিৰ্বাচনত প্ৰতিদন্দিতা কৰা ভোট বিচাৰি মিটিংত ভাষণ দিয়া,ৰাইজৰ লগত একেলগে সমদল কৰা ব্যক্তি হ’ব লাগে ।কিন্তু তাহানিৰ অগপৰ পৰা এতিয়া ৰাইজৰ দল বা অসম জাতীয় পৰিষদলৈ আমি কি দেখিছোঁ__জীবনত এটাও নিৰ্বাচন খেলি নোপোৱা  বুদ্ধিজীৱীয়ে ৰাজনৈতিক দলৰ উপদেষ্টাৰ আসন খন লৈ বহি থাকে ।

ৰাজনীতি অসম : ইমান স্পষ্টতা থকা স্বত্তেও এনেকুৱা ব্যক্তিক কিয় ৰাইজৰ দল বা জাতীয় পৰিষদে পৰামৰ্শদাঁতা পাতে ?

ভাস্কৰ কিৰণ বৰা : আমাৰ জাতিটোৰ দৈন্যতা । লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, অম্বিকাগিৰি , হেম বৰুৱা, নিবাৰণ বৰা, পৰাগ কুমাৰ দাসৰ আদৰ্শক ভিত্তি কৰি অসমত জাতীয়তাবাদ চলিব লাগে , কিন্তু দুখৰ বিষয় এই যে কোনো দিন দল নকৰা , দহ জন মানুহক সংগঠিত কৰিব নোৱাৰা সাহিত্যিক , প্ৰবক্তা বা গায়ক কিছুমান হৈ পৰে আঞ্চলিক দল এটাৰ উপদেষ্টা । এইটোৱেই ট্ৰেজেদী ।

ৰাজনীতি অসম : কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলে মুক্ত মিত্ৰতা কৰাৰ পিছত নিৰ্বাচনত কি প্ৰভাব পৰিব ?

ভাস্কৰ কিৰণ বৰা : ধৰ্মীয় সংখ্যালঘুৰ প্ৰভাবত থকা ভালে কেইটা সমষ্টিত যোৱাবাৰ বিজেপি মি্ত্ৰজোঁট প্ৰাৰ্থী বিজয়ী হৈছিল ধৰ্মীয় সংখ্যালঘুৰ মাজত হোৱা ভোট বিভাজনৰ পৰা । এই বাৰ সেইবিলাক সমষ্টি বিজেপিয়ে নাপায় । যেনে বটদ্ৰবা ।সৰভোগ সমষ্টিত এইবাৰ বামপন্থী নেতা হেমেন দাসৰ জয়ৰ সম্ভাৱনা উজ্জ্বল । উজনি অসমত অজমলৰ লগত হোৱা মিত্ৰতাৰ ফলত ভোটাৰ সকল পতিয়ন যাব যে কংগ্ৰেছ Pro Muslim দল । সেইবাবে উজনি অসমত কংগ্ৰেছে অজাপ আৰু ৰাইজৰ দলৰ মাজত মি্ত্ৰতা স্থাপন কৰাত গুৰুত্ব দিব ।

ৰাজনীতি অসম : কা আন্দোলনৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদক আছুৱে সন্মুখৰ পৰা সমৰ্থন দিছে । থিক আবছুৱে ইউপিপিএল ক দিয়াৰ দৰে । আছুৱে দল গঠন কৰাকলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু আছুৰ একাংশ নেতাৰ মাজত সংঘাত সৃষ্টি হোৱা বুলি খৱৰ ওলাইছে । সংঘাতৰ কাৰণ কি ?

ভাস্কৰ কিৰণ বৰা : সমুজ্জ্বল ভট্টাচাৰ্য্য ৰাষ্ট্ৰৰ অনুগ্ৰহত থকা ব্যক্তি । কংগ্ৰেছ , বিজেপি যিদলৰে চৰকাৰ নাথাকক তেওঁ চৰকাৰৰ মেছিনাৰীবিলাকৰ মাজত তাল মিলাই কাম কৰি থাকে । আন্দোলনৰ চোক নাইকিয়া কৰে বা এক কথাত ক’বলৈ গ’লে তেওঁ আন্দোলনৰ ধাৰ ভোটা কৰি দিয়ে ।চৰকাৰৰ নীতিৰ বিৰু্দ্ধে কৰা আন্দোলন এটাক বিপথে পৰিচালিত কৰি আন্দোলনটোক নিশেষ: কৰাৰ দৰে কাম তেওঁ কৰে । চৰকাৰৰ বিৰু্দ্ধে তেওঁ কৰা যুদ্ধ আচলতে ভুৱা যুদ্ধ Mock Fight। সেই কথা বিলাক হয়টো আজিৰ আছুৰ নেতৃত্বই মানি ল’ব পৰা নাই ।আছুৰ কাৰণে সমুজ্জ্বল ভট্টাচাৰ্য্য অপৰিহাৰ্য্য নহয় ।

(DISCLAIMER: The views and opinions expressed in this presentation are those of the interviewee and do not necessarily represent official policy or position of Rajniti Axom )