সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰ: আভিজিৎ শর্মা

1809
  • আভিজিৎ শর্মা, সভাপতি এ পি ডব্লিউ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সাম্প্ৰতিক পৰিস্হিতি, কোভিড আতংক আদিৰ বাবে বিগত কিছু দিন ধৰি অসমত চলি থকা কেতবোৰ বিয়াগোম বিসংগতি সম্পৰ্কে আমি মুখ খোলা নাছিলো যদিও এতিয়া আমি অনুধাৱন কৰিছো যে কথাবোৰ ৰাইজৰ দৃষ্টিগোচৰ নকৰিলে পলম হব।  কোভিড আতংক যদিও মাৰাত্মক হৈয়ে আছে তথাপি কেবল আতংকৰ দোহাই দিয়ে সময় অনুযায়ী যদি ৰাইজক প্রতিটো কথা সময়ত উনুকিয়াই দিয়া নহয় হয়তো হিতে বিপৰীত হব।
কোভিড আতংকত জনতা আতংকিত হৈ থকাৰ মাজতে অসম চৰকাৰৰ বিভিন্ন বিভাগত দুর্নীতিৰ বিভিন্ন কাণ্ড পুর্ণোদ্যমে চলিব ধৰিছে সচা কথা কবলৈ গলে দুগুণ উৎসাহত চলিব ধৰিছে।  কথাবোৰ গমি চালে এনে ভাব হয় যেন কোভিডৰ দোহাই দি কিছুমান বিষয়া ঠিকাদাৰৰ দুর্নীতি কেলেংকাৰীয়ে এক নতুন অধ্যায়ৰ সুচনা কৰিছে।
প্ৰথমেই জনাও অসমৰ সাম্প্ৰতিক পৰিস্হিতিত “হঠাৎ পেট্রিয়ট” হৈ পৰা অসমৰ ইতিহাসত নজিৰবিহীন দুর্নীতিৰে নিজৰ নাম সোণালী আখৰেৰে লিখিও কোভিড প্ৰেক্ষাপটত সাংঘাটিক অসমপ্রেমী হৈ পৰা কেইজনমান ঠিকাদাৰৰ কথা।  কোভিডত জনতাক লকডাউনত ৰখাৰ সময়তে ৰাজকোষৰ কৌটি কৌটি টকা উলিয়াই নিবলৈ সক্ষম হোৱা এনে ঠিকাদাৰসকলে কোভিড যুজৰ বাবে কৌটি কৌটি টকা চৰকাৰক দান দিলে।  তেনে এজন কোনো ধানুকা,  কোনো জৈন,  কোনো টেণ্ট হাউছৰ ব্যৱসায়ী,  কোনো দাস,  কোনো শৰ্মাই, কোনো দত্তই চমকপ্ৰদ বৰঙণিৰে বাতৰিৰ শিৰোনাম দখল কৰিলে। বৰঙণিৰ পৰিমাণ দেখি সকলো তেওলোকৰ ভক্ত হৈ পৰিল।  কিন্তু কাহিনীটো দেখাত যিমান সৰল আৰু সহজ প্ৰকৃততেই তেনেকুৱানে?  অসমৰ সহজ সৰল জনতাৰ আগত বিপদৰ ত্রাণকর্তাৰ ভুমিকাৰ অভিনয়ত অভিনয় কৰা এইকেইজন মুষ্টিমেয় তেজপিয়াই কোনো প্রভাবশালী মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ অসমত কেনেকৈ লুণ্ঠন চলাইছিল সেয়া অসমৰ ৰাইজ কিমান জ্ঞাত? এইকেইজন ঠিকাদাৰৰ এই দান দি মহান হোৱাৰ নাটকখন আৰু ভুমাফিয়াই বিহু পুজাত মোটা বৰঙণি দি সাংস্কৃতিক সন্ধিয়াত ফুলাম গামোচা পিন্ধা নাটকখন একেই।
অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ এন এইচ এমত দুই নম্বৰী ঔষধ দিও একমাত্ৰ মন্ত্রীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ব্লেকলিষ্টেড হোৱাৰ পৰা ৰক্ষা পৰা কোনোবা ধানুকা নামৰ লুটি পুটি অসমৰ ৰাজকোষ শৰাধ কৰাজনেই এতিয়া খুদ চতিয়াই অসমৰ ইতিহাসত কবলৈ গলে লাচিত বৰফুকন হবলৈ ওলাইছে।   টেণ্ট আৰু  খাদ্যৰ মাফিয়াগিৰি কৰা কোনোবা “কি কি” আজি কোভিডৰ আগ শ্রেণীৰ ৰণুৱা।  কেনেকৈ এজন তেজপিয়া ৰত্নাকৰ বাল্মীকি হল l মাথো আদালতৰ মজিয়াত ৰত্নাকৰ বাল্মীকি হোৱাৰ কাহিনী প্ৰমাণ কৰিবলৈ কিছু সময় লাগিব।
কথাটো হল অসমৰ মুখ্যমন্ত্ৰীজন এইবোৰ বিষয় বা নাটক সম্পৰ্কে জ্ঞাত নে অজ্ঞাত?  যদি জ্ঞাত অথচ মনে মনে আছে তেন্তে কিয়?  আৰু যদি অজ্ঞাত তেও প্ৰকৃততে কৰি আছে কি?
কোভিডৰ নামত ৰাইজক ঘৰত তলা বন্ধ কৰি ৰাখি,  দিছপুৰত সাধাৰণ জনতাৰ প্রৱেশ নিষিদ্ধ কৰি বচা বচা এচাম ঠিকাদাৰক ধন মুকলি কৰি দিয়া হল।  সেইকেইজন ঠিকাদাৰেই কোভিড যুদ্ধত মুক্ত হস্তে দান আগবঢ়ালে।  আনহে নালাগে যুদ্ধকালীন ভাবে পি পি ই কীট চীনৰ পৰা অনা হল।  যুদ্ধকালীন প্রস্তুতি।  ইয়াতো সেইকেইজনেই ঠিকাদাৰ , যিসকলে কৌটি কৌটি টকাৰ দুই নম্বৰী ঔষধ যোগান দি ব্লেকলিষ্টেড হোৱাৰ পৰা একমাত্ৰ ৰাজনৈতিক প্রভাবত হাত সাৰি আহিছে।  অৱশ্যে চীনৰ পৰা অনা পি পি ই কীটক লৈ যি লম্ফ জম্ফ আৰু দম্ভ দেখুৱাইছিল পিচত জিভা পিচল খাইও সেই পি পি ই কীটৰ নাম নোলোৱা হল।
মূখ্যমন্ত্ৰী মহোদয়,  আজি বাতৰি কাকত মেলিব নোৱাৰা অৱস্হা।  চৰকাৰৰ কোনো যেন অস্তিত্বই নাই।
কোভিডে  অসুবিধা নকৰিলে অর্থাৎ সময়ৰ জোখাৰে যদি সঠিক সময়ত নিৰ্বাচন হয় তেন্তে আপোনাৰ হাতত মাত্র দহ মাহ আছে আৰু ভালকৈ চালে নিৰ্বাচনী অধিনিয়ম বাদ দিলে আঠমাহ মান আছে।  আপুনি সিদ্ধান্ত লৈ কিবা এটা কৰক , নহলে আগন্তুক নির্বাচনত দুর্নীতিও এটা ইছ্যু হব,  যিটো আপোনাক শাসনত আনিবলৈ ভোটদান কৰা কোনো ভোটাৰে কাস্মিনকালেও ভবা নাছিল।
শেষত মাননীয় মুখ্যমন্ত্ৰী  মহোদয় আপোনাৰ দৃষ্টিগোচৰ কৰিলো,  আপুনি ব্যৱস্হা লওক ।