জনসংখ্যা নীতি গ্ৰহণ কৰি  ত্বৰিৎ কাৰ্যকৰণৰ ব্যৱস্থা কৰক: ডাঃ উমেশ চক্ৰবৰ্তী

3407

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত ডাঃ উমেশ চক্ৰবৰ্তী: ক্ষেত্র কাৰ্যবাহ  (অসম ক্ষেত্র), ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰে

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম : পোন প্ৰথমে আপোনাক অসমৰ প্ৰথম ৰাজনৈতিক ই – আলোচনী ‘ৰাজনীতি অসম ‘ ৰ তৰফৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনালোঁ ।  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কি ? ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ?

ডাঃ উমেশ চক্ৰবৰ্তী :  আমাৰ পবিত্ৰ হিন্দু ভুমি ভাৰতবৰ্ষত থকা বিভিন্ন জাত- পাত ,উপাসনা পদ্ধতি , ভাষা  আদিত বহুধা বিভক্ত হিন্দু সমাজক সংগঠিত কৰাই  সংঘৰ উদ্দেশ্য । কিয়নো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সমাজ হৈছে হিন্দু । এই  হিন্দু সমাজক একত্ৰিত কৰি এটা প্ৰবল  শক্তিশালী ৰাষ্ট্ৰীয় শক্তি নিৰ্মাণৰ দ্বাৰা এই দেশক উন্নতিৰ সৰ্বস্ব শিখৰত লৈ যোৱাই সংঘৰ লক্ষ্য ।  তেতিয়াহে ভাৰতবৰ্ষ পুনৰ বিশ্বগুৰুৰ আসনত অধিস্থিত হ’ব পাৰিব । সংঘই যেতিয়া হিন্দু সমাজৰ কথা কয় , তেতিয়া এটা বিশেষ উপাসনা পদ্ধতি মানি চলা সমাজৰ কথাই নকয় ;  সংঘৰ মতে এই পবিত্ৰ ভাৰত ভুমিক মাতৃ ভুমি বুলি মানি ইয়াৰ সভ্যতা সংস্কৃতিক নিজৰ বুলি আকোৱালি লৈ এটা আদৰ্শ জীৱন যাপন কৰা সকলোৱেই হিন্দু ।
ৰাজনীতি অসম : মাজুলীত একাংশ মিছিং মানুহ ধৰ্মান্তৰ হ’ল  । খ্ৰীষ্টান গ্ৰহণ কৰিলে । ধৰ্মান্তৰ হোৱা ব্যক্তিয়ে সত্ৰাধিকাৰক আঙুলী টোৱাইছে ।এতিয়া কৰণীয় কি ?
ডাঃ উমেশ চক্ৰবৰ্তী : এইটো চিন্তনীয় বিষয় । কোনো ক্ষেত্ৰতে সনাতনী হিন্দু ধৰ্মই জাত – পাতক প্ৰশ্ৰয় নিদিয়ে । কোনো ব্যক্তিৰ দ্বাৰা ধৰ্মান্তৰকৰণ ঘটনাৰ সুত্ৰপাত হ’লে , অকল সত্ৰাধিকাৰেই নহয় সেই অঞ্চলৰ প্ৰতিজন সচেতন ব্যক্তি সজাগ হোৱা দৰকাৰ । বৃটিছৰ দিনৰে পৰা খ্ৰীষ্টান মিছনেৰীসকলে উত্তৰ পুব ভাৰতক এটা খ্ৰীষ্টান অঞ্চল হিচাপে গঢ় দিবলৈ চেষ্টা কৰি আছে । বিদেশৰ পৰা কিছুমান এন জি অ’ ৰ জড়িয়তে তেওঁলোকে আৰ্থিক সহযোগীতা পায় আহিছে ।  চৰকাৰে এই ধৰণৰ এনজিঅ’ ৰ ওপৰত চোকা নজৰ দি উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।  সত্ৰাধিকাৰ আৰু  আন আন ধৰ্মাচৰ্য্য সকলেও সহজ সৰল মিছিং ৰাইজৰ মাজলৈ গৈ সনাতন ধৰ্মত তেওঁলোকৰ বিশ্বাস অটুত ৰাখিবলৈ চেষ্টা কৰিব লাগে । ই সময়ৰ আহ্বান কাৰণ স্বামী বিবাকানন্দই কৈছিল , ‘ধৰ্মান্তৰকৰণে অকল মাত্ৰা পন্থা  সলনি নকৰে , ই ৰাষ্ট্ৰান্তৰ কৰা পথো মুকলি কৰে । ‘
ৰাজনীতি অসম : আজিৰ সময়ত হিন্দু ধৰ্মত সংস্কাৰ আন্দোলনৰ প্ৰয়োজন হৈছে নেকি ?
ডাঃ উমেশ চক্ৰবৰ্তী : হিন্দু ধৰ্ম সদায় সংস্কাৰত বিশ্বাসী । সনাতন হিন্দু ধৰ্মত কিছুমান আধাৰভুত তত্ব আছে যিবোৰ অপৰিৱৰ্তনীয় । সেইবোৰৰ ওপৰত ভিত্তি কৰি সমাজৰ দৈনন্দিন জীৱনৰ ৰীতি নীতি গঢ়ি উঠে । এই সামাজিক ৰীতি নীতি বোৰ সময় সাপেক্ষে সংস্কাৰ হোৱা সদায় আৱশ্যক । আৰু ভাৰতবৰ্ষত সনাতন হিন্দু ধৰ্মত এই সংস্কাৰ সদায় হৈ আহিছে । কেবল মাত্ৰ মুছলমান আৰু ইংৰাজ শাসনৰ কালছোৱাত এই সংস্কাৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছিল । যাৰ ফলত আমাৰ সমাজত জাতি ভেদ , অস্পৃশ্যতা আদি কুপ্ৰথাবোৰে ছানি ধৰে । বৰ্তমান সময়ত এই কুপ্ৰথাবোৰ সমুলঞ্চে নাশ কৰাৰ বাবে সংস্কাৰ আন্দোলনৰ অতি প্ৰয়োজন । সুখৰ কথা সংঘ ,বিশ্ব হিন্দু পৰিষদ আৰু অন্যান্য সংগঠনৰ মাধ্যমত এই কাম আৰম্ভ হৈছে ।
ৰাজনীতি অসম : বিজেপিৰ লগত সংঘৰ সম্পৰ্ক কি ?
ডাঃ উমেশ চক্ৰবৰ্তী : সংঘ আৰু ভাজপা দুটা পৃথক স্বতন্ত্ৰ সংগঠন । উভয়ে নিজ নিজ সংবিধান  অনুসৰী কাম কৰে ।  সংঘ আৰু ভাজপাৰ সাংগঠনিক সম্পৰ্ক নাই । একোজন স্বয়ংসেৱক  ৰাজনৈতিক চিন্তাধাৰাত  স্বতন্ত্ৰ । তেওঁলোক যিকোনো দলৰ লগত জড়িত থকিব পাৰে । কিন্তু মুল কথাটো হ’ল যিদলতেই নেথাকক এজন স্বয়ংসেৱকে ৰাষ্ট্ৰহীতক সদায় প্ৰাধান্য
দিব লাগে । আৰু সেইকাৰণেই হয়তো সাধাৰণতে   ৰাজনীতিৰ জড়িয়তে দেশ সেৱা কৰিব বিচৰা স্বয়ংসেৱকে ভাজপাত যোগ দিয়া দেখা যায় ।
ৰাজনীতি অসম : ধাৰা ৩৭০ গ’ল , উচ্চতম ন্যায়ালত মন্দিৰ মছজিদ বিবাদ মিমাংসা হ’ল । এতিয়া কোনটো জলন্ত সমস্যা সমাধানত ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবে ?
ডাঃ উমেশ চক্ৰবৰ্তী :  কেইবা দশক ধৰি অমীমাংশীত উক্ত সমস্যাবোৰ সমাধান কৰা বাবে কেন্দ্ৰীয় চৰকাৰ ধন্যবাদৰ পাত্ৰ । চৰকাৰৰ ভৱিষ্যত কাৰ্য্যসুচী কি আমি নেজানো কিন্তু , সাধাৰণ নাগৰিক হিচাপে আমি অনুভৱ কৰো যে বৰ্তমান জনসংখ্যা বিস্ফোৰণেই হৈছে দেশৰ সমুখত দেখা দিয়া জলন্ত সনস্যা । ক্ৰম বৰ্ধমান এই সমস্যাই চৰকাৰৰ সকলো উন্নয়ন মুখী কাৰ্য্য – আঁচনিৰ প্ৰভাব  নস্যাৎ কৰিছে ।  সেইকাৰণেই  আমি আশা কৰো যে  চৰকাৰে অতি সোনকালে এটা জনসংখ্যা নীতি গ্ৰহণ কৰি  ত্বৰিৎ কাৰ্যকৰণৰ ব্যৱস্থা কৰক ।
ৰাজনীতি অসম :  নতুন ইংৰাজী বছৰ এটা আৰম্ভ হ’ল , নতুন প্ৰজন্মক উদ্দেশ্য কৰি কি ক’ব ?
ডাঃ উমেশ চক্ৰবৰ্তী :  ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা সকলোকে জনালোঁ । আজিৰ প্ৰজন্মই নিজৰ কৰ্মৰে জীৱন গঢ়িব লাগিব আৰু  আজিৰ প্ৰজন্মৰ সুষ্ঠ জীৱন যাপনেই দেশ নিৰ্মাণৰ আধাৰ । দেশৰ ভৱিষ্যত যুব প্ৰজন্মৰ ওপৰতেই নিৰ্ভৰশীল । সেইকাৰণে সকলো ধৰণৰ জ্ঞান আৰু যোগ্যতা আহৰণ কৰি নিজকে ভৱিষ্যতৰ কাৰণে সাজু কৰি তুলিব লাগিব । কাৰণ যোগ্যা ভোগ্য বসুন্ধৰা ।