কটন কলেজৰ হিমন্ত বিশ্ব শৰ্মা

11575
  • ড০ সুশান্ত কুমাৰ কাশ্যপ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ আগশাৰীৰ বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমত কৰা কিছুমান মন্তব্যৰ জড়িয়তে  মানুহজনে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল ।  অসমৰ ৰাজনীতি তথা সংবাদ মাধ্যমটো সঘনে চৰ্চা হয় মানুহজনৰ বিষয়ে ।  ক’ৰবাত ৰাজনৈতিক অঘটন ঘটিলেই সন্দেহৰ আঙুলি  নিক্ষেপিত হয় মানুহজনৰ পিনে ; উত্থাপিত হয় অভিযোগ, মানুহজন সোমাই পৰে সন্দেহৰ আৱৰ্তত । ছ’চিয়েল মিডিয়াতো সৰৱ আলোচনা হয় তেওঁ কৰা কিছুমান কৰ্ম-কাণ্ডক কেন্দ্ৰ কৰি । যেনেদৰে তেখেতৰ সমালোচকৰ সংখ্যা অগণন, অনুৰাগীৰ সংখ্যাও কম নহয় । ছ’চিয়েল নেটৱৰ্ক চাইট ‘ফেচবুক’ত তেখেতৰ অনুৰাগীয়ে গঠন কৰিছে বহুটো ‘পেজ’। তদুপৰি ‘ইউটিউৱ’ত সংৰক্ষিত ৰাষ্ট্ৰীয় বৈদ্যুতিন মাধ্যমত বিভিন্ন সময়ত তেখেতে দিয়া সাক্ষাৎকাৰ হাজাৰ হাজাৰ জনে প্ৰত্যক্ষ কৰিছে ।  বিভিন্ন সময়ত কৰা কিছুমান অবাঞ্ছিত, অপ্ৰিয় মন্তব্যই তেওঁক লৈ যায় তুমুল বিতৰ্কলৈ, চৰ্চালৈ । বিতৰ্ক যেন মানুহজনৰ আজন্ম সহচৰ! অৱশ্যে কিছু কিছু ক্ষেত্ৰত হোৱাই নোহোৱাই তেখেতৰ ‘নাম’টো সোমাই পৰে বিতৰ্কত । হয়তো সাম্প্ৰতিক সময়ৰ আটাইতকৈ চৰ্চিত ৰাজনীতিবিদজন কোন বুলি প্ৰশ্ন কৰিলেই উত্তৰত  তেখেতৰ নামটোৱেই প্ৰথম আহিব | হয়, আমি ক’ব গৈ আছো ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা  ।

নব্বৈৰ দশক । উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ এখন ঐতিহ্যপূৰ্ণ মহাবিদ্যালয় ‘কটন কলেজ’ত নামভৰ্তি কৰিবলৈ যোৱা জ্যেষ্ঠা ভগ্নীৰ লগত আমাৰো যোৱাৰ সৌভাগ্য হৈছিল। আমাৰ হেঁপাহ আছিল এই নামী মহাবিদ্যালয়খন স্বচক্ষে প্ৰত্যক্ষ কৰা, লগতে ‘ষ্টেণ্ড’ কৰা ছাত্ৰ-ছাত্ৰী সকলক ওচৰৰ পৰা চোৱা । তেতিয়াৰ দিনত অসমৰ প্ৰায় আটাইবোৰ ‘ষ্টেণ্ড’কৰা ছাত্ৰ-ছাত্ৰীয়ে কটন কলেজত নামভৰ্তিৰ বাবে আহিছিল। আমি নামভৰ্তি অনুষ্ঠিত হোৱা ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিছিলো। গোটেই প্ৰেক্ষাগৃহটো অপেক্ষাৰত উৎসুক ছাত্ৰ-ছাত্ৰী তথা লগত অহা অভিভাবক-অভিভাবিকাৰে ভৰি পৰিছিল । বহুতৰে মাজত আশংকাৰ চিন স্পষ্ট – নামভৰ্তিৰ সুবিধা পাব নে নাপায় ! কাৰণ সম্পূৰ্ণ মেধা আৰু উচ্চ মাধ্যমিকত লাভ কৰা নম্বৰৰ ভিত্তিতহে নামভৰ্তি হৈছিল। যথাসময়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। নামভৰ্তি নহয় যেন এটা অনুষ্ঠানহে ! আগমুহুৰ্তত তদানীন্তন অধ্যক্ষ ড০ কমলেন্দু দেৱক্লোৰী দেৱে নৱাগত সকলক উদ্দেশ্যি এটি সুন্দৰ তথা
সাৰুৱা ভাষণ প্ৰদান কৰিছিল।  অধ্যক্ষৰ ভাষণৰ পিছতেই কটন কলেজ ছাত্ৰ একতা সভাৰ তদানীন্তন সাধাৰণ সম্পাদকজনে মহাবিদ্যালয়খনলৈ আদৰনি জনায় যি ভাষণ প্ৰদান কৰিছিল সেই ভাষণে আমাক মুগ্ধ কৰিছিল কাৰণ এজন ছাত্ৰনেতাৰ মুখত তেনেধৰণৰ সাৱলীল আৰু সাৰগৰ্ভ ভাষণ শুনাৰ সৌভাগ্য তাৰ আগতে আমাৰ হোৱা নাছিল । সেই ছাত্ৰ নেতাজনেই আছিল আজিৰ সবাতোকৈ চৰ্চিত ৰাজনীতিবিদ ড০ হিমন্ত বিশ্ব শৰ্মা । পৰৱৰ্তী পৰ্যায়ত আমি নিজেও এইখন মহাবিদ্যালয়ৰ ছাত্ৰ হৈছিলো আৰু ছাত্ৰ অৱস্থাতে আমাক আকৰ্ষণ কৰিবলৈ সক্ষমহোৱা হিমন্ত বিশ্ব শৰ্মাক ওচৰৰ পৰা পাইছিলো ।

ঊনৈশনব্বৈ চনৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ ‘ৰজনী কান্ত বৰদলৈ ছাত্ৰাৱাস’(কচমো প’লিটান হোষ্টেল)ৰ আবাসী হৈছিলো । তেতিয়াৰ দিনত নৱাগত ছাত্ৰ সকলে জ্যেষ্ঠ আৱাসীসকলৰ ৰুমে ৰুমে গৈ চিনাকী হব লাগিছিল । নৱাগত আৱাসীৰ পৰিচয় আছিল ডিঙিত গামোছা আৰু হাতত এখন বহী(এই বহীখনেই আছিল হোষ্টেলৰ মকৰধ্বজ, সকলো জ্যেষ্ঠ আৱাসীৰ নাম, ঠিকনা এইখনতেই লিপিবদ্ধ হৈছিল । নাম, ধাম,কাম মুখষ্ঠ কৰিব লগা হৈছিল। বিশেষকৈ নৱাগত আদৰণি সভাৰ দিনা কোনোবা জ্যোষ্ঠ আবাসীয়ে ‘মোৰ নাম, এড্ৰেচ ক’ বুলি প্ৰশ্ন কৰিলেই নৱাগত সকলে একে উশাহতে এফালৰ পৰা সকলোবোৰ কৈ দিব পাৰিছিল। আনকি বহুতে পিন নম্বৰ পৰ্যন্ত মুখস্থ কৰি দিছিল।) খুউৱ সম্ভৱ চিনাকী পৰ্বৰ সময়তে হোষ্টেলৰ ‘নিউ ব্লক’ৰ জ্যোতিদাৰ (ড০ জ্যোতিপ্ৰসাদ শইকীয়া, বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশিষ্ট লেখক)ৰুমত লগ পাইছিলোঁ হিমন্ত বিশ্ব শৰ্মাক । ক’ৰ পৰা আহিছো, কি পঢ়ি আছো আদি বিভিন্ন প্ৰশ্ন কৰি মোক সুধিলে  ‘মোক চিনি পাইছনে? …..মই এই আৱাসত নাথাকো… মোক কলেজৰ য’তে ততেই পাবি ।’  সেইবছৰ হিমন্ত বিশ্ব শৰ্মাই স্নাতক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল আৰু কাৰ্যকালৰ প্ৰায় অন্ত পৰিছিল । সেই সময়ৰ আৱাসীৰ মুখত শুণিছিলো হিমন্ত বিশ্ব শৰ্মা সাধাৰণ সম্পাদক হৈ থাকোতে আৱাসবোৰত ৰঙীন টি ভি দিয়া হৈছিল । তেতিয়াৰ দিনত ৰঙীন টি ভি বিলাসী সামগ্ৰীয়েই আছিল, ঘৰত কলা বগা টি ভি চাই আৱাসত ৰঙীন টি ভি দৰ্শন কৰাতো আমাৰো এক প্ৰকাৰ সৌভাগ্যই আছিল । তদুপৰি বহু কেইটা আৱাসত নতুন ‘টয়লেট’ নিৰ্মানৰ কাম আৰম্ভ হৈছিল । কিবা এটা নতুন কাম কৰাৰ মানসিকতা সেইসময়ৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ আছিল । কটন কলেজৰ লগতে আৱাসৰ বহু উন্নয়নমূলক কাম হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আৰম্ভ হোৱা বুলি কলেওঁ নিশ্চয় ভুল কোৱা নহব । ইয়াৰোপৰি সেইসময়ত কটন কলেজৰ পৰা কেইখনমান মূল্যবান গ্ৰন্থও প্ৰকাশিত হৈছিল য’ত ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈছিল ।

১৯৯১ চনৰ কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । আমি তেতিয়া উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ । ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্তি কৰিছিল  আৰু সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । প্ৰতিদ্বণ্দী খুউৱ সম্ভব নৱজ্যোতি বৰা আছিল বোধহয় । নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠিছিল । আমি “এইচ এচ চেকেণ্ড ইয়েৰ” গ্ৰুপ আছিলো ‘কচমো হোষ্টেল’ৰ এটা বৃহৎ শক্তি । আমাৰ একতাও আছিল সাংঘাটিক, অকল্পনীয় । আমাৰে লগৰ এজনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মতবিৰোধ হৈছিল কিবা এটা কথাক কেন্দ্ৰ কৰি । লগে লগে আমি একগোট হৈ গ’লো হিমন্ত দাক আমি ভোট নিদিও । এই কথাতো কেনেবাকৈ হিমন্ত বিশ্ব শৰ্মাৰ কাণত পৰিল । নিৰ্বাচনলৈ দুদিন নে তিনিদিন বাকী । আমালৈ খবৰ আহিল তেখেতে আমাক লগ কৰিব বিচাৰিছে । আমি নিশা কচমোৰ ওল্ড ব্লকৰ এটা ৰুমত মিলিত হ’লো । হিমন্ত বিশ্ব শৰ্মা স্বভাব সিদ্ধ হাঁহি এটিৰে ৰুমত সোমাই আহিল । আমি তেখেতক বিভিন্ন প্ৰশ্নেৰে ব্যতিব্যস্ত কৰিলোঁ, যেন ৰেগিংহে কৰিছোঁ । খং, ক্ষোভ উজাৰিলোঁ । তেখেতে হাঁহি হাঁহিয়েই আমাৰ লগত কথা পাতিলে ঘৰুৱা ভাৱে । সকলো সহজ কৰি দিলে । আমিও একপ্ৰকাৰ হাৰি যোৱাৰ দৰে হ’ল । মুঠতে হোষ্টেলৰ ভাষাত আমি হিমন্ত দাৰ লগত ‘ফিটিং’ হৈ গ’লো । নিৰ্বাচন, ভোটৰ  কথা বাদ পৰিল, আমি বেলেগ বেলেগ কথা পাতিব ধৰিলোঁ । আমাৰ লগৰ এজনে সুধিলে দাদা, আপুনি বোলে চিনেমাও কৰিছে ! সিদিনাই গম পাইছিলো আশীৰ দশকৰ ‘ককাদেউতা, নাতি আৰু হাতী’ নামৰ জনপ্ৰিয় ছবিখনত হাতীত উঠি ‘এক দুই তিনি চাৰি….’ শীৰ্ষক গীতটো গাই যোৱা সৰু ল’ৰাজনেই হিমন্ত বিশ্ব শৰ্মা । চিনেমা কৰাৰ বিভিন্ন অভিজ্ঞতা বৰ্ণালে । ৰাতিপুৱালৈকে ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’ দি থকা আমিবোৰ সেইনিশাৰ পৰাই ‘হিমন্ত দা জিন্দাবাদ’ হৈ পৰিলোঁ । প্ৰত্যাশিতভাবেই নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত হিমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে জয়ী হ’ল । সেইবাৰ কাৰ্যকালত কটনত ‘ইনড’ৰ ষ্টেডিয়াম’ৰ নিৰ্মান কাৰ্যকে ধৰি বহুকেইটা উন্নয়নমূলক কাম আৰম্ভ হয় । সেইটো কাৰ্যকালতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে কটনৰ আৱাসে আৱাসে ‘ৰক্তদান গোট’ গঠন হৈছিল । তেজৰ প্ৰয়োজন হোৱা ৰোগীক সেই সময়ৰ হোষ্টেলৰ ল’ৰাই স্বেচ্ছাই ৰক্তদান কৰিছিল । তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ আছিল সহায় কৰাৰ মানসিকতা । বিশেষকৈ অৰ্থনৈতিক ভাৱে দূৰ্বল ছাত্ৰবাসৰ ছাত্ৰ সকলক কিতাপ, কাগজ, কাপোৰ পৰ্যন্ত দি সহায় কৰিছিল । ইয়াৰ উপৰিও কলেজৰ পৰা, ছাত্ৰবাসৰ পৰা পাব পৰা বিভিন্ন সুবিধা, স্ক’লাৰছিপ আদিৰ ব্যৱস্থাও কৰি দিছিল । হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ শেষৰ ফালে (অৰ্থাৎ ১৯৯২ চনৰ আগষ্ট/চেপ্তেম্বৰ মাহত বোধকৰো) ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’  হিচাপে ঘোষণা কৰিবলৈ কটন কলেজলৈ আহিছিল তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড০ শংকৰ দয়াল শৰ্মা । এই উপলক্ষে আয়োজিত সভাত অংশ গ্ৰহণ কৰিছিল তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কুমাৰী ছেলজা আদি বিশিষ্ট ব্যক্তিসকলে । হয়তো ইয়াৰ পিছতেই আৰম্ভ হয় হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলত যোগদানৰ প্ৰক্ৰিয়া । কিন্তু ১৯৯২ চনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা প্ৰথমবাৰৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া হয় ভূৱন পেগুৰ হাতত । অৱশ্যে এই পৰাজয় অপ্ৰত্যাশিত নাছিল । হয়তো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগত মিতিৰালী গৰিষ্ঠ সংখ্যক কটনিয়ানে সহজ ভাবে ল’ব নোৱাৰিলে । তিনিটা কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়বৰণ কটনৰ ইতিহাসত এক উল্লেখযোগ্য খবৰ হিচাপে পৰিগণিত হ’ল ।  ইয়াৰ পিছতেই যেন প্ৰত্যক্ষ ছাত্ৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ বিদায় জনালে ।

পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যান পৰিষদৰ সদস্য সচিৱ হিচাপে নিযুক্ত হ’ল । সদস্য সচিৱ হিচাপে হিমন্ত বিশ্ব শৰ্মাই কৰা এটা উল্লেখযোগ্য কাম আছিল মেট্ৰিকত ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক মাহিলী পাচশ টকাকৈ বৃত্তি প্ৰদানৰ ব্যৱস্থা । এই ব্যৱস্থাই সেইসময়ৰ মেধাবী অথচ অৰ্থনৈতিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰক্ষেত্ৰত যথেষ্ঠ সহায় কৰিছিল । পুৰস্কৃত ছাত্ৰ-ছাত্ৰী সকলৰ ফটো আৰু ঠিকনা সম্বলিত ‘উদ্দীপনা’ শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰিছিল । ২০০১ চনৰ বিধান সভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবা্ৰৰ বাবে বিধায়ক হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মা । প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীত্ব প্ৰদান কৰা হোৱা নাছিল যদিও পৰৱৰ্তী পৰ্যায়ত ‘পৰিকল্পনা আৰু উন্নয়ন বিভাগ’ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হয় ।  অৱশ্যে এই বিভাগটো সেইসময়ত তুলনামূলক ভাবে নতুন আৰু গুৰুত্বহীন আছিল । ৰাইজৰ বাবেও এটা অপৰিচিত বিভাগ আছিল এইটো । ইয়াৰ আগতে কোনো স্বতন্ত্ৰ মন্ত্ৰীও নাছিল বোধহয় এই বিভাগটো চম্ভালিবৰ বাবে । এনে এটা নতুন বিভাগৰ মন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে কিছু কিছু নতুন চমক সৃষ্টিকাৰী কাম । ঘোষণা কৰিলে মেট্ৰিকত প্ৰথম বিভাগ পোৱা ছাত্ৰ-ছা্ত্ৰীক প্ৰদান কৰা হব কম্পিউটাৰ । বিৰোধী দলবোৰে সমালোচনা কৰিলে । কেনেকে ইমানবোৰ কম্পিউটাৰ দিব, ক’ৰ পৰা টকা আহিব, যি সকলৰ ঘৰত বিদ্যুতৰ ব্যৱস্থা নাই সেই সকলৰ বাবে কম্পিউটাৰ ভালুকৰ সাঙী নহবনে ইত্যাদি বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিলে বিৰোধী শিবিৰে । কিন্তু সকলোকে স্তম্ভিত কৰি আৰম্ভ হ’ল কম্পিউটাৰ প্ৰদান আঁচনি -নাম দিলে ‘আনন্দ ৰাম বৰুৱা বটা’ । যিসকলে কম্পিউটাৰ নলয় সেই সকলক দিলে সম পৰিমাণৰ মূল্য-নগদ ধন । হয়তো এই কাম বো্ৰৰ মুলতে আছিল অভাৱগ্ৰস্থ ছাত্ৰ-ছাত্ৰীসকলক পৰোক্ষ ভাৱে সহায়ৰ হাত আগবঢ়োৱা । কাৰণ কটনৰ হোষ্টেলৰ মেধাবী অথচ অৰ্থনৈতিক ভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱ, দূৰাৱস্থা হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ কৰিছিল । আৰু এইবাৰ উচ্চশিক্ষা অনুষ্ঠানত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তী মাচুল ৰেহাই আদিও তেখেতৰ ছাত্ৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই লোৱা আঁচনি বুলি ক’ব পাৰি । ২০০১ চনৰ পিছৰ পৰা কোনোবাৰেই বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা পৰাজিত হোৱা নাই । তৰুণ গগৈ মন্ত্ৰীসভাৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পায় । বিশেষকৈশিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে বিভাগ দুটালৈ কিছু পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল । শিক্ষাৰ ক্ষেত্ৰত টেট পৰীক্ষাৰ জৰিয়তে শিক্ষক নিযুক্তি হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম সাফল্য বুলি ক’ব পাৰি । শিক্ষা বিভাগৰ অফিচলৈ নোযোৱাকৈ নিযুক্তি পত্ৰ লাভ কৰাতো আজিৰ দিনত বিৰল বুলিয়েই কব লাগিব । যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰী চাকৰি এটা সপোন আছিল, সেইসকলেও এই ব্যৱস্থাৰ যোগেৰে সহজতে শিক্ষকৰ চাকৰি পাবলৈ সক্ষম হৈছিল । সাত সতৰুৱেও স্বীকাৰ কৰিব ইমান নিকা আৰু স্বচ্চভাৱে নিযুক্তি ইয়াৰ আাগতে হোৱা নাছিল  বুলি।  আচলতে বিগত চৰকাৰখনে যি কেইটা বিষয়ত সফলতা দাবী কৰিছিল তাৰে প্ৰায় কেইটা বিভাগেই চম্ভালিছিল হিমন্ত বিশ্ব শৰ্মাই । এইখিনিতে প্ৰশ্ন হয় তৰুণ গগৈদেৱে সুবিধা নিদিলে হিমন্ত বিশ্ব শৰ্মাই পাৰিলেহেতেননে ! একেই প্ৰশ্ন যদি ওলোটাকৈ কৰা হয় আন মন্ত্ৰীসকলক তৰুণ গগৈদেৱে সুবিধা দিয়া নাছিল নেকি !! প্ৰকৃততে মন্ত্ৰীত্বৰ  সফলতা নিৰ্ভৰ কৰে ব্যক্তিজনৰ যোগ্যতা, দক্ষতাৰ ওপৰত । অপ্ৰিয় হলেও সত্য যে আজিৰ এই ৰাজনৈতিক ব্যৱস্থাত মন্ত্ৰীত্ব প্ৰদানৰ মাপকাঠী যোগ্যতা বা দক্ষতা বা পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে আন আন কিছুমান কাৰকৰ ওপৰত আৰু সেইবিলাকৰ ওচৰত দক্ষতা, যোগ্যতা আাদি গুণবোৰ তেনেই  গৌণ হৈ যায় । যাৰ ফলত সাম্প্ৰতিক সময়ত বৃদ্ধি পাইছে ‘মন্ত্ৰীৰ চাকৰি’ কৰা মন্ত্ৰীৰ সংখ্যা ; আৰু এইসকল  অযোগ্য আৰু অপদাৰ্থ মন্ত্ৰীৰ আপাহতে সময়ে সময় গণতান্ত্ৰিক চৰকাৰ পৰ্যবশিত হয়  আমোলাতান্ত্ৰিক চৰকাৰলৈ । আন ৰাজনীতিকৰ দৰে হিমন্ত বিশ্ব শৰ্মাও ধোৱা তুলসীৰ পাত নহয় । বিভিন্ন সময়ত তেখেতৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে অভিযোগ । দূৰ্নীতি, কুটিলৰাজনীতিৰ পৰা আৰম্ভ কৰি দল সলনি কৰালৈ বিয়পি আছে অভিযোগৰ শিপা । এই অভিযোগবো্ৰৰ সত্যা-সত্য বিচাৰ কৰাৰ ক্ষমতা আমাৰ নাই, যিহেতু আমাৰ হাতত কোনো প্ৰমাণ নাই। আনকি প্ৰমাণ দিম বুলি দম্ভালি মাৰি কোৱাজনেও সময়ত ব্যৰ্থ হৈছে প্ৰমাণ দিয়াত । অৱশ্যে এয়া সঁচা যে হিমন্ত বিশ্ব শৰ্মাই দল সলনি কৰিছে । কংগ্ৰেছ দলত প্ৰায় চৌব্বিশ বছৰ কাল থকাৰ পিছত বি জে পি দললৈ আহিছে ।  দল বাগৰাৰ ৰাজনীতি ভাৰতত নতুন নহয় । কিছুমান ৰাজনীতিকে বছৰে বছৰে সলনি কৰে দল নাইবা নতুনকৈ গঠন কৰে ৰাজনৈতিক দল । গতিকে হিমন্ত বিশ্বই দল সলনি কৰাতো একো নতুন বা আচহুৱা কথা নহয় ।  কিন্তু এটা কথা কোনেও অস্বীকাৰ নকৰিব যে হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰতিক সময়ৰ এজন বিচক্ষণ, চতুৰ আৰু বুদ্ধিমান ৰাজনীতিবিদ । তেখেতৰ যোগ্যতা, দক্ষতা আৰু কৰ্মপটুতাৰ ওপৰত নিশ্চয় কাৰো দ্বিমত নাই । কৰিম বুলিলেই তেখেতে বহুত কাম কৰিব পাৰে, পাৰিব।  অৱশ্যে কিবা এটা নতুন কাম কৰিব গলেই বিতৰ্ক হয়, সমালোচনা হয় । কাম নকৰিলে সমালোচনাও নাই, বিতৰ্কও নাই । তথাপিও কওঁ অসমৰ উন্নয়নৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থতে ভাল কামবোৰ কৰি যাওঁক । ৰাইজে এতিয়াও বিশ্বাস কৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সততা আৰু হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাই অসমত পৰিৱৰ্তনৰ জোৱাৰ আনিবলৈ সক্ষম হ’ব !


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)