স্বামী বিবেকানন্দক মৌলবাদী বনোৱাহে আচল টাৰ্গেট

2300
  • হৰকুমাৰ ঠাকুৰীয়া

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২০০৩ চনত সংসদৰ চেন্ট্ৰেল হ’ল পোন প্ৰথমবাৰৰ বিনায়ক দামোদৰ সাৱৰকৰৰ ফটো ৰখা হয় । উক্ত অনুষ্ঠানটোত বিভিন্নজন সাংসদৰ উপৰিও  তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী , গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী আৰু লোকসভাৰ অধ্যক্ষ মনোহৰ যোশী উপস্থিত আছিল । উপস্থিত আছিল তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম । গোটেই অনুষ্ঠানটো বয়ক’ট কৰিছিল কংগ্ৰেছ দলে । কংগ্ৰেছ দলৰ এজনো নেতা সেইসময়ত উপস্থিত নাছিল । প্ৰতিবছৰে ২৫ মে ‘ ত অনুষ্ঠিত হোৱা  সাৱৰকৰকৰ স্মৃতিচাৰণ অনুষ্ঠানত আজিলৈকে কংগ্ৰেছ দলৰ সাংসদে উপস্থিত হোৱা নাই । কিন্তু এই বৰ্জনৰ কাৰণ কি সেই কথা  কংগ্ৰেছ দলৰ তৰফৰ কোনো প্ৰেছ বিজ্ঞপ্তি  এতিয়ালৈ দিয়া নাই । বৰ্ষীয়ান বিজেপি নেতা তথা প্ৰাক্তণ আৰ এছ এছ ( ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ) প্ৰচাৰক লালকৃষ্ণ আদৱানীয়ে কংগ্ৰেছৰ এই নীতিত আশ্বৰ্য্য প্ৰকাশ কৰিছে । কিন্তু  কংগ্ৰেছ দলৰ একাংশ নেতাৰ মন্তব্যৰ পৰা বুজা যায় যে মহাত্মা গান্ধীৰ হত্যাৰ গোচৰত সাৱৰকৰ গ্ৰেপ্তাৰ হোৱা আৰু তেওঁৰ হিন্দুত্ববাদ হৈছে কংগ্ৰেছ দলৰ বিৰোধৰ কাৰণ । এইখিনিতে উল্লেখ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭০ চনত সাৱৰকাৰৰ নামত ডাক টিকট প্ৰচলন কৰিছিল আৰু সাৱৰকাৰ ট্ৰাষ্টক ইন্দিৰা গান্ধীয়ে নিজে চেভিংচ একাউন্টৰ পৰা এঘাৰ হাজাৰ টকা ( আজিৰ সময়ত প্ৰায়  ৫ লাখৰ সমান ) দান কৰিছিল ।  ইন্দিৰা গান্ধীৰ সাৱৰকাৰ সম্পৰ্কীয় কাৰ্যকলাপক এজনো কংগ্ৰেছ নেতাই প্ৰশ্ন নকৰে বা কৰিবলৈ সাহস নকৰে ।
মহাত্মা গান্ধীতকৈ ১৪ বছৰ সৰু আৰু জৱাহৰলাল নেহেৰুত কৈ ছয় বছৰ ডাঙৰ সাৱৰকৰৰ জন্ম মহাৰাষ্ট্ৰ ৰাজ্যৰ নাছিক চহৰৰ পৰা ২২ কিলোমিটাৰ নিলগৰ ‘ভাগুৰ ‘ত ১৮৮৩ চনৰ মে’ মাহত । স্কুলীয়া দিনৰ সময়ছোৱাত ভয়ানক প্লেগ মহামাৰীয়ে সাৱৰকৰৰ পৰিয়ালক নিজৰ পিতৃভুমি ত্যাগ কৰিবলৈ বাধ্য কৰায় । বৃটিছ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰী প্লেগত আক্ৰান্ত পৰিয়ালে গাওঁ ত্যাগ কৰিব লাগিছিল আৰু চৰকাৰে নিৰ্ধাৰণ কৰি থোৱা আওঁহতীয়া ঠাইত জীৱনৰ বাকী খিনি সময় কতাব লাগিছিল । অৰ্থাৎ জীৱনতকৈ মৃত্যু শ্ৰেষ্ঠ আছিল । পিতৃ , খুড়াক , ভতীজাক হেৰুৱাই  দুই ভাতৃক লগত লৈ সাৱৰকাৰ নাশিক পায় ।  নাশিকৰ পৰা পুণা আৰু পুণাৰ পৰা লণ্ডন । মহাত্মা গান্ধীয়ে যিদৰে বেৰিষ্টাৰ পঢ়িবলৈ ইংলণ্ডত গৈছিল একদৰে সাৱৰকাৰেও পুণাৰ ফাৰগুচন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ আইন পঢ়িবলৈ ইংলণ্ড গৈছিল । সাৱৰকৰৰ ইংলণ্ড যাত্ৰাৰ মুল ব্যক্তি আছি বাল গংগাধৰ তিলক । গংগাধৰ তিলকে সাৱৰকৰৰ শিক্ষান্ত জলপানিত মোহৰ মাৰিছিল । স্বাধীনতা সংগ্ৰাম আগবাঢ়ি গৈ থাকিল আৰু এই সময়ছোৱাতেই বিভিন্ন স্বাধীনতা সংগ্ৰামীত জেল হ’ল , ফাঁচী হ’ল ইত্যাদী । সাৱৰকাৰে জেল খাতিছিল আন্দামানৰ কালাপানীত আৰু গান্ধীৰ জেল আছিল  পুনেৰ ……..। কালাপানীৰ ছয় ফুট বহল ৰুম আৰু পুনেৰ ৰাজপ্ৰসাদ ।  প্ৰথমে দেশ খণ্ডিত হ’ল আৰু পিছত দেশ স্বাধীন হ’ল । স্বাধীনতাৰ  এবছৰ সম্পুৰ্ণ  নহওঁতেই বা পাকিস্তানৰ পৰা পলায় আহিবলৈ সক্ষম হোৱা হিন্দু আৰু শিখ মানুহখিনিৰ ঘাঁ নুশুকাওঁতেই  সংঘটিত হ’ল আন এক    ট্ৰেজিক ঘটনা । মহাত্মা গান্ধীক মহাৰাষ্ট্ৰৰ যুবক এজনে গুলীয়াই নিহত কৰিলে । সেই দিনটো আছিল ৩০ জানুৱাৰী ১৯৪৮ ; কিন্তু মাত্ৰ এমাহ আগত মহাৰাষ্ট্ৰৰ পুনেৰ পৰা অহা এই যুবকৰ দলটোৰ এজন গ্ৰেপ্তাৰ হৈছিল গান্ধীজীৰ হত্যাৰ এক ব্যৰ্থ চেষ্টাত ।  কি  কাৰণত গান্ধীজীৰ নিৰাপত্তা কটকটীয়া কৰা নহ’ল বা কি কাৰণত তদন্ত প্ৰক্ৰিয়াই গতি লোৱা নাছিল সেইবিলাক আজিও সাথঁৰ । কিন্তু গান্ধীজীক হত্যা কৰাৰ পিছত হত্যাকাৰীয়ে আত্মসমৰ্পণ কৰিছিল আৰু হত্যাৰ এসপ্তাহৰ ভিতৰত মুম্বাইৰ দাদাৰত থকা সাৱৰকৰৰ নিজ ঘৰৰ পৰা পুলিচে বিনায়ক দামোদৰ সাৱৰকাৰক গ্ৰেপ্তাৰ কৰিলে । তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় ৬৫ বছৰ ।  প্ৰথমে prev……….আইনৰ আধাৰত গ্ৰেপ্তাৰ কৰি মুম্বাই আৰ্থাৰ ৰোড জেলত ৰখা হৈছিল আৰু পিছলৈ গান্ধী হত্যাৰ গোচৰত দিল্লীলৈ চালান দিয়া হয় । প্ৰায় এবছৰ পিছত দিল্লীৰ লালকিল্লাত বহা অস্থায়ী কোৰ্টত দুজনক মৃত্যুদণ্ড ঘোষণা কৰে আৰু সাৱৰকৰক দোষমুক্ত ঘোষণা কৰে । প্ৰায় একবছৰ কাল এদিনো জামিন নোপোৱাকৈ এজন ৬৫ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিক আদালতে অপবাদৰ পৰা মুক্তি দিয়ে । বৃটিছৰ বিৰুদ্ধে যুজ দি ২৫ বছৰৰ অধিক কাল কালাপানীত জেল খোৱা আৰু একেখন জেলত থকা নিজ ভাতৃৰ মৃত্যু চকুৰ আগত দেখা সাৱৰকৰে স্বাধীন ভাৰতত এবছৰ জেলত থকাৰ পিছত আদালতে দোষমুক্ত কৰাটো আন এক ট্ৰেজেদী । আচলতে গান্ধীজীৰ জীৱন ৰক্ষা কৰিব নোৱাৰাটো সেইসময়ৰ চৰকাৰ আৰু প্ৰশাসনৰ গাফিলতি আছিল । কাৰণ গান্ধীজীক হত্যা কৰিবলৈ অহা যুবকৰ দলটোৰ এজনক এমাহ আগত গ্ৰেপ্তাৰ কৰা স্বত্তেও গান্ধীজীৰ জীৱন ৰক্ষা কৰিব নোৱাৰাটো প্ৰশাসন আৰু চৰকাৰৰ গুৰুত্বহীন আচৰণ বুলি বিভিন্নজন বুৰঞ্জীবিদে মন্তব্য কৰিছিল ।  এইখিনিতে এটা কথা এতিয়াও স্পষ্ট হোৱা নাই যে সাৱৰকৰ মুল শত্ৰু নহয় ;   যদিও মনি শংকৰ আয়াৰ বা মন মোহন সিংৰ দৰে নেতাই সাৱৰকৰৰ আদৰ্শক সমালোচনা কৰিছে । সাৱৰকৰৰ আদৰ্শক  সমুলঞ্চে শেষ কৰাৰ পিছত শেষ আঘাত কৰা হ’ব স্বামী বিবেকানন্দক । আচলতে বিবেকানন্দক কেতিয়াবাই মৌলৱাদী সজোৱা কাম সম্পুৰ্ণ হৈ গ’লহেতেঁন , যদিহে বিবেকানন্দৰ লগত ৰামকৃষ্ণ মিছন , ৰানেশ্বৰম আৰু পশ্চিম বংগ শব্দ কেইটা   জড়িত নেথাকিলেহেতেঁন । নেতাজীৰ বিৰুদ্ধে কিন্তু নেহেৰু বহুলাংশে সফলো হৈছে । বিভিন্ন সুত্ৰই প্ৰকাশ কৰা মতে স্বাধীনতাৰ বহু বছৰ পিছলৈ চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ঘৰত চোৰাংচোৱা নিয়োগ কৰি থৈছিল । এটা কথা স্পষ্ট যে আজিৰ সময়তো স্বামী বিবেকানন্দৰ ব্যক্তিক মৌলবাদী সজাবলৈ যিখিনি উৰ্বৰ মাটিৰ প্ৰয়োজন সেই উৰ্বৰ মাটি এতিয়াও যুগুত হৈ আছে , মাত্ৰ উচিত সময়ৰ অপেক্ষাত  মাটিদৰাত পানী দিবলৈ ।