সিদ্ধু আৰু মহাভাৰত….

2276
  • ৰিতু বৰুৱা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


(১)
সিদ্ধুক কোনে ব্যৱহাৰ কৰিছে ? উত্তৰৰ কাৰণে মহাভাৰতৰ ঘটনা এটালৈ ঘুৰি চাব লাগিব ।
কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধত অভিমন্যু বধ হৈছিল । পুত্ৰ হত্যাৰ প্ৰতিশোধ লৈছিল অৰ্জুনে জয়দ্ৰথক বধ কৰি । কৌৰৱ সেনাপতিয়ে অভিমন্যু বধৰ সময়ত অৰ্জুনক যুদ্ধক্ষেত্ৰৰ আতঁৰাই নিবলৈ  জয়দ্ৰথক ব্যৱহাৰ কৰিছিল । জয়দ্ৰথ কোন আছিল ? পাণ্ডৱৰ লগত জয়দ্ৰথৰ আছিল ব্যক্তিগত আখেজ ।  বনবাসৰ সময়ছোৱাত জয়দ্ৰথে দ্ৰৌপদীক অপহৰণ কৰাৰ অপৰাধত ভীমে তেওঁৰ চুলি কাটি দিছিল । এই ঘটনাটো আছিল জয়দ্ৰথৰ প্ৰতিশোধ লোৱাৰ বাবে  যথেষ্ট আৰু এই প্ৰতিশোধৰ জুইকুৰাক কৌৰৱে ব্যৱহাৰ কৰিছিল পাণ্ডৱৰ বিৰুদ্ধে ।
এতিয়া  আহিছো সিদ্ধুৰ প্ৰসংগলৈ ____
১/  সিদ্ধু আছিল বিজেপিৰ নেতা । ২০১৪ লোকসভা নিৰ্বাচনত অমৃতশ্বৰ সমষ্টিৰ পৰা সিদ্ধুৱে টিকত বিচাৰিছিল । কিন্তু বিজেপি নেতৃত্বই তেওঁক বঞ্চিত কৰি অৰুণ জেটলিক টিকত দিলে আৰু অৱশেষত নিৰ্বাচনত জেটলি পৰাস্ত হ’ল ।সিদ্ধুৱে  বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে ।  সিদ্ধু আছিল মোদীৰ সমৰ্থক আৰু এতিয়া প্ৰতিশোধৰ জুইত জ্বলি হৈছে ৰাহুল গান্ধীৰ ঘোৰ সমৰ্থক ।
২/ কাৰটাৰপুৰ ক’ৰিডৰৰ আধাৰশীলা স্থাপন অনুস্থানত ইমৰাণ খানে কৈছে , ” সিদ্ধু প্ৰধানমন্ত্ৰী হ’লে ভাৰতৰ লগত পাকিস্থানৰ সম্পৰ্ক ভাল হব । “
৩/ ইমৰাণ খানে কোৱাৰ দৰে সিদ্ধু হ’ব নেকি ভৱিষ্যতে দেশৰ প্ৰধানমন্ত্ৰী ? বাস্তৱক্ষেত্ৰত যিহেতু সিদ্ধু প্ৰধানমন্ত্ৰী হব নোৱাৰে ( পৰিয়াল কেন্দ্ৰীক ৰাজনীতিত), তেন্তে  কোন নেতা প্ৰধানমন্ত্ৰী পদৰ কাৰণে আগ্ৰহী  ?
৪/ মনি শংকৰ আয়াৰে পাকিস্তানত গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপসাৰণ কৰাৰ কাৰণে পাকিস্তানৰ সহায় বিচাৰিছিল ।  মনি শংকৰ আয়াৰ জানো প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল , তেন্তে কোন আছিল প্ৰাৰ্থী ?
৫/ মনি শংকৰৰ বয়স হ’ল ,  মনিশংকৰ আয়াৰৰ সেই দায়িত্ব কোনে কাক অৰ্পণ কৰিছে ?
সময়ে দিব উত্তৰ , সংবাদ মাধ্যমে নহয় ।
(২)
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে নতুন মোৰ ল’লে । বহুজন মহাসংঘ সভাপতি প্ৰকাশ আম্বেদকাৰ আৰু অল ইণ্ডিয়া মজলিচ-ই- ইট্টেহাডুল মুছেলমিনৰ  ( AIMIM) এ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতা কৰিলে । দলিত ৰাজনীতি আৰু মুছলমান ৰাজনীতিৰ মিত্ৰতাই  আন দলৰ মুৰ কামোৰণী বৃদ্ধি কৰিছে । মহাৰাষ্ট্ৰত ১৭ % দলিত আৰু ১৩% হ’ল মুছলমান জনসংখ্যা । ইয়াৰ আগতে প্ৰকাশ আম্বেদকাৰৰ দলে বিধান সভাত দুখন আসন আছে আৰু প্ৰকাশ আম্বেদকাৰ নিজেও লোকসভাৰ সাংসদ আছিল । আনফালে আচাউদ্দিন ওৱেচিৰ দল হায়দৰাবাদৰ পৰা গৈ মহাৰাষ্ট্ৰত বিধান সভাত আসন দখল কৰিলে আৰু তেওঁলোকৰ দলৰ পৰা ১৫০  জন প্ৰাৰ্থী আছে  বৰ্তমান  পৌৰ সভা আৰু নিকায়ৰ সদস্য হৈ । ওৱেচিয়ে ইয়াৰ আগতে উত্তৰ প্ৰদেশত মায়াবতীৰ লগত মিত্ৰতা কৰিব বিচাৰিছিল যদিও মায়াবতীয়ে বিশেষ গুৰুত্ব দিয়া নাছিল । আগৰ নিৰ্বাচন বোৰত  বিশেষ নিৰ্বাচনী সাফল্য নোপোৱা প্ৰকাশ আম্বেদকাৰে ওৱেচিৰ লগত লগ হৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰ খনত প্ৰভাব বিস্তাৰ কৰিবলৈ আগ্ৰহী হৈছে । যোৱা ২৭ জানুৱাৰীত ‘বঞ্চিত বহুজন সভা’ ত প্ৰকাশ আম্বেদকাৰে ভাষণত ক’লে , ” আৰ এছ এছ হৈছে এটা সন্ত্ৰাসবাদী সংগঠন । আৰ এছ এছৰ প্ৰধান জনে অস্ত্ৰক পূজা কৰে , কিয় পুলিচ আৰু সেনা থকা স্বত্তেও তেওঁলোকে অস্ত্ৰপূজন কৰে ? ” উক্ত সভাত উপস্থিত অল ইণ্ডিয়া মজলিচ-ই- ইট্টেহাডুল মুছেলমিনৰ (AIMIM) ৰ প্ৰধান আচাউদ্দিন ওৱেচিয়ে ভাৰত ৰত্ন পোৱা ব্যক্তি সকলৰ জাতি আৰু ধৰ্মকলৈ সমালোচনা কৰে ।
ইয়াৰ আগতে পোন প্ৰথম বাৰ বাবে দুয়োজন নেতাই অক্টোবৰ মাহত মিত্ৰতাৰ কথা ঘোষণা কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা মুছলমান আৰু দলিতৰ মুক্তিৰ কাৰণে ঐক্যবদ্ধ হৈ দুয়োটা দলে ২০১৯ চনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি দোহাৰে ।