সুৰক্ষিত দেশ নৰেন্দ্ৰ মোদীৰ উপলব্ধি

877
  • ৰাজকুমাৰ মিশ্ৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ভাৰতীয় মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰিব পৰাটোৱেই এখন চৰকাৰৰ সফলতা ।  ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পৰা আৰম্ভ কৰি ৬২’ৰ চীনা যুদ্ধলৈ প্ৰতিটো ঘটনাৰ পৰা ভাৰতৰ জনতাই শিক্ষা লৈছে । বিদেশী শক্তি মোগলৰ অধীনত প্ৰায় তিনিশ বছৰৰ অধিক কাল আৰু ইংৰাজৰ অধীনত প্ৰায় ১০০ বছৰ থকা আমাৰ দেশে সম্পুৰ্ণ কৈ নিজৰ মানুহৰ চৰকাৰ পালে ২০১৪ চনত । নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত গঠন হোৱা চৰকাৰ খনৰ প্ৰথম অগ্ৰাধিকাৰেই আছিল দেশৰ সুৰক্ষা । কাৰণ মুম্বাইত হোৱা পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণ আৰু পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ নেতা বিলাশ ৰাও দেশমুখৰ পদত্যাগে সাধাৰণ জনতাক আতংকিত কৰিছিল । মোদীজীয়ে আমাৰ দেশৰ তিনিওটা সশস্ত্ৰ বাহিনীৰ লগত আলোচনাত বহে আৰু  ইয়াৰ ইয়াৰ লগে জন্ম হয় বহু প্ৰত্যাশিত Chief of defence staff । স্থল সেনা , নৌ সেনা আৰু বায়ু সেনাৰ মাজত সমন্বয়ৰক্ষা কৰিবলৈ গঠন কৰা CDS এ ভাৰতৰ সুৰক্ষাৰ দিশটোক কিমান মজবুত কৰিলে সেই কথা আমি অসমৰ মানুহে উপলবদ্ধি কৰিব পাৰো । আজিও তেজপুৰৰ বৰ্ষিয়ান মানুহক সুধিলে জলজলপত পত চিত্ৰ এখন পোৱা যায় । ৬২ ‘ ৰ চীনা যুদ্ধত তীব্বত চীনে দখল কৰে । সেইসময়ৰ নেফা আৰু এতিয়াৰ অৰুণাচল প্ৰদেশৰ বমডিলা , আলংত চীনা সৈন্যই প্ৰবেশ কৰে ।  বমদিলাৰ সেই কৰুণ দিনটোকলৈ ভুপেন হাজৰিকাদেৱে গাইছিল ___ক’ত জোৱানৰ মৃত্যু হ’ল , কাৰ জীৱন যৌবন গ’ল…..। তেজপুৰ এৰি অসমীয়া মানুহ পলাই আহি ধৰিলে । ৰঙিয়াৰ বেচিক ট্ৰেইনিং চেন্টাৰত পলাই অহা মানুহক আশ্ৰয় দিয়া হ’ল । তেজপুৰৰ পদুম পুখুৰিত বাণ্ডিলে বাণ্ডিলে ভাৰতীয় টকা পেলাই দিয়া হ’ল । তেজপুৰ চহৰ নিমাও মাও । ২০ নৱেম্বৰ ১৯৬২ চন , প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰেডিঅত ঘোষণা কৰিলে ___My heart goes out to the people of Assam at this hour.”
আমাৰ নতুন প্ৰজন্মই জনা উচিত যে তীব্বত দখল কৰি চীনা সৈন্যই বমডিলা পোৱাৰ পিছতো নেহৰুৱে ৬২’ ৰ যুদ্ধত যুদ্ধ বিমান ব্যৱহাৰ নকৰিলে ।  সেই সময়ত CDS  থকা হেঁতেন যুদ্ধৰ ফলাফল কি হ’লহেঁতেন সেইয়া সহজেই অনুমান কৰিব পাৰি । ৬২’ চনত তীব্বত দখল কৰা চীনক নৰেন্দ্ৰ মোদীজীয়ে দোকলামত  শিক্ষা দিলে ।  ৰাফেল যুদ্ধ বিমানৰ শব্দ শুনি চীনৰ ৰাষ্ট্ৰপতিৰ বুকু কপিল । নেহৰু ডাঙৰীয়াৰ সময়ত কাশ্মীৰৰ এটা অংশ দখল কৰি ৰখা পাকিস্তানে মা ভাৰতীৰ বীৰ পুত্ৰ অভিনন্দক মাত্ৰ কিছু ঘন্টা আবদ্ধ কৰি ৰখাৰ পিছতে সসন্মানে ভাৰতক ঘুৰাই দিলে । পাকিস্তানী সেনা প্ৰধানৰ ভৰি কপি উঠিছিল বুলি স্বয়ং পাকিস্তানৰ সংসদত বক্তব্য ৰখা হৈছিল ।  গৃহ মন্ত্ৰী অমিত শ্বাহজীয়ে সংসদত ধাৰা ৩৭০ ভংগ কৰি দিয়া ভাষণ শুনি পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন অঞ্চলত দেৱালীৰ দৰে ফটকা ফুটোৱা ঘটনা সমুহ আজিৰ প্ৰজন্মই জানিব লাগিব ।  বাজপায়ীজীৰ নেতৃত্বত পোখৰাণত পাৰমণবিক বোমা ফুটোৱাৰ পৰা আৰম্ভ কৰি মোদী চৰকাৰে লোৱা ডিফেন্স ৰিফোৰ্মে ভাৰতৰ সুৰক্ষাৰ দিশটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । মা ভাৰতীৰ সন্তান মিচাইল ম্যান আব্দুল কালাম ডাঙৰীয়া প্ৰাত:স্মৰণীয় । ভাৰতীয় সুৰক্ষা বাহিনীৰ তিনিওটা বিভাগৰ লগত আলোচনা কৰি মোদী চৰকাৰে গঠন কৰা  department OF MILItary affairs এ  বিভিন্ন সিদ্ধান্ত নিজস্ব ভাবে ল’ব পৰা হ’ল ।  department  of military affairs বিভাগটোৰ নেতৃত্ব লব দমআমাৰ দেশৰ CDS জনে । বৰ্তমান আমাৰ দেশৰ  CDS হৈছে বিপিন ৰাৱত । কোনটো অস্ত্ৰ বেছি ঘাতক , কোনখিনি অস্ত্ৰ দেশক কিমান পৰিমাণে লাগিব ইত্যাদি । এতিয়া কথা হ’ল এই বিভাগ যেতিয়া নাছিল তেতিয়া কি হৈছিল ?? চৰকাৰে অস্ত্ৰ , টেংক , হেলিকপ্তাৰ আদি কিনিবলৈ ব্ৰোকোৰ নিয়োগ কৰিব লগা হৈছিল । যাৰ ফলশ্রুতিত বফৰ্চ অনিয়মত কুটৰোচি নামৰ ব্ৰকাৰজনৰ ভুমিকা , ২০১৩ চনত হেলিকপ্তাৰ ক্ৰয়ত খ্ৰীষ্টান মিচেল নামৰ ব্ৰকাৰ জনৰ ভুমিকা কি আছিল আমাৰ দেশৰ মানুহে প্ৰত্যক্ষ কৰিছিল । এতিয়া মোদীজীৰ চৰকাৰে দালাল বা ব্ৰোকাৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাই সম্পুৰ্ণ ৰূপে মিলিটাৰীৰ স্বতন্ত্ৰ বিভাগটোক সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিছে । আমি সকলোৱে জানো যে প্ৰতিৰক্ষা ব্যয় সৰ্বাধিক পৰ্যায়ত । কাৰণ ভাৰতে যুদ্ধত ব্যৱহাৰ হোৱা সামগ্ৰী আমদানী কৰিব লগা হয় বিদেশৰ পৰা । বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰে দেশীয় প্ৰযুক্তিৰে যুদ্ধ সামগ্ৰী উৎপাদন কৰিবলৈ  Make in India প্ৰজেক্ট লৈছে । যাৰ ফলশ্ৰুতিত ভাৰতে যোৱা বছৰ ৮০০০ কৌটি মুল্যৰ যুদ্ধ সামগ্ৰী ৰপ্তানী কৰিছে ।  আমি সকলোৱে জানো যে কভিদৰ ঔষধ d2 ভাৰতীয় সেনাৰ মেডিকেল বিভাগ আৰু ডাক্তৰ ৰেড্ডিজৰ সন্মিলিত প্ৰচেষ্টাৰ ফল । হোমি জাগাংগীৰ ভাৱাৰ পৰা আৰম্ভ কৰি মিচাইল মেন আব্দুল কালামে দি যোৱা সুত্ৰই সঠিক প্ৰয়োগত ভাৰত বৰ্তমান অস্ত্ৰ ৰপ্তানী কৰা এখন দেশ । মানব সম্পদৰ অভাব নোহোৱা ভাৰতত মাত্ৰ প্ৰয়োজন মানব সম্পদৰ সঠিক প্ৰয়োগ ।  যিটো কাম মোদীজীয়ে ৰাইজৰ সহযোগত সফলতাৰে কৰি আছে ।  শ্যামা প্ৰসাদ মুখাৰ্জী , বীৰ সাৱৰকৰ , বল্লভভাই পেটেলে দেখুৱাই যোৱা দেশ সুৰক্ষাৰ নীতিক শিৰত তুলি নৰেন্দ্ৰ মোদীজীয়ে ভাৰতৰ প্ৰতিটো কোণক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি আছে ।