সোণোৱালৰ বাবে নহ’ল হৰ্চ ট্ৰেডিং

2244

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজ সিংহাসনত বহি আছে মহাৰাজ। এনেতে আহিল তেওঁৰ দুজন সেনাপতি । ৰাজ দৰবাৰলৈ লৈ আহিল চাৰিটা ঘোঁৰা। ঘোঁৰা চাৰিটাৰ লেকামত ধৰি দুয়োজন সেনাপতিয়ে বিজয় সূচক হাঁহি মাৰি ৰজাক কৰমৰ্দন কৰিলে। “সুন্দৰ! ঘোঁৰা চাৰিটা আস্তাবলত ভৰাই থোৱা..আৰু এয়া লোৱা তোমালোক দুয়োৰে উপহাৰ” নিজৰ গলৰ পৰা মুকুতাৰ মালা খুলি ৰজাই উপহাৰ দিলে সেনাপতি দুজনক।
এয়া কোনো চিনেমাৰ কাহিনী নহয়। অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ দুটা কলংকিত অধ্যায়। প্ৰথম চিকাৰ আছিল জয়ন্ত বৰুৱা। সেইবাৰ ঘোঁৰা আছিল ক্ৰমে ৰুমী নাথ, কাৰ্তিক সিনহা, অভিজিত হাজৰিকা আৰু শম্ভুসিং মাল্লা। হোটেলৰ পৰা এখন গাড়ীত এওঁলোকক বিধানসভালৈ লৈ অহা হ’ল। গাড়ীৰ সন্মুখৰ আসনত আছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন। গণতন্ত্ৰক দিনৰ পোহৰত হত্যা কৰি দুয়োজন নেতাই বীৰৰ প’জ দিছিল। এওঁলোক দুয়োৰে দ্বিতীয়জন স্বীকাৰ আছিল হাইদৰ হুছেইন। এইবাৰ সকলো দৰ-দাম হৈছিল মনে মনে। সন্দেহৰ আঙুলি উঠিছিল পদ্ম হাজৰিকা, প্ৰশান্ত ফুকন আৰু ৰঞ্জিত দাসলৈ। সেই সময়ছোৱাত বিজেপিৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল। পিছত সোণোৱালে গ’ম পাইছিল এই হৰ্চ ট্ৰেডিংত কোন জড়িত আছিল। আনকি ইয়াৰ বাবে অনুসন্ধান সমিতি গঠন কৰিছিল। পিছত প্ৰশান্ত ফুকনক বিধায়িনী দলপতি আৰু ৰঞ্জিত দাসক উপ-দলপতিৰ পৰা আতৰাই কমলপুৰৰ বিধায়ক যাদব ডেকাক দলপতি আৰু পাটাচাৰকুছিৰ বিধায়ক মনোৰঞ্চন দাসক উপ-দলপতি পাতে। অবশ্যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত ডেকা আৰু দাস দুয়োজনে টিকট নাপালে। সোণোৱালৰ মনত কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয় হোৱাৰ দুখ এতিয়াও মাৰ যোৱা নাই। প্ৰশান্ত ফুকন আৰু পদ্ম হাজৰিকাই কিয় মন্ত্রীত্ব পোৱা নাই বুলি বহুতৰ মনত প্ৰশ্ন উদয় হয়। ইয়াৰ উত্তৰ এতিয়া পাই যাব।
২০২০ৰ ৰাজ্যসভাৰ নিৰ্বাচন। শাসক দলে তিনিখনৰ ভিতৰত দুখন আসন পোৱাটো নিশ্চিত।  বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বাবে প্ৰতিখন ৰাজ্যসভাৰ আসন বহু মূল্যবান। মোদীৰ যোৱাটো কাৰ্য্যকালত বহু বিল ৰাজ্যসভাত আহি থমকি গৈছিল। উত্তৰ প্ৰদেশত জয়ৰ পিছত আৰু কিছু দলৰ সদস্যই বিজেপিত যোগদান কৰাৰ পিছত এতিয়া কোনোমতে বিল পাছ কৰিব পৰা হৈছে। কিন্তু পাৰ্য্যমানে ৰাজ্যসভাৰ আসন জয়ী হোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে। গুজৰাটত ৰাজ্যসভাৰ নিৰ্বাচনত কি হৈছিল সকলোৱে দেখিছে। অসমতো তেনে পৰিকল্পনা কৰিছিল কেন্দ্ৰীয় নেতৃত্বই। কিন্তু সোণোৱাল আছিল বিধায়ক কিনা বেচাৰ ঘোৰ বিৰোধী। নিজৰ ইমেজকলৈ সদায়  সস্তম থকা মুখ্যমন্ত্রীয়ে কোনোপধ্যে নিৰ্বাচনৰ একবছৰ আগত ৰিস্ক ল’ব খোজা নাই। হিমন্ত বিশ্ব শৰ্মাৰো আগৰ নিচিনা কিবা কৰি দেখুওৱাৰ প্ৰৱনতা নাই। ইচ্ছা কৰিলে বিৰোধীৰ কেইবাজনো বিধায়কক টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে দলত যোগদান কৰাই ৰাজ্যসভাৰ তৃতীয়খন আসনো হস্তগত কৰিব পাৰিলেহেঁতেন বিজেপিয়ে। কিন্তু সোণোৱালৰ নিজৰ ইমেজৰ চিন্তা আৰু হিমন্ত বিশ্ব শৰ্মাৰ উদাসীনতাৰ বাবে বিজেপি দুখন আসনতে সন্ত্তষ্ট থাকিল।