স্থান-কাল-পাত্ৰ অনুযায়ী পোচাক পিন্ধাটো সুস্থ ৰুচিবোধৰ পৰিচায়ক

842
  • ৰঞ্জনা ভট্টাচাৰ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


স্বাধীনতা,অধিকাৰৰ নামত অনুশাসন,সংস্কাৰ,আদি দলিয়াই পেলোৱাৰ প্ৰৱণতাই গা কৰি উঠিলে ‘হাফপেন্ট’ক লৈ এনে ঘটনা হোৱাটো আচৰিত নহয়।মান্ধাতা যুগৰ এলান্ধুকলীয়া মনোবৃত্তিৰ গোড়া মানসিকতাৰ ঠেক চিন্তাধাৰাৰ মানুহ হিচাপে মোক ভাবিলেও ভাবক,তথাপি ক’ম সাধাৰণ জ্ঞান থকা মানুহে নাইটিটো পিন্ধি ৰাজহুৱা স্থানত নোলায়,লুঙীখন পিন্ধি অফিচলৈ নেযায়,পাটৰ কাপোৰ এসাজ পিন্ধি শুবলৈ নেযায়,গহনা-গাঠৰি পিন্ধি খেলিবলৈ নেযায়,গেঞ্জি পিন্ধি পাঠদান কৰিবলৈ নেযায়,হাফপেন্ট পিন্ধি হোমৰ গুৰিত নবহে।এইবোৰ কোনেও কাকো বাধ্য কৰা কথা নহয়।কোনেও কাকো হকা-বাধা কৰা কথাও নহয়।সাধাৰণ জানিবলগীয়া কথা,Simple Common Sense। লগতে সুবিধা অসুবিধাৰো কথা।
‘নাৰীবাদ’,’পুৰুষতান্ত্ৰিক’,’তালিবান’ আদি বিয়াগোম শব্দৰ দ্বাৰা এই ঘটনাটো ব্যাখ্যা কৰিব গ’লে জটিলতাৰ সৃষ্টি হয়।অযথা বাক-বিতৰ্ক!কাম নোহোৱাৰ কাম!একে পানী ঘোলা কৰা কাৰ্য্য।
স্থান-কাল-পাত্ৰ অনুযায়ী পোচাক পিন্ধাটো সুস্থ ৰুচিবোধৰ পৰিচায়ক।সংস্কাৰ,শিষ্টাচাৰ আৰু ৰুচিশীলতাই মানুহৰ মান মৰ্যাদা নকমায়,বঢ়াইহে।ভিতৰৰ মানুহজনক বাহ্যিক আচৰণ,মাত-কথা,পোচাক-পৰিচ্ছদে চিনাই দিয়ে।
এই কথাবোৰ ঘৰ,পাৰিপাৰ্শ্বিক সমাজ,শিক্ষানুষ্ঠান আদিৰ পৰা মানুহে শিকি বুজি লয়।দেখি-শুনি-লেখি-ঠেকি শিকে।এবাৰ হৃদয়ংগম কৰিলে তাক এৰিব নোৱাৰে।ইয়াৰ দ্বাৰা কাৰো একো বিঘিনি নহয়।বৰং এক সুস্থ,সমতুল বাতাৱৰণৰ সৃষ্টি হয়।সুস্থ-সুস্থিৰ পৰিৱেশত ইতিবাচক চিন্তা-চৰ্চা সম্ভৱ হয়,সৃষ্টিশীলতাই ঠন ধৰি উঠে,সমাজখন পোহৰৰ দিশত আগবাঢ়ি যায়।
ইয়াৰ বিপৰীত হ’লে অশুভ ঘটনা সংঘটিত,জোটপোট লাগে কি এৰিম,কি ধৰিমক লৈ।
পৰীক্ষাহ’লত সোমাব নিদিয়া সিদ্ধান্তটোও আমি সমৰ্থন নকৰোঁ।কিমান দোষত কি শাস্তি হ’ব সেয়া পৰিস্থিতি নিৰ্ভৰ।হাফপেন্ট পিন্ধি অহাটো আইন ব্যৱস্থাত  লিপিবদ্ধ অপৰাধ হয় নে নহয় সেয়া বিচাৰ কৰাৰ দৰকাৰ নাই।তাৰ শাস্তি কি হ’ব পাৰে সেয়াও আমাৰ বিচাৰ্য নহয়।
পৰীক্ষাহ’লৰ নিৰীক্ষকৰ সিদ্ধান্তটো সমৰ্থন নকৰোঁ।কিন্তু তাকে প্ৰতিপন্ন কৰিবলৈ গৈ চৰ্বিত চৰ্বন কৰি হাফপেন্ট পিন্ধা কাৰ্যটো উচিত হিচাপে যুক্তি দিয়াৰ প্ৰয়োজনবোধ কৰা নাই।
দুইটা কথাই অতি বেছি ( too much)হৈছে!
শিক্ষা -দীক্ষা,বিজ্ঞান-প্ৰযুক্তিৰে আমি কি গৈ পাব লাগিছিল আৰু ক’ত আছোঁ?