• পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০১৪ চনৰ এটা ৰাতিপুৱা। সেইসময়ত লণ্ডনত ভীষণ ঠাণ্ডা।  মোলৈ ফোন আহিল মোৰ দলত কাম কৰা এগৰাকী মহিলাৰ। তেওঁ দিনটোৰ বাবে ছুটী বিচাৰিছে। মই কাৰণ সোধাত ক’লে যে তেওঁৰ ভনীয়েকজনী বিশেষভাবে সক্ষম আৰু তেওঁৰ ঘৰৰ boiler বেয়া হৈছে।  boiler মেৰামতি কৰাৰ বাবে মানুহ মতাৰ উপৰিও নিয়ম অনুসৰি এই কথাটো তেওঁ নিৰ্দিষ্ট  চৰকাৰী বিভাগক জনাইছে। তেওঁলোকৰ ঘৰত থকা বিশেষভাবে সক্ষম ১৩ বছৰীয়া ছোৱালীজনীয়ে যাতে শীতকালত heater অবিহনে একো কষ্ট পোৱা নাই তাক inspection কৰিবলৈ চৰকাৰী  মানুহ আহিব আৰু সেইবাবে তেওঁ সেইদিন ছুটী বিচাৰিছে। এই কথাটোৱে প্ৰমাণ কৰে বিশেষ ভাবে সক্ষম লোকসকলৰ প্ৰতি চৰকাৰখন কিমান সংবেদনশীল। কথা কব নোৱাৰা , হুইল ছেয়াৰত বহি থকা সেই ছোৱালীজনীৰ ফটো পিছত মোক তেওঁ দেখুৱালে। এনেকুৱাসকলৰ যত্ন ঘৰৰ মানুহে যাতে থিকমতে লৈ আছে তাৰ খৱৰ পদে পদে চৰকাৰে লৈ থাকে।  তাৰপিছত এনেকুৱা বিশেষভাবে সক্ষম  বহু   শিশু  লগ পালো আৰু তেওঁলোকক সুক্ষ্মভাবে অধ্যয়ন কৰাৰ চেষ্টা কৰিলো । এনেকুৱা শিশু সকলৰো বহু ভাগ আছে। কিছুমান জন্মতে ধৰা পৰে; আন কিছুমানৰ মাক দেউতাতে ১.৫- ২ বছৰ পিছতহে গম পায়। মানসিকভাবে পিছপৰা শিশু সকলৰ বেছিভাগ Cerebral Palsy(CP) , Autisim Sprectrum Disorder( ASD) , Attention Deficit hyperactivity Disorder (ADHD), Down syndrome আদি শ্ৰেণীত পৰে। এওলোক সকলোৰে মগজুৰ বিকাশ বহু দেৰিকৈ হয়। কিছুমান শিশু শাৰিৰীক ভাবে সুস্থ থাকে যদিও আন কিছুমান দুৰ্বল হয়। কিছুমানে শুই বহি থাকি ভাল পায় আনহাতে আন কিছুমান hyper active হয়। কথা কোৱাত বহু পলম হয়। বহুতে আনকি কথা কবই নোৱাৰে। দৈনন্দিন জীৱনৰ সকলো কাম মাক দেউতাকৰ সহায়ৰ অবিহনে কৰিব নোৱাৰে।  এটা কথাত কবলৈ গ’লে এনে সন্তান থকা পিতৃ-মাতৃক প্ৰয়োজন হয় বহুতো ধৈৰ্য্যৰ। প্ৰতিটো পদক্ষেপত এওঁলোকে যথেষ্ট কষ্ট আৰু অসুবিধাৰ সন্মুখীন হয়। ওচৰ -চুবুৰিয়া, আত্মীয় স্বজন, বন্ধু-বান্ধব,  ভাড়া ঘৰৰ মালিক সকলোৰে পৰা পায় তিৰস্কাৰ। এনেকুৱা পৰিয়ালক লাগে চৰকাৰৰ সহায়। লণ্ডন, আমেৰিকা আদি উন্নত ঠাইৰ দৰে নহলেও চৰকাৰে এনে পৰিয়ালক কিছু সকাহ দিব পাৰে। হোমেন বৰগোহাঁই দেৱে এইক্ষেত্রত অসমৰ স্বাস্হ্য মন্ত্রীলৈ এবছৰমান আগত এখন মুকলি চিঠি লিখিছিল। তেখেতে সুন্দৰকৈ এটা কথা কৈছিল যে যাৰ এনেকুৱা সন্তান নাই তেওঁলোকে ইয়াৰ মৰ্মবেদনা বুজিব নোৱাৰে।  বছৰ বছৰ ধৰি এনেকুৱা দুৰ্ভগীয়াসকলক চৰকাৰ বিলাকে অবহেলা কৰি আহিছে।
  অবশেষত আমি আশাৰ ৰেঙনি দেখিছো ব্যক্তিগত এটা টিভি চেনেলৰ জড়িয়তে। অসমত বিশেষ ভাবে সক্ষম শিশুসকলৰ দুখলগা পৃথিবীখন স্বাস্থ্য মন্ত্রীৰ সন্মুখতে উন্মোচিত হৈছে। মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিশু  সকলৰ স্কিনিংৰ কথা কৈছে। ৫০ হাজাৰ টকাৰ এককালীন সাহায্য তথা মাহে মাহে ২৫০০ টকা দিয়াৰ কথা কৈছে। আদৰণীয় পদক্ষেপ; কিন্তু ইয়াতকৈ চৰকাৰখনৰ আৰু বহুত বেছি কৰণীয় আছে। চিকিৎসক সকলৰ মতে এনে শিশু সম্পূৰ্ণ ভাবে আৰোগ্য নহ’লেও এটা পৰ্যায়লৈ উন্নত কৰিব পৰা যায় যাতে নিজৰ কামখিনি নিজে কৰিব পাৰে। তাৰ বাবে প্ৰয়োজন নিয়মিত physio therapy, speech therapy, occupation therapy  আৰু special education ৰ। গুৱাহাটীত এনে বহু ব্যক্তিগত প্ৰতিষ্ঠান আছে যিয়ে এনে therapy  প্ৰদান কৰে। ৪৫ মিনিটৰ এটা চেচনৰ ফিজ ৪০০ ৰ পৰা ৭০০ টকা। প্ৰতিটো therapy যদি সপ্তাহত দুটাকৈও দিয়ে তেন্তে পৰিয়ালটোক প্ৰয়োজন মাহিলী ২৫,০০০ ৰ পৰা ৩০,০০০ টকা। নিম্ন মধ্যবিত্ত বা দুখীয়া পৰিয়ালৰ বাবে এয়া সম্ভব নহয়। ফলত শিশুজনৰ বিকাশ নহয়। চৰকাৰে প্ৰতিখন জিলাতে এনে শিশুসকলৰ বাবে উন্নত মানৰ বিদ্যালয় খোলা দৰকাৰ যত এই সকলো therapy তথা পঢ়া শুনা বিনামুলীয়াকৈ কৰাব পৰা যায়। নৃত্য, গীত, যোগ, সাতোৰ, খেল ধেমালি ইয়াৰ লগত সংযোগ কৰিব পাৰিলে আৰু ভাল হ’ব। দিনটোৰ ৫-৬ ঘন্টা যদি এনেকুৱা শিশুৰ দায়িত্ব চৰকাৰে লয় তেন্তে বাকী সময়খিনি মাক-দেউতাকে নতুন উদ্যমেৰে শিশুজনৰ যত্ন ল’ব পাৰে। মাক- দেউতাকক আন এটা চিন্তাইও অনবৰতে ব্যতিব্যস্ত কৰে। সেইটো হ’ল তেওঁলোকৰ অবিহনে সন্তানজনৰ কি অবস্থা হ’ব। শৰীৰত বল থকালৈকে হাজাৰ কষ্ট স্বীকাৰ কৰি হ’লেও মাক দেউতাকে সন্তানজনৰ পতি পালন কৰিব। কিন্তু তেওঁলোক নিজে যেতিয়া ৰুগীয়া হ’ব বা সংসাৰৰ পৰা বিদায় ল’ব তেতিয়া এই লৰা ছোৱালী বিলাকৰ দায়িত্ব কোনে ল’ব? ই নিশ্চয় চিন্তনীয় বিষয়।  হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাধাৰণ লৰা ছোৱালীৰ কলেজত এদমিছন বিনামুলিয়া কৰিলে, লেপটপ দিলে, স্কুটী দিলে। এইবাৰ বিশেষভাবে সক্ষম শিশুসকলৰ কথা এবাৰ গভীৰভাবে চিন্তা কৰক। এওঁলোক আপোনাক ভোট দিব নোৱাৰিলেও এওঁলোকৰ জীবনলৈ পৰিবৰ্তন অনা আপোনাৰ তথা আপোনাৰ চৰকাৰৰ প্ৰধান দায়িত্ব।
প্ৰাক্তন প্ৰধানমন্ত্রী মনমোহন সিংএ  এটা বিতৰ্কিত মন্তব্য কৰিছিল যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ। আমাৰ মতে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ হিন্দুৰো নহয়, মুছলমানৰো নহয়। দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ বিশেষভাবে সক্ষম তথা মানসিক ভাবে পিছপৰা এই শিশুসকলৰ।