কুলভুষণ যাদৱৰ শত্ৰু কোন আৰু মিত্ৰ কোন ?

1648
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


আন্ত:ৰাষ্ট্ৰীয় কোৰ্টে কুলভুষন যাদৱৰ ফাঁচীৰ ৰায়ক পুনৰীক্ষণ কৰিবলৈ পাকিস্তানক নিৰ্দেশ দিছে । এই নিৰ্দেশমৰ্মে কুলভুষণ যাদবক এজন অধিবক্তা দিব লাগিব আৰু সাদ্যহতে ফাঁচীৰ ৰায় পাকিস্তানে স্থগিত কৰিব লাগিব । কুলভুষণ যাদব কোন ? সৰবজিৎ সিংৰ দৰেই ঘটনাৰ বলি হ’ব নেকি যাদৱ ?
কুলভুষন যাদৱৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত । ৪৯ বছৰীয়া যাদৱ আছিল এজন নৌ সেনা বাহিনীৰ বিষয়া । ১৯৮৭ ৰ পৰা ২০০১ লৈ সেনা বাহিনীত চাকৰি কৰি অবসৰ লয় আৰু নিজা ব্যৱসায় আৰম্ভ কৰে ।
মুম্বাইত থকা তেওঁৰ ব্যক্তিগত ফ্লেটটো যোৱা দুইবছৰ ধৰি বন্ধ হৈ আছে । দুজন সন্তানৰ পিতৃ কুলভুষণ  যাদৱ ।
কুলভুষণ যাদবৰ পিতৃ আৰু খুড়াক দুয়োজনেই মুম্বাই পুলিচৰ সহ আৰক্ষী আযুক্ত আছিল ।
খুড়াক সুভাষ যাদৱ আছিল বান্দ্ৰা থানাৰ অ’ চি । যেতিয়া ছলমান খানৰ ২০০২ ৰ গাড়ীৰে খুন্দিওৱা কাণ্ডটো সংঘটিত হৈছিল আৰু বান্দ্ৰাত থানাত সুভাষ যাদৱে কেচ ৰেজিষ্টাৰ কৰিছিল ।
মাৰ্চ ‘ ২০১৬ ত পাকিস্তানী আই এচ আই এ কুলভুষণ যাদবক ইৰাণৰ পৰা অপহৰণ কৰি বেলুচিস্তানত আটক কৰা বুলি দাবী কৰে । কিন্তু সেই সময়ত কুলভুষণ যাদবে ইৰাণত নিজৰ আমদানী- ৰপ্তানি ব্যৱসায়ৰ কাৰণে গৈছিল ।
ইনটাৰনেচনত কোৰ্ট অৱ জাষ্টিচ (আই চি জি ) ত ভাৰতৰ হৈ ওকালতি কৰিছে হৰিশ চালভে আৰু পাকিস্তানৰ হৈ ওকালতি কৰিছে খাৱাৰ কুৰেছিয়ে । কোৰ্টৰ গোটেই প্ৰক্ৰিয়াটো চলি আছে নেদাৰলেণ্ডত । কোৰ্টৰ ৰায় পাঠ কৰিছে আই চিজিৰ প্ৰচিডেন্ট ন্যায়াধিশ আব্দুলকায়ি আহমেদ ইউচুফে ।
হৰিশ চালভে নিজৰ ওকালতি ফিজ লৈছে দৈনিক এক টকা আৰু পাকিস্তানৰ উকিল কুৰেছিয়ে এতিয়ালৈকে লৈছে ২০ কৌটি টকা । ২০০৪ চনত কংগ্ৰেছ নেতৃত্বৰ ভাৰত চৰকাৰে খাৱাৰ কুৰেছিক ভাৰতৰ হৈ আমেৰিকাত ওকালতি কৰিব মাতি আনিছিল । সেইসময়ত হৰিশ চালভেক চৰকাৰে যোগাযোগ কৰিছিল যদিও , অজ্ঞাত কাৰণত চালভেৰ পৰিৱৰ্তে পাকিস্তানী খাৱাৰ কুৰেছীক কংগ্ৰেছ চৰকাৰে দায়িত্ব প্ৰদান কৰিছিল । আমেৰিকাত সেই  কেচট ভাৰত হাৰিছিল । ১৫ বছৰ পিছত হৰিশ চালভে আৰু খাৱাৰ কুৰেছিৰ পেছাগত যুদ্ধত চালভে জয়ী হ’ল আৰু তেওঁক সেইসময়ৰ চৰকাৰে আতঁৰ কৰা ঘটনাবিলাক পুনৰ সজীৱ কৰিলে । এবাৰ টাইমচ অৱ ইণ্ডিয়াৰ লগত হোৱা সাক্ষাৎকাৰ এটাত তেওঁ কৈছিল , ” মই নিউজত খৱৰ পাইছিলো যে কেচটোৰ কাৰণে কংগ্ৰেছ চৰকাৰে খাৱাৰ কুৰেছিক নিমন্ত্ৰণ দিছে আৰু মোক তেওঁৰ ডেপুটি হিচাপে কাম কৰিব দিব । সেয়ে মই ডেপুটি হবলৈ অমান্য হওঁ । “