সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত

1682
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অৱশেষতঃ জল্পনা কল্পনাৰ সাম কাটিল।নাটকীয় প্ৰেক্ষাপটত ড:হিমন্ত বিশ্ব শৰ্মাই হ’ল অসমৰ মুখ্যমন্ত্ৰী।“ৰাজনীতি অসম”কে ধৰি দুই এক সংবাদসেৱাক বাদ দি গৰিষ্ঠসংখ্যকৰেই কিন্তু ধাৰণা আছিল যে যথেষ্ট সফলতাৰে নিষ্ঠাৰে বিকাশনীতি সন্মুখত ৰাখি কাৰ্যকাল সম্পন্ন কৰা সোণোৱালেই আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব।কিন্তঃ কাৰ্যতঃ সেয়া নহ’ল।কংগ্ৰেছৰ শাসনকালৰ শেষৰ পৰাই সুচতুৰ ৰাজনীতিবিদ ডঃ হিমন্তবিশ্ব শৰ্মাই যিধৰণে সুপৰিকল্পিত গেমপ্লেনেৰে সুন্দৰ টিমৱৰ্কেৰে মুখ্যমন্ত্ৰীত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল সেয়া নিশ্চয়কৈ আকৰ্ষণীয় আৰু সফল পৰিকল্পনাৰ ৰূপায়ণ।বিপৰীতে যেন কাৰ্যতঃ নিস্প্ৰভ সৰ্বানন্দ বাহিনী।কেৱল ফেচবুকত সফলতাৰ প্ৰচাৰ কৰি জনতাৰ মনোযোগ আকৰ্ষণৰ চেষ্টাৰে “আকৌ এবাৰ অসমৰ আনন্দ সৰ্বানন্দ” বুলি অহৰহ পোষ্ট কৰিলেই যে গাদীৰক্ষা সম্ভৱ নহ’ব সেয়া ৰাজনৈতিক ভাৱে অভিজ্ঞ সোণোৱাল আৰু তেওঁৰ উপদেষ্টা সকলে বুজা নাছিলনে?তেন্তে যুদ্ধৰ শংখ বাজোতেই আভ্যন্তৰীণ ভাৱে অপ্ৰতিৰোধ্য হিমন্তবাহিনীৰ ওচৰত আত্মসমৰ্পন অথবা আপোচসূত্ৰত বান্ধ খাইছিল নেকি টিম সোণোৱাল!ক’ভিড সংকট অথবা “কা” আন্দোলনৰ সময়ত মুকলি পথাৰত ডঃ শৰ্মাক বল লৈ দৌৰিবলৈ এৰি দি কেৱল বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথাৰে ৰাইজৰ আস্থা জয় কৰিব বিচৰা সোণোৱালৰ যেন পুনৰ মুখ্যমন্ত্ৰীত্বৰ সম্ভাৱনা তেতিয়াই নিস্তেজ হৈ পৰিছিল।বিপৰীতে সংকটমোচকৰ ৰূপত ৰাইজৰ আৰু দল-চৰকাৰৰ নীতিক কঠোৰ প্ৰয়োগৰ দিশত সন্মুখৰ পৰা দেখা মানুহজন হিচাপে ডঃ শৰ্মা হৈ পৰিছিল কেন্দ্ৰৰ “ব্লু আইদ বয়”।তদুপৰি উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্য বিলাকতো সংগঠনত গুৰুত্বপূৰ্ণ অৰিহনা যোগাই অহা  ড:হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তিক ৰাজ্য অথবা কেন্দ্ৰ ক’তোৱেই অস্বীকাৰ কৰা সম্ভৱ নাছিল।এনে প্ৰেক্ষাপটত”২০২৪ৰ লোকসভা নিৰ্বাচনটো” ডঃ শৰ্মাই বিজেপিৰ ট্ৰাম্প কাৰ্ড বিবেচিত হৈছে।তদুপৰি প্ৰচুৰ সংগঠন দক্ষতা থকা ড:শৰ্মাৰ বৰ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য কৰি দলৰ অভ্যন্তৰতো বাঢ়িছিল তেওঁৰ অনুগামী।ৰেডিমেড আৰু গাম্ভীৰ্যপূৰ্ণ নেতা সোণোৱালে নতুন নেতা সৃষ্টিত অপাৰাগ হৈছিল আৰু তেখেতৰ সংগত থকা সকলকো ন্যাৰ্যতা প্ৰদানত ব্যৰ্থ হোৱাৰ বিপৰীতে নিজা শৈলীৰে পছন্দৰ প্ৰাৰ্থীৰ টিকট দিল্লীৰ পৰা আজুৰি আনিছিল ড:হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ মানুহৰ মনঃস্তত্বক নখদৰ্পনত ৰখা ডঃ শৰ্মাই  সেইসকলক জয়ী কৰাইও আনিলে শেহতীয়া বিধানসভা নিৰ্বাচনত।Super professional শৰ্মাৰ বিক্ৰমত ত্ৰাহি মধূসুদন দেখা সৰ্বানন্দ সোনোৱালে হয়তো তেতিয়াই প্ৰস্তুত হৈছিল ত্যাগমূৰ্তিৰ ভূমিকা গ্ৰহণৰ বাবে।ফলশ্ৰুতিত ভাজপাৰ অতি বিচক্ষণ কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাইজৰ সন্মুখত সৰ্বানন্দৰ ইমেজ সঠিক ৰাখি  পুৰস্কাৰ স্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীত্ব আগবঢ়োৱাৰ সম্ভাৱনা এশ শতাংশই নিশ্চিত হৈ পৰিল।মঞ্চস্থ হ’ল ভাজপাৰ দলীয় আদৰ্শৰ দৃঢ়তা হেতু অভ্যন্তৰৰ শৃংখলা প্ৰদৰ্শনৰ আনুষ্ঠানিক কাৰ্যকলাপ।সৰ্বানন্দ সোণোৱালে পিঠিত থপৰিয়াই আশীৰ্বাদ দি ঘোষণা কৰিবলৈ বাধ্য হ’ল পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।ডঃ শৰ্মাৰ মুখত জিলিকি উঠিল চিৰ পৰিচিত সেই হাঁহি আৰু দুই আঙুলিৰ বিজয় স্মাৰক”We made it”.
গৰিষ্ঠসংখ্যক অসমবাসীৰেই ডঃ শৰ্মাৰ কৰ্মদক্ষতাত বিশ্বাস আছে। টিম মেনেজমেন্ট আৰু কৌশলগত পৰিকল্পনা ৰূপায়ণত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অপৰিসীম দক্ষতা আছে।তেখেতে যদি প্ৰকৃতাৰ্থত তোষামোদকাৰীৰ বেহু ফালি প্ৰকৃত সুহৃদ আৰু নিষ্ঠাৱান সমালোচকৰ সমালোচনাক ইতিবাচক জ্ঞান কৰি ৰাষ্ট্ৰহিতত বিশ্বাসী  সকলোকে লগত লৈ তেখেতৰ পৰিপক্কতাৰ পূৰ্ণ প্ৰয়োগ সহ আগবাঢ়ে তেন্তে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰাজিৰ সৈতে সদিচ্ছাৰে নিশ্চয়কৈ মোকাবিলা কৰিব পৰাকৈ কাৰ্যদক্ষ।আগন্তুক পাঁচবছৰত সঁচা অৰ্থত সচেতন অসমবাসীৰ মতামতে নিৰ্ধাৰণ কৰিব সঁচাকৈ ড:হিমন্ত বিশ্ব শৰ্মা ছুপাৰ চি.এম খিতাপৰ দাবীদাৰ হয়নে?তেতিয়ালৈ আমি লক্ষ্য ৰাখিম।সমালোচনা কৰিম।ইতিবাচক প্ৰতিটো দিশত সহযোগ কৰিম ।
প্ৰসংগতঃ উল্লেখযোগ্য যে প্ৰকৃতাৰ্থত ডঃ শৰ্মাই যদি আগন্তুক পাঁচবছৰত ছুপাৰ চি.এম হৈ উঠে তেনে প্ৰেক্ষাপটত আগন্তুক ডেৰ দুই দশক অসম এইগৰাকী ছুপাৰ চি.এমৰ নেতৃত্বতেই আগুৱাব। বোধহয় “বিকাশৰ দিগন্ত হিমন্ত”কথাষাৰ সাৰ্থক পৰিণত হ’ব।এনে পৰিস্থিতিত ৰাজ্যৰ ৰাজনীতিত অন্ততঃ চৰকাৰৰ অংশৰূপে পুনৰ সৰ্বানন্দ সোণোৱাল চামিল হোৱাৰ নুন্যতম সম্ভাৱনা নাথাকিব।অৱশ্যেই সোণোৱালে কুশলতাৰে দায়িত্ব পালন কৰিলে অসমে দিল্লী-দিছপুৰ দুই ঠাইতে মনৰ মানুহৰ অৱস্থান বিচাৰি পাব। একাংশ নেতাই ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবেই  সোণোৱালক অসমতে থকাটো বিচাৰিছে।তেখেত আকৌ এবাৰ দলৰ সভাপতিৰ আসনত অধিস্থিত হোৱাটো বহুতে বিচাৰিছে যদিও কাৰ্যক্ষেত্ৰত সেইটো সম্ভাৱনা নাই ।একপ্ৰকাৰ গুৰু-গম্ভীৰ দক্ষ অথচ “ৰেডিমেদ”নেতা সৰ্বানন্দ সোণোৱালে নিজৰ পজিছন-ইমেজ আদিৰ প্ৰতি দৃষ্টি ৰাখি খালী হৈ থকা ৰাজ্যসভা আসনৰ জৰিয়তে  দিল্লী যাত্ৰা কৰাৰেই সম্ভাৱনা প্ৰৱল। কেন্দ্ৰীয় মন্ত্রী হিচাপে কাৰ্য্যদক্ষতা, কেন্দ্ৰীয় নেতৃত্বৰ লগত সম্পৰ্ক আৰু আৰ.এছ.এছৰ আশীৰ্বাদে নিৰ্ণয় কৰিব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভবিষ্যত।