হতাশ হিমন্ত বিশ্ব শৰ্মা !!

8705

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


সকলো যোগ্যতা থকাৰ পিছতো কিমান দিন আৰু প্ৰধান শিক্ষকৰ চকীখনৰ পৰা বঞ্চিত হৈ মানুহ এজন সহকাৰী শিক্ষকৰ আসনত থাকিব পাৰে ?
হিমন্ত বিশ্ব শৰ্মাৰ ২০২১ ৰ নিৰ্বাচন খেলাৰ ইচ্ছা নাই । ৰাজ্যৰ ৰাজনীতিত খলকনি তোলা এই খবৰটো  খুবেই সাধাৰণ । ১৫ বছৰৰো অধিক সময় অসমৰ মন্ত্রী হৈ থাকি তেখেতকো পৰিবৰ্তন লাগে । ২০১৬ত অসমত বিজেপিৰ জয়ৰ কাণ্ডাৰী, অৰুনাচল, মণিপুৰ আৰু ত্ৰিপুৰাত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰা শৰ্মা এতিয়া অমিত শ্বাহ আৰু ৰাম মাধৱৰ অতিকৈ ঘনিষ্ঠ । ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ পিছত মুখ্যমন্ত্রীৰ আসনখন অলপৰ বাবে তেওঁৰ হাতৰ পৰা গ’ল । দিগ্বিজয় সিং এ শৰ্মাৰ হৈ প্ৰচেষ্টা কৰাৰ পিছতো তৰুণ গগৈয়ে ছোনিয়া গান্ধীক সৈমান কৰিবলৈ সক্ষম হ’ল । ৰাহুল গান্ধী সভাপতি হোৱাৰ পিছত শৰ্মাৰ বেয়া দিন আৰম্ভ হ’ল। বিজেপি গমনৰ বাহিৰে তেওঁৰ হাতত নাছিল অন্য উপায়। কিন্তু বিজেপিলৈ আহিলে কি দায়িত্ব পাব ‍তেওঁ ? যিখন মুখ্যমন্ত্রীৰ আসনত অলপ মানৰ কাৰণে বহিব নোৱাৰিলে সেইখন আসনো যে খালি নাই ; সেই বাবে বিত্ত মন্ত্রী, নেডাৰ আহ্বায়ক আদি দায়িত্বৰে হিমন্ত বিশ্ব শৰ্মাক সন্ত্তষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছিল । কিন্তু এটা সময়ৰ পিছত এইবোৰেও আমনি দিয়ে । অসমৰ সকলোতকৈ জনপ্ৰিয় নেতা, সকলোতকৈ দক্ষ মন্ত্রী, সকলোতকৈ দক্ষ সংগঠক হোৱাৰ পিছতো মন্ত্রীসভাত ২ নম্বৰ হৈ থকাটো অলপ কষ্টকৰ । বিজেপিৰ পঞ্চায়ত নিৰ্বাচন বিজয়ৰ আঁৰৰ মুল ব্যক্তিজনো হ’ল শৰ্মা । দলৰ কাৰণে সকলো কৰিও, যোৱা ১৫ বছৰে প্ৰায় একেটা স্হানতে ৰৈ গ’ল তেওঁ । অমিত শ্বাহো নিৰুপায় কাৰণ সোণোৱালক মুখ্যমন্ত্রীৰ আসনৰ পৰা আতৰোৱাৰ সাহস তেওঁ কৰিব নোৱাৰে। তেতিয়াহলে দিল্লী যোৱাৰ বাবে সাজু নেকি হিমন্ত বিশ্ব শৰ্মা ? তাতো এটা সমস্যা আছে। শৰ্মা দিল্লীলৈ গ’লে অসম চৰকাৰখনৰ ঢাল কোন হ’ব ?  শৰ্মাৰ বাহিৰে বৰ্তমান বিজেপি মন্ত্রীসকলৰ ভিতৰত এজনেও খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। সেই কথা ভাবিয়েই হয়টো আৰ.এছ.এছ আৰু কেন্দ্ৰীয় নেতৃত্বই এতিয়াও শৰ্মাৰ দিল্লী যাত্ৰাক সেউজীয়া সংকেত দিয়া নাই । দিল্লী নগ’লে পুনৰ ২০২১ বিধানসভা নিৰ্বাচনত দলক জিকাই সোণোৱালক মুখ্যমন্ত্রী পতাৰ দায়িত্ব শৰ্মাৰ কান্ধত। দল জিকিলে পুণৰ বিত্ত মন্ত্রী । এনেকৈ আৰু কিমান দিন ? সেয়েহে শৰ্মাৰ সন্মুখত একমাত্র বিকল্প দিল্লী যাত্রা । তেওঁ আশা কৰিব যাতে  ১ বছৰ মান পিছত অসমত মুখ্যমন্ত্রী সলনিৰ পৰিবেশ সৃষ্টি হয়। তেনে পৰিস্থিতিত সন্মান সহকাৰে সোণোৱালক দিল্লীত মন্ত্রী পাতি হিমন্ত বিশ্ব শৰ্মাক অসমলৈ প্ৰত্যাবৰ্তনৰ সুযোগ দিব পাৰে কেন্দ্ৰীয় নেতৃত্বই। আৰ.এছ.এছ আৰু কেন্দ্ৰীয় নেতৃত্বই যাতে শৰ্মাক দিল্লী যাত্রাত হকা বাধা নকৰে তাৰ বাবে চাপ সৃষ্টি কৰিবলৈ নিশ্চয় শৰ্মাই নিৰ্বাচন নেখেলা কথাষাৰ কৈছিল। এতিয়া লক্ষনীয় হ’ব শৰ্মাৰ ক্ষেত্রত এওঁলোকে কি সিদ্ধান্ত ল’ব ? এইখিনিতে এটা কথা লক্ষ্যনীয় হ’ব যে বিত্ত মন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰী বা পুৰ্বতে দায়িত্বত থকা শিক্ষা বিভাগৰ আধৰুৱা পৰিকল্পণাবোৰ পুৰণ কৰাত অসম চৰকাৰ যদি ব্যৰ্থ হয় তেন্তে তাৰ সমষ্ট দায়িত্ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই ল’ব লাগিব ;যিটো হ’ব তেওঁৰ জনপ্ৰিয়তাত মোক্ষম আঘাত । ২০১৯ ত বিজেপি জিকিলে কেন্দ্ৰীয় মন্ত্রী তথা ২০২০ত মুখ্যমন্ত্রী হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা ?