হাগ্ৰামা মহিলাৰী শলঠেকত

1632

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০২০ ত হ’ব বিটিচি পৰিষদীয় নিৰ্বাচন । বিটিচি গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব । ২০১৫ বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰত্যাহ্বান আছিল ইউপিপিএল । ২০১৪ লোকসভা নিৰ্বাচনত ৰেকৰ্ড ভোটৰ ব্যৱধানত জয়ী হোৱা স্বত্তেও নব কুমাৰ শৰণীয়াই বিপিএফক শলঠেকত পেলাব পৰা নাছিল কাৰণ লোকসভা নিৰ্বাচনত হীৰা শৰনীয়াৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰা দল – সংগঠনবোৰৰ মাজত বিভাজন আহিছিল । সেইবাৰ বিপিএফৰ জয়ত মুখ্য ভুমিকা লৈছিল অজনজাতি ভোট বেংকটোৱে ।
বিপিএফ আৰু ইউপিপিএলৰ মাজত কথাবৰ্তা আৰম্ভ হৈছে । যদি মিত্ৰতা হয় তেন্তে প্ৰথম বাৰৰ বাবে বিপিএফ ত সংগঠিত বিসম্বাদ আৰম্ভ হ’ব বুলি চৰ্চিত হৈছে । কিন্তু বড়ো ৰাজনৈতিক দল দুটাৰ মিত্ৰতাই নব কুমাৰ শৰণীয়াক হে সহায় কৰিব পাৰে , কাৰণ এই মিত্ৰতাই ভোটৰ মেৰুকৰণ বৃদ্ধি কৰিব । ২০১৯ ৰ ফলাফলে হীৰা শৰণীয়াকো শংকিত নকৰা নহয় । জয়ী হৈছে যদিও ভোটৰ ব্যৱধান এক চতুৰ্থাংশলৈ কমি আহিল । কংগ্ৰেছৰ ভোট শ্বেয়াৰ ভালেখিনি বৃদ্ধি পালে । ধৰ্মীয় সংখ্যালঘুৰ ভোট সকলো দলেই লাভ কৰিছে । বাকী থাকিল ৰাজবংশী ভোট , বঙালী ভোট , অসমীয়া ভাষী ভোট __ এই ভোটখিনি কোনো দলৰে ভোট বেংক নহয় ।
গোটেই ফলাফল নিৰ্ভৰ কৰিব কংগ্ৰেছ আৰু বিজেপি দলৰ ওপৰত । বিপিএফ , বিজেপি আৰু অগপই মিত্ৰজোঁটত থাকিব আনহাতে গণ সুৰক্ষা পাৰ্টীয়ে যদি কংগ্ৰেছৰ লগত বুজাপৰা কৰে তেন্তে অহাবাৰৰ বিটিচি নিৰ্বাচনৰ ফলাফল বেছ আকৰ্ষণীয় হৈ উঠিব । বিটিচি গঠনৰ ৰিমোট কন্ট্ৰ’ল হীৰা শৰণীয়াৰ লগত থাকিব নে উৰ্খা গৌৰাৰ লগত থাকিব এই সকলো কথা সময়ত পৰিষ্কাৰ হ’ব ।