হাৰিও জিকিল নেকি মোদী?

4162
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


৫ ৰাজ্যৰ বিধানসভাৰ ফলাফল বিভিন্নজনে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। কাৰোবাৰ মতে ৰাহুল গান্ধীয়ে এতিয়া ৰাজনীতি শিকি পেলাইছে, আন কোনোৱে আকৌ নৰেন্দ্ৰ মোদীৰ যাদু শেষ হোৱা বুলি অভিমত ব্যক্ত কৰিছে।

আচলতে চাব গ’লে এই নিৰ্বাচনে কেইবাটাও দিশ উন্মোচন কৰিলে। ভাৰতৰ যিকোনো প্ৰদেশত  ৪ৰ্থ বাৰ নিৰ্বাচন জিকা মুখ্যমন্ত্রীৰ সংখ্যা তেনেই কম। ৯০ৰ দশকৰ পিছত নবীন পাটনায়কক বাদ দি আন কোনো ডাঙৰ ৰাজ্যত এনে হোৱা দৃষ্টান্ত নাই। স্বাভাবিকতে কঠিন আছিল শিবৰাজ সিং চৌহান আৰু ৰমণ সিংৰ প্ৰত্যাবৰ্তন । ৰাজস্হানে যিহেতু ৫ বছৰৰ মূৰত চৰকাৰ সলনে কৰে সেইবাবে ৰাজনৈতিক পণ্ডিতসকলে আগতিয়াকৈ তাত কংগ্ৰেছ জয়ী হ’ব বুলি ভবিষ্যত বাণী কৰিছিল। ১৫ বছৰৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ পিছতো মধ্যপ্ৰদেশত চৌহানে যিদৰে যুঁজ দিলে সেয়া শলাগিবলগীয়া। শতকৰা ভোট কংগ্ৰেছতকৈ বেছি পোৱাৰ পিছতো সংখ্যা বলত পৰাজিত হ’ল শিৱৰাজ সিং চৌহান। এই যুঁজখনত তেওঁক মোদীয়ে সহায় নকৰাহেতেন চাগে ইমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিলেহেতেন। বিভিন্ন দিশৰ পৰা আক্ৰমণ সহ্য কৰিব লগা হৈছিল চৌহানে। কৃষক বিদ্ৰোহ, সবৰ্ণৰ আন্দোলন, দলিতৰ খং আদিয়ে সকলো পিনৰ পৰা বেৰি ধৰিছিল তেওঁক। তাৰ পৰা ওলাই অহাৰ বাবে যথেষ্ট কষ্ট কৰিও অলপ মানৰ কাৰণে সিমাৰেখা অতিক্ৰম কৰিব নোৱাৰিলে। আমি  প্ৰত্যক্ষ কৰিছিলো কেনেদৰে চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্রীৰ যুঁজত অবতীৰ্ণ হৈ শোচনীয় পৰাজয় হৈছিল তৰুণ গগৈ বা শীলা দীক্ষিতৰ।
ৰাজস্হানে প্ৰতি ৫ বছৰৰ অন্তৰত চৰকাৰ সলনি কৰি আহিছে। সাধাৰণতে শাসনত থকা দলটোৰ পৰাজয় হয়। ২০১৩ত শাসনত থকা কংগ্ৰেছে পাইছিল মাত্র ২১খন আসন।  ৬ মাহ আগত কৰা অ’পিনিয়ন প’ল বিলাকতো বিজেপিক মাত্র ২৫-৩০ খন আসন দিছিল। কিন্তু ফলাফল ঘোষণা কৰাৰ পিছত দেখা যায় যে বিজেপিয়ে ৭৩ খন আসন পায়। বিজেপিৰ আসন ২৫ৰ পৰা ৭৩লৈ বৃদ্ধি কৰাৰ কৃতিত্বও মোদীয়েই পাব। অবশ্যে চত্তিছগড়ত দলৰ শোচনীয় পৰাজয়ৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে মোদীয়ে।
তিনি ৰাজ্যৰ পৰাজয়ে মোদীৰ বাবে কেইবাটাও ভাল খবৰো আনিছে, তাৰ ভিতৰত উল্লেখযোগ্য হ’লঃ
১) শিৱৰাজ সিং চতুৰ্থবাৰ জয়ী হ’লে ৰাষ্ট্ৰীয় স্তৰত তেওঁক মোদীৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা গ’লহেতেন। প্ৰধানমন্ত্রী পদৰ বাবে তেওঁ  বিজেপিৰ কিছুমান নেতাৰ সমৰ্থন পোৱাৰ সম্ভাবনা আছিল।
২) এই নিৰ্বাচনে ই.ভি.এমৰ ওপৰত লাগি থকা দাগ মচি দিলে। ২০১৯ত মোদী পুনৰ জয়ী হ’লে বিৰোধীয়ে ই.ভি.এমক দোষ দিয়াৰ সম্ভাবনা ক্ষীণ।
৩) পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বিৰোধীতা কৰা মোদীৰ বাবে বসুন্ধৰা ৰাজে সিন্ধিয়াৰ পৰাজয় সিমান এটা বেয়া খবৰ নহয়।
৪) ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ আগত এই ফলাফলটোৱে বিজেপি কৰ্মকৰ্তা সকলক আৰু অধিক কষ্ট কৰাৰ বাবে মনোবল যোগাব।
৫) এই জয়ৰ পিছত প্ৰধানমন্ত্রীৰ সম্ভাবিত প্ৰাৰ্থী হিচাপে কংগ্ৰেছে আন বিৰোধী দলক এৰি দিয়াৰ সম্ভাবনা নাই। বিজেপিয়ে বিচৰা ধৰণে এই যুঁজখন মোদী বনাম ৰাহুল হ’বলৈ গৈ আছে।
মুঠৰ ওপৰত ক’ব গ’লে  ৩ ৰাজ্যৰ পৰাজয়ে মোদী ডাঙৰীয়াক কিছুমান উপকাৰ কৰিছে।  প্ৰশ্ন হৈছে ___ হাৰিও জিকিল নেকি মোদী ????