হিন্দুইজম বনাম হিন্দুত্ব বিতৰ্কঃ তৰ্ক, কুতৰ্ক আৰু ষড়যন্ত্ৰ

739
  • নিপন শইকীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ নেতা চলমান খুৰ্শিদৰ সদ্য প্ৰকাশিত Sunrise Over Ayodhya গ্ৰন্থখনে পুনৰ বাওঁ-প্ৰগতিশীল শিৱিৰৰ হিন্দুইজম-বনাম-হিন্দুত্ব বিতৰ্কক সন্মুখলৈ লৈ আনিছে। গ্ৰন্থখনত তেওঁ ঋষি-মুনিসকলৰ সনাতন ধৰ্ম বা ধ্ৰুপদী হিন্দুইজমৰ গুণ গাবলৈ গৈ হিন্দুত্বক আইছিছ আৰু বকো হাৰামৰ লগত তুলনা কৰিছে। ই অনপেক্ষিত নহয় – কেইবাশতিকাৰ দমন-নিপীড়ন আৰু বিভাজনৰ চিকাৰ হিন্দু সমাজক ধীৰে ধীৰে, অথচ নিশ্চিতভাৱে, একত্ৰিত হোৱা দেখি বিশ্বৰ চিকাৰী মজহৱবিলাকৰ চৰ্দাৰবোৰৰ টোপনি নোহোৱা হৈছে। হিন্দু সমাজৰ এই নৱজাগৰণ আন্দোলনক কিদৰে লক্ষ্যভ্ৰষ্ট কৰিব পাৰি: কাল্পনিকভাৱে ইয়াক দুই ভাগত ভাগ কৰা – নৰমপন্থীভাগৰ প্ৰশংসা কৰা আৰু প্ৰতিৰোধী ভাগক চৰমপন্থী অপৰাধী বুলি প্ৰচাৰ কৰা। বিভ্ৰান্ত মানুহবিলাকে নিজকে তেতিয়া নৰমপন্থী বুলি পৰিচয় দিয়া কৰিব, আৰু আন্দোলনৰ প্ৰকৃত প্ৰতিৰোধী শক্তিক অপৰাধী বুলি গণ্য কৰি তাৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব। সমাজৰ সমৰ্থন অবিহনে প্ৰতিৰোধী শক্তি দুৰ্বল হ’ব, আৰু ফলত সেই সমাজ তেতিয়া তেওঁলোকৰ সহজ চিকাৰ হৈ পৰিব।
ভাৰতৰ স্বাধীনতা আন্দোলনকো দুৰ্বল কৰিবলৈ আন্দোলনৰ এটা ভাগক গান্ধীৰ নেতৃত্বত নৰমপন্থী বুলি প্ৰশংসাৰে উপচাই পেলোৱা হ’ল, আৰু তাৰ বিপৰীতে বীৰ চাভাৰকাৰ, শ্বহীদ ভগত সিং আদিক চৰমপন্থী বুলি চৰম প্ৰতাৰণা কৰা হ’ল। দ্বিতীয় মহাযুদ্ধই বৃটেইনৰ ককাল ভাঙি নেপেলোৱা হ’লে আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজে প্ৰত্যাহ্বান নজনোৱা হ’লে বৃটিছে কেতিয়াও ভাৰত এৰি নগ’লহেঁতেন। এতিয়া হিন্দু নৱজাগৰণৰ এই আন্দোলনক লক্ষ্যভ্ৰষ্ট কৰি দুৰ্বল কৰিবলৈও সেই একেটা, সময়ৰ পৰীক্ষাত উত্তীৰ্ণ উপায়ৰে সহায় লোৱা হৈছে।
-ism এটা English suffix, এটা বিশেষ আচৰণপ্ৰণালী, বিচাৰতন্ত্ৰ বা দৰ্শনক বুজাবলৈ এই suffix ৰ প্ৰয়োগ কৰা হয় (–ism is a suffix added to the end of a word to indicate that the word represents a specific practice, system, or philosophy)। গতিকে হিন্দুইজমে হিন্দুসকলৰ আচৰণপ্ৰণালী, বিচাৰতন্ত্ৰ আৰু দৰ্শনক বুজায়। আনহাতে সংস্কৃত –ত্ব প্ৰত্যয়েও অনুৰূপ ভাৱকে প্ৰকাশ কৰে। অৰ্থাৎ হিন্দুত্বই হিন্দুসকলৰ আচাৰ, বিচাৰ আৰু দৰ্শনক বুজায়। যিদৰে socialism আৰু সমাজবাদ একেটা মতবাদকে বুজোৱা শব্দ, সেইদৰে Hinduism আৰু হিন্দুত্বও একেটা আদৰ্শকে বুজোৱা শব্দ। তথাপি কিন্তু ইহঁতৰ মাজত প্ৰাৰ্থক্য উলিয়াবলৈ সিহঁতে আহোপুৰুষাৰ্থ কৰিছে। কিয়?
কাৰণ সিহঁতে হিন্দুসকলে প্ৰতিৰোধ কৰাটো নিবিচাৰে। সিহঁতে বিচাৰে হিন্দুসকল চৰম অন্যায়-অৱদমনৰ মুখতো শান্ত, আমৃত্যু সহনশীল হৈ থাকক। কোনটো কুকুৰনেচীয়াই বিচাৰিব তাৰ চিকাৰ ভেড়াটোৱে সৰ্বশক্তিৰে প্ৰতিৰোধ কৰক?
চলমান খুৰ্শিদৰ শেহতীয়া তৰ্ক, তাৰ সমৰ্থনত দিয়া ৰাহুল গান্ধীৰ কুতৰ্ক প্ৰকৃততে হিন্দুসমাজৰ বিৰুদ্ধে এক বৈশ্বিক ষড়যন্ত্ৰ মাথোন।