হিমন্ত জ্বৰত আক্ৰান্ত সমগ্ৰ ৰাজ্য

1271

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমত প্ৰথম পৰ্য্যায়ত ৪৭খন আসনৰ বাবে নিৰ্বাচন সম্পন্ন হয় যোৱা ২৭ মাৰ্চ তাৰিখে। দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ বাবে নিৰ্বাচন অনুস্থিত হ’ব অহা ১ আৰু ৬ এপ্ৰিল তাৰিখে। অসমৰ নিৰ্বাচনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰিব খুজিলে ক’ব লাগিব যে বৰ্তমান অসমত নিৰ্বাচনী প্ৰচাৰেৰে এক প্ৰকাৰ ধুমুহা সৃষ্টি কৰিছে বিত্ত,স্বাস্থ্য আদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ সংখ্যাগুৰু বসতি প্ৰধান অঞ্চলবোৰত শৰ্মাই বিজেপিৰ সপক্ষে ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দৈনিক ৬-৭ খনকৈ সভা, ৰোদ শ্বো, পদযাত্রা আদিৰে বিৰোধীক একপ্ৰকাৰ নিস্প্ৰভ কৰি পেলাইছে। প্ৰথম পৰ্য্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ শৰ্মাই সংবোধন কৰে ৪৩ খন জনসভা। লগতে আছিল ১৭৫ কি.মি ৰোদ শ্বো, ১২৪ কি.মি বাইক ৰেলী আৰু ৭২ কি.মি পদযাত্রা। ১ম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ লগে লগে তেওঁ আৰাম্ভ কৰে দ্বিতীয় পৰ্য্যায়ত অনুস্থিত হ’বলগীয়া সমষ্টি সমূহৰ বাবে প্ৰচাৰ। ২৬,২৭ আৰু ২৮ মাৰ্চত শৰ্মাই সম্ভোধন কৰে ১৭খন জনসভা। এতিয়ালৈকে তেওঁৰ জনসভা, ৰোদ শ্বো, পদযাত্রা সকলোতে দেখা গৈছে কেৱল মানুহ আৰু মানুহ। চতিয়া সমষ্টিত আনকি ৰাতি ১১:৩০ বজালৈ শৰ্মাৰ বাবে অপেক্ষা কৰি আছিল হাজাৰ হাজাৰ মানুহ। তিনিচুকীয়া,  ডিব্ৰুগড়, হোজাই. লখিমপুৰ,যোৰহাট, কৰিমগঞ্জ সকলোতে ৰাইজৰ পাৰ ভঙা উৎসাহ। হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্র দাখিল কৰাৰ দিনত এক লাখৰো অধিক লোকৰ সমাগমে অসমৰ ৰাজনীতিত এক অভিলেখ স্থাপন কৰে। অসমলৈ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে ৰাষ্ট্ৰীয় নেতা প্ৰচাৰ কৰিবলৈ আহিছে আৰু সভাবোৰত মানুহো হৈছে। তথাপিও কিন্তু ক’ব লাগিব নিৰ্বাচনী প্ৰচাৰত মানুহৰ মাজন প্ৰভাব বিস্তাৰ কৰা ১ নম্বৰ নেতাজন হ’ল হিমন্ত বিশ্ব শৰ্মা। ২০১৬ চনত তেওঁৰ প্ৰতি ৰাইজৰ যি সমৰ্থন আছিল সেয়া যেন ২০২১ত আৰু অধিক বৃদ্ধি পাইছে। শৰ্মাক দৈনিক গামোচা পিন্ধোৱা, কৰমৰ্দন কৰা লোকৰ সংখ্যা দেখি হয়তো তেওঁৰ প্ৰতিদ্বন্দ্বী সকলে ঈৰ্ষা কৰাৰ বাহিৰে আন গত্যন্তৰ নাই। হিমন্ত বিশ্ব শৰ্মা যেন এতিয়া এজন চেলিব্ৰেটী হৈ পৰিছে। জুবিন বা পাপনক বিহু মঞ্চত চাবলৈ ৰাইজে যেনেকৈ ঘন্টাৰ পিছত ঘন্টা ধৰি অপেক্ষা কৰে, থিক তেনেধৰে শৰ্মাও আজিকালি ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে। কিন্তু তেওঁৰ এই জনপ্ৰিয়তাৰ কাৰণ কি? আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় ১০ খন সভাত ৰাইজৰ লগত কথা পাতি এই বিষয়ে জনাৰ প্ৰয়াস কৰিছিলো।
প্ৰথম কথাটো হ’ল ৰাইজৰ শৰ্মাৰ প্ৰতি আছে অগাধ বিশ্বাস। কংগ্ৰেছ আৰু বিজেপিৰ মন্ত্রীত্বৰ কালত শৰ্মাই যেনেকৈ টেটত দুৰ্নীতি মুক্ত ভাবে চাকৰিত নিযুক্তি  দিলে, কোভিদৰ সময়ত যেনেকৈ ৰাইজৰ সেৱা কৰিলে, শৰ্মাৰ একক প্ৰচেষ্টাত যেনেকৈ অসমত মেডিকেল কলেজৰ সংখ্যা ৩ৰ পৰা ১২ খনলৈ বৃদ্ধি পালে,  ৰাইজ শৰ্মাৰ সভাবোৰলৈ হিল দোল ভাঙি ওলাই আহিছে। ইয়াৰ উপৰিও অৰুণোদয়, স্বয়ম, ৰাস্তা নিৰ্মানত যোৱা ৫ বছৰত তেওঁৰ ভূমিকাক ৰাইজে প্ৰশংসা কৰিছে। শৰ্মাৰ সভাবোৰত সকলোতকৈ বেছি হাত চাপৰি পৰে বুলেট আৰু মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই কৰা ঘোষণাৰ সময়ত। ছাত্রীক স্কুটী প্ৰদান কৰি তেওঁ ছাত্র-ছাত্রীৰ মাজত ইতিমধ্যে মামা নামেৰে জনাজাত হৈ পৰিছে। ৰাইজে বিশ্বাস কৰে যে সকলো ঘোষণা যি শৰ্মাই নিৰ্বাচনী সভাবোৰত কৰিছে তাক ১০০% সম্পূৰ্ণ কৰিব।
অসমৰ সমসাময়িক ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবক্তা দ্বিতীয় জন পাবলৈ নাই। তেওঁ সভাবোৰত যেতিয়া ভাষণ দিয়ে তেতিয়া ৰাইজৰ লগত connect কৰিবলৈ সক্ষম হয়। ৰাইজৰ এনেকুৱা লাগে যেন এয়া ভাষণ নহয় ৰাইজৰ লগত প্ৰত্যক্ষ ভাবে কথা-বতৰা পাতি আছে। তেওঁ যদি ২৫ মিনিট ভাষণ ৰাখে তাৰ ভিতৰত ১৫ মিনিট সময় নিজৰ চৰকাৰৰ যোৱা ৫ বছৰৰ উপলব্ধি আৰু আগন্তুক ৫ বছৰত তেওঁৰ চৰকাৰে কি ক’ৰিব তাৰ বিষয়ে কয়। বাকী ১০ মিনিট সময় বিৰোধীক সমালোচনাৰে থকা সৰকা কৰে। দেখা গৈছে যে বিৰোধীক আক্ৰমণ কৰি বক্তব্য ৰখাৰ সময়ত ৰাইজৰ মাজত উৎসাহ বেছি বৃদ্ধি পায়। উদাহৰণ স্বৰূপে লামডিংত তেওঁ যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন কৰক সমালোচনা কৰিছিল তেতিয়া ৰাইজৰ সহাৰি আছিল অভূতপূৰ্ব। ৰাইজৰ এই সহাৰিৰ বাবে তেওঁ স্বপন কৰৰ বিৰূদ্ধে দিঘলীয়া সময়ৰ বাবে বক্তব্য ৰাখিছিল। কিছুমান ব্যবহাৰিক উদাহৰণেৰে তেওঁৰ আক্ৰমণৰ লক্ষ্য প্ৰতিখন সভাতে হৈ পৰে বদৰুদ্দিন আজমল। আজমলৰ বিৰূদ্ধে কথা ক’লে ৰাইজৰ পৰাও শুনা যায় জাউৰিয়ে জাউৰিয়ে হাত চাপৰি।
ইয়াৰ উপৰিও হিন্দুত্বক বিশ্বাস কৰা ৰাইজৰ প্ৰথম পচন্দ হিমন্ত বিশ্ব শৰ্মা। অসমত বংগদেশীয় মুছলমানৰ অগ্ৰাসনক লৈ যিসকল ৰাইজে চিন্তা ব্যক্ত কৰে তেওঁলোকে বিশ্বাস কৰে যে অকল হিমন্ত বিশ্ব শৰ্মাইহে এই সমস্যা সমাধান কৰিব পাৰে। ‘কা’ৰ সপক্ষে শৰ্মাই লোৱা স্থিতিয়ে তেওঁক বৰাক উপত্যকাত অতি জনপ্ৰিয় কৰি তুলিছে।
দেখা গ’ল যে হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত বিজেপিয়ে উজনি, উত্তৰ, মধ্য অসমৰ লগতে কাৰ্বি পাহাৰ আৰু বৰাকৰ হিন্দু অধ্যুসিত অঞ্চলবোৰত এক ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত বিজেপিয়ে কিমান আসন লাভ কৰিবলৈ সক্ষম হয় সেয়া গম পোৱা যাব ২ মে তাৰিখে।