হিমন্ত বিশ্বই উদঙালে সোণোৱালৰ ব্যৰ্থতা

1107
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমত বৰ্তমান ড্ৰাগছৰ জোৱাৰ উঠিছে। এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰহকাৰী গ্ৰেপ্তাৰ হৈছে। জব্দ হৈছে কৌটি টকাৰ সামগ্ৰী। হিৰোইন, গৰু চিণ্ডিকেট আদি উৎখাত কৰিবলৈও আৰক্ষী উঠি পৰি লাগিছে।  ৰাইজে একেমুখে আৰক্ষীক সাধুবাদ দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সকলোৱে প্ৰশংসা কৰিছে। কিন্তু প্ৰশ্ন হৈছে এই ড্ৰাগছ আৰু চিণ্ডিকেটৰ চক্ৰটো নতুন চৰকাৰ গঠন হোৱাৰ পিছতহে আৰম্ভ হৈছিল নেকি ? নিশ্চয় নহয়। প্ৰয়াত তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ দিনটো এইবিলাক চলি আছিল। কিন্তু দুয়োজন প্ৰাক্তন মুখ্যমন্ত্রীৰ চৰম অকৰ্মন্নতাৰ বাবে ৰাজ্যত অপৰাধীয়ে দপদপাই থাকিল। দুয়োজন প্ৰাক্তন মুখ্যমন্ত্রীৰ ব্যক্তিগত সততাকলৈ আমাৰ কোনো শংকা নাই। কিন্ত এইটো কথা নকৈ নোৱাৰো যে দুয়োজনৰে ইচ্ছা শক্তিৰ অভাব আছিল। আমোলা নিৰ্ভৰ দুয়োজন মুখ্যমন্ত্রীক হয়তো আমোলাসকলে বিপথে পৰিচালনা কৰি আছিল। ড্ৰাগছৰ মুক্ত বিচৰণ ৰোধ কৰিব নোৱাৰি এটা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ যোৱা গগৈ আৰু সোণোৱালৰ শাসনৰ আচল কথাবোৰ বৰ্তমান পোহৰলৈ আহিছে। সোণোৱাল ইমানেই অজ্ঞ আছিল যে নৱ দলৈৰ বিভাগে পি.এন.আৰ.দি নিযুক্তিত ইমান ডাঙৰ দুৰ্নীতি কৰিলে আৰু তেওঁ একো খৱৰ নাপালে। তেওঁৰ নাকৰ তলতে এছ.আই কেলেংকাৰীৰ ব্লু প্ৰিন্ট ৰচিত হৈছিল। মুঠৰ উপৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিমানে গৃহ বিভাগত সংস্কাৰ আনিছে, যিমান সফলতা দেখুৱাইছে সিমানে বাঢ়িছে সোণোৱালৰ বিপদ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ওপৰতো আমাৰ নজৰ থাকিব। কিমান আটকাধীন অপৰাধীয়ে শাস্তি পায় সেয়া লক্ষণীয় হ’ব।লগতে পিএনআৰদি বা জনসংযোগ বিভাগত যোৱাবাৰ হৈ যোৱা খামখিয়ালিৰ দৰে ঘটনা এইবাৰযাতে নহয় সেই নজৰ নতুন মুখ্যমন্ত্ৰীয়ে ৰাখিব বুলি ৰাইজে ধাৰণা কৰে ।