হিমন্ত বিশ্ব দিছপুৰ, সোণোৱাল দিল্লী

7743

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কেইজনমান আগতে এগৰাকী বিৰোধী দলৰ নেত্রীয়ে অসম বিজেপিৰ কথা উল্লেখ কৰি কৈছিল যে দল আৰু চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনৰ সহায়ত চলি আছে। এই কথাশাৰ পোনচাটেই নাকছ কৰিব নোৱাৰি। যোৱা চাৰে চাৰিবছৰত দলটোৰ আৰু চৰকাৰখনৰ সফলতা বুলিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰো কোন এজন নেতা চকুত নপৰে। স্বাস্হ্য , গড়কাপ্টানী, শিক্ষাক বাদ দি কোনো এটা বিভাগৰ সফলতা বুলিবলৈ একো নাই। গৃহ, উদ্যোগ, কৃষি, যোগান আদি বাকী সকলো বিভাগ চলোৱাত ব্যৰ্থ হৈছে চৰকাৰ। ইয়াৰ উপৰিও প্ৰধান সমস্যা হৈছে ৰাইজৰ লগত সংবাদ। সৰ্বানন্দ সোণোৱালক নিৰ্বাচনত জয় হোৱাৰ পিছৰ পৰা টিভি চেনেলৰ কোনো সাক্ষাৎকাৰত দেখা নাই। নিজৰ ইমেজক লৈ অত্যন্ত সচেতন সোণোৱালে হয়তো ৰিক্স ল’ব বিচৰা নাই। দুই চাৰিজন মন্ত্রীয়ে বক্তব্য ৰাখিছে যদিও ৰাইজ সন্ত্তষ্ট হোৱাকৈ উত্তৰ দিবলৈ সক্ষম হোৱা নাই। এনে ক্ষেত্রত ২০২১ত বিজেপিৰ চৰকাৰ পুনৰ আনিব পৰা ব্যক্তি জন হ’ল একমাত্র ড° হিমন্ত বিশ্ব শৰ্মা। কিন্ত হিমন্ত বিশ্ব শৰ্মাই জানো নিজৰ আশা আকাংশা জলাঞ্জলি দি সোণোৱালক মুখ্যমন্ত্রী পাতিবলৈ পুনৰ দেহে কেহে লাগিব? এইটো হ’ল বৰ্তমানৰ কৌটি টকীয়া প্ৰশ্ন।
দিল্লীৰ পৰা কি আশ্বাস পালে শৰ্মাই?
কংগ্ৰেছত লাভ কৰা বহু তিক্ত অভিজ্ঞতাৰ পিছত ২০১৬চনত এদিন সকলোকে আচৰিত কৰি বিজেপিত যোদগান কৰিছিল অসমৰ ৰাজনীতিৰ এই যোদ্ধাজনে। তৰুণ গগৈ-ৰাহুল গান্ধীয়ে ভাবিবই পৰা নাছিল যে বিজেপিয়ে তেওঁক দলত অন্তৰ্ভুক্ত  কৰিব। নিজৰ মুখ্যমন্ত্রীত্বৰ আকাঙ্ক্ষাক সাময়িকভাবে নিৰ্বাপিত কৰি বিজেপিৰ জয়ৰ পাবে ২০১৬ত তেওঁ দিনত ৰাতি কৰি আৰু ৰাতিক দিন কৰি লাগি পৰে। সোণোৱাল-শৰ্মাৰ যুগল বন্দীত বিধ্বস্ত হয় কংগ্ৰেছ। অবশ্যে সোণোৱালৰ মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱাৰ ইচ্ছা নাছিল শৰ্মাৰ। ২০১৬তে পুহি ৰাখিছিল ২০২১ লোকসভাৰ জৰিয়তে দিল্লী যাত্রাৰ সপোন। কিন্তু প্ৰথমবাৰৰ বাবে গঠন হোৱা অসমত বিজেপি চৰকাৰত প্ৰয়োজন আছিল এজন অভিজ্ঞ ৰাজনীতিবিদৰ। সেইমৰ্মে ২০২১ত অসমৰ পৰা লোকসভাৰ টিকট দিয়াৰ আশ্বাস দিলে অমিত শ্বাহে। কিন্তু ২০২১ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই অসমত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজনীয়তা অনুভব কৰি লোকসভাৰ টিকট দিয়াৰ পৰা বিৰত থাকে। হিমন্ত বিশ্ব শৰ্মাই অসন্ত্তষ্ট হৈছিল যদিও অমিত শ্বাহে টিকট নিদিয়াৰ কাৰণ ব্যাখ্যা  কৰি দিয়া টুইটৰ পিছত ক্ষান্ত হয়। কিন্ত ২০২১ত শৰ্মা আকোৰগোজ। কোনোপধ্যে ২০২১ৰ নিৰ্বাচন খেলিবলৈ মান্তি হোৱা নাই। তেওঁ জানে যে বিধানসভাৰ নিৰ্বাচন খেলিলে পুনঃ সোণোৱাল মন্ত্রীসভাৰ সদস্য হোৱাৰ বাদে গত্যন্তৰ নাথাকিব। ড° হিমন্ত বিশ্ব শৰ্মাই মুখ খুলি কেন্দ্ৰীয় নেতৃত্বক মুখ্যমন্ত্রীত্ব লাগে বুলি কোৱ নাই যদিও পাকে প্ৰকাৰে বুজাই দিছে যে তেওঁক মুখ্যমন্ত্রী নাপাতিলে দিল্লীলৈ যাবই। ২০২২ত অসমত ৰাজ্যসভাৰ দুখন অাসন খালি হ’ব। ২০২১ত বিজেপি জয়ী হ’লে ৰাজ্যসভালৈ সহজতে নিৰ্বাচিত হ’ব শৰ্মা। ইয়াকে লৈ বিমোৰত পৰিছে কেন্দ্ৰীয় নেতৃত্ব। শৰ্মাই নিৰ্বাচন নেখেলিলে ২০২১ত অসমত বিপদত পৰিব পাৰে বিজেপি। ইতিমধ্যে কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত যঠেষ্ট আতংকিত হৈছে অমিত শ্বাহ আৰু জে.পি নাদ্দা। ভূতৰ ওপৰত দানহ পৰাদি জাতীয় পৰিষদে উজনিত বিজেপিৰ ভোট কাঢ়িব। বিশেষ সুত্রৰ পৰা পোৱা খবৰ অনুসৰি কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক পৰবৰ্তী মুখ্যমন্ত্রী পতাৰ চিন্তা চৰ্চা কৰিছে। কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত শৰ্মাৰ গুৰুত্ব সোণোৱালতকৈ বহুত বেছি। তেওঁলোকে বুজি উঠিছে যে শৰ্মাক বেছি দিন মুখ্যমন্ত্রীৰ চকীখনৰ পৰা দুৰত ৰাখিব পৰা নাযাব। কেন্দ্ৰীয় মন্ত্রীত্ব পালেও শৰ্মা অসন্ত্তষ্ট নহ’লহেতেন কিন্তু সোণোৱালে অকলে ৰাজ্য চলাব পাৰিব বুলি কেন্দ্ৰীয় নেতৃত্ব আশ্বস্ত নহয়। সেইমৰ্মে সিদ্ধান্ত লোৱা হৈছে যে সোণোৱালক কেন্দ্ৰীয় কেবিনেটত স্থান দিয়া হ’ব তথা হিমন্ত বিশ্ব শৰ্মাক অসমৰ সম্পূৰ্ণ দায়িত্ব দিয়া হ’ব। এতিয়া একমাত্র বাকী আছে ঘোষণা । নিৰ্বাচনৰ আগতে সোণোৱালৰ সলনি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী ঘোষণা কৰিলে জনজাতীয় ভোট বিজেপিৰ পৰা আতৰি যাব পাৰে। সেয়েহে নিৰ্বাচনৰ পিছতহে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা হ’ব পাৰে।  ২০০৭ চন মানৰ পৰা হিমন্ত বিশ্বৰ নাম ভাবী মুখ্যমন্ত্রী হিচাবে ওলাই আছে। ২০২১চনত অবশেষত এই নেতাজনৰ মনৰ বাসনা পূৰ্ণ হোৱাৰ সম্ভাবনা আছে।