অমিত শ্বাহে কিয় টিকট নিদিলে ?

7987

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বৰ্তমান সময়ত অসমৰ ৰাজনীতিত সকলোতকৈ চৰ্চিত বিষয় হ’ল হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অনুমতি নজনালে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ প্ৰভাবশালী নেতাজনক কিয় হাই কামাণ্ডে দিল্লী যাত্রাত বাধা প্ৰদান কৰিলে? ইয়াকে লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। সকলোবোৰ মিলাই হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী যাত্রা সম্ভব নোহোৱাৰ ১০টা কাৰণ তলত উল্লেখ কৰা হ’লঃ
১) হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ গুছি গ’লে অসম চৰকাৰত অভিজ্ঞ মন্ত্রীৰ অভাব ঘটিব। যোৱা তিনি বছৰে শৰ্মাৰ বাহিৰে আন এজনো মন্ত্রীয়ে নিজৰ দক্ষতাৰ পৰিচয় দিব পৰা নাই।
২) হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী যাত্রাৰ পিছত অসমত কংগ্ৰেছৰ উত্থান হ’ব পাৰে বুলি ভয় খাইছে কেন্দ্ৰীয় নেতৃত্বই। হিমন্ত বিশ্ব বিহীন অসম বিজেপিক সমালোচনাৰে থকা-সৰকা কৰি ৰাইজৰ মাজত নিজৰ স্তিতি মজবুত কৰাৰ সম্ভাবনা আছে কংগ্ৰেছৰ।
৩) দিল্লীলৈ গ’লে ২০২১ বিধানসভা নিৰ্বাচনত ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰৰ ক্ষেত্রত সিমান গুৰুত্ব নিদিয়াৰ সম্ভাবনাই প্ৰবল। এনে ক্ষেত্রত দ্বিতীয়বাৰ অসম দখল কৰা বিজেপিৰ বাবে সহজ সাধ্য নহ’ব।
৪) কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা হিমন্ত বিশ্ব শৰ্মাক এতিয়াও বিশ্বাসত ল’ব পৰা নাই কেন্দ্ৰীয় নেতৃত্বই। নিৰ্বাচনত জয়ী হ’লে কেবিনেটত স্হান দিব ল’গা হ’ব ডঃ শৰ্মাক।
৫) শৰ্মা দিল্লী পালে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত গুৰুত্ব কমিব ৰাম মাধৱৰ। সেয়ে তেওঁ নিবিচাৰে শৰ্মা দিল্লীলৈ যাওক।
৬) দিল্লীত চৰকাৰ গঠন হ’লে CAB সংসদত পাছ কৰাৰ চেষ্টা চলাব বিজেপিয়ে। কেন্দ্ৰীয় নেতৃত্বই বিচাৰে সেইখিনি সময়ত হিমন্ত বিশ্ব শৰ্মা অসমত থাকক।
৭) বিভিন্ন ৰাষ্ট্ৰীয় টিভি চেনেলত নিজৰ বক্তব্য সাবলীল ভাবে ৰাখি জনপ্ৰিয় হৈ পৰিছিল ডঃ শৰ্মা। কেন্দ্ৰীয় নেতৃত্বৰ বহুতৰে ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তেখেত।
৮) আৰ.এছ.এছে অসমৰ পৰিস্হিতি অধ্যয়ন কৰি কেন্দ্ৰীয় নেতৃত্বক পৰামৰ্শ দিছে যে শৰ্মা অসমত থকাটোৱে দলৰ বাবে মংগল।
৯) কংগ্ৰেছত থকা সময়ত মোদীকে ধৰি বহু  বিজেপি নেতাক সমালোচনা কৰিছিল শৰ্মাই। হয়তো সেইবিলাক কথা কেন্দ্ৰীয় নেতৃত্বই এতিয়াও পাহৰা নাই।
১০) উত্তৰ পূৰ্বাঞ্চলৰ আন মুখ্যমন্ত্রী সকলেও বাধা দিব পাৰে শৰ্মাৰ দিল্লী গমন। দিল্লী যাত্রাৰ পিছতে যে শৰ্মা উত্তৰ পূৰ্বাঞ্চলৰ চুপাৰ চি.এম হৈ পৰিব সেইটো নিশ্চিত।
এই কেইটা আছিল  আমি যুগুত কৰি উলিওৱা ১০টা কাৰণ যিয়ে হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী গমনত হেঙাৰ হৈ দেখা দিলে। অনাগত দিনত লাহে লাহে স্পষ্ট হ’ব এইকেইটাৰ ভিতৰৰ পৰা আচল কাৰণ কি। মুঠতে এই ঘটনাটোৱে নিৰ্বাচনৰ সকলো উত্তেজনা নিঃশেষ কৰি দিলে।