হিমন্ত বিশ্ব শৰ্মাৰ ছোনীয়া গান্ধীৰ সৈতে শেষ সাক্ষাৎ

2036
  • পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


” You also are a father and a parent, Himanta. You understand that as a mother, I can’t go against the wishes of my son, don’t you?”
 কংগ্ৰেছ দলত ক্ৰমাত একাশৰীয়া হ’বলৈ ধৰা হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ছোনীয়া গান্ধীৰ সাক্ষাৎ বিচাৰিলে তেতিয়া ছোনীয়া গান্ধীয়ে শৰ্মাক পিছ দুৱাৰেৰে আহিবলৈ ক’লে। শৰ্মাই ইয়াৰ কাৰণ জানিব বিচৰাত শ্ৰীমতী গান্ধীয়ে উক্ত কথাষাৰ  কৈছিল। বিশিষ্ট সাংবাদিক ৰাজদীপ সৰদেশাইৰ সদ্য প্ৰকাশিত গ্ৰন্থ ‘ 2019 How modi won India ‘ ৰ পঞ্চম  chapter “An Enigma called Rahul Gandhi” ত এই কথাখিনি উল্লেখ আছে। ৰাহুল গান্ধীৰ ৰাজনৈতিক জ্ঞানৰ কথা লিখিবলৈ গৈ সৰদেশাইয়ে হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা ঘটনাটো খুব গুৰুত্ব সহকাৰে প্ৰকাশ কৰে।
ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ আশে পাশে থকা পুৰণি কংগ্ৰেছ নেতাসকলৰ মাজৰ ৰছী টনা খেলখন প্ৰায় দুবছৰ চলে। ২০১৪ ৰ পৰা ২০১৬ চনলৈ দলে ইয়াৰ বাবে বহু নিৰ্বাচনতো পৰাজিত হ’ব লগা হয়। এই যুঁজখনৰ প্ৰথম চিকাৰ হয় হিমন্ত বিশ্ব শৰ্মা। ২০১৪ লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ পৰাজয়ে শৰ্মাৰ বাবে সম্ভাবনাৰ দুৱাৰ মুকলি কৰে। “You have to effect a generation change in the congress if you want to win the next election in Assam”  শৰ্মাই ছোনীয়া গান্ধীক কৈছিল। তাৰ পিছতে মল্লিকাৰ্জুন খাৰ্গে অসমলৈ আহি বিধায়কসকলৰ মতামত লয়। ৫২ জন বিধায়কে শৰ্মাৰ সপক্ষে মত ব্যক্ত কৰে। শৰ্মাক ছোনীয়া গান্ধী আৰু আদমেদ পেটেলে কেইদিনমান পিছতে মুখ্যমন্ত্রী পতাৰ কথা  দিয়ে। সেই সময়ত ৰাহুল গান্ধী বিদেশত আছিল। ৰাহুল গান্ধীয়ে বিদেশৰ পৰা প্ৰত্যাবৰ্তন কৰিয়ে মাতৃৰ এই সিদ্ধান্তৰ বিৰোধ কৰে। ৰাহুল গান্ধীৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সাহস কংগ্ৰেছ হাই কামাণ্ডত কাৰো নাছিল। হাই কামাণ্ডক চাপ দিবলৈ শৰ্মাই অসম মন্ত্রীসভাৰ পৰা পদত্যাগ কৰে। শৰ্মাই দিল্লীলৈ গৈ হাই কামাণ্ডক লগ ধৰা পৰ্ব আৰম্ভ হয়। আহমেদ পেটেল, গুলাম নৱী আজাদ আদি নেতা শৰ্মাৰ পক্ষত আছিল যদিও ৰাহুলে কোনোপধ্যে শৰ্মাক মুখ্যমন্ত্রী পতাৰ পক্ষত নাছিল। অবশেষত ৰাহুলৰ ঘৰত এই বিষয় লৈ শেষ মিটিংখন হয়। ইয়াত উপস্থিত আছিল তৰুণ গগৈ,অঞ্জন দত্ত, চি.পি যোশী আৰু হিমন্ত বিশ্ব শৰ্মা। “Look , you can do what you want , I am not concerned, please deal with CP Joshi, he will solve your issues. Don’t come to me again  ” , ৰাহুলে একপ্ৰকাৰ ধমক দিলে অসমৰ প্ৰবল প্ৰতাপী নেতা হিমন্ত বিশ্ব শৰ্মাক। ছোনীয়া গান্ধীয়েও শৰ্মাক সহায় কৰিবলৈ অপৰাগ হয়। ইয়াৰ পিছত ৰাম মাধবৰ লগত শৰ্মাৰ যোগাযোগ স্থাপন হয় আৰু শেষত অমিত শ্বাহৰ ঘৰত শৰ্মা গৈ যোগদান কৰে। ৰাহুলে শৰ্মাক বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰে। বহু কেইটা মিছ কলৰ পিছত দুয়োজনে শেষ বাৰৰ বাবে কথা পাতে __” Sorry Rahulji , I already commited to Amit Shahji. It is too late now”.
এই কিতাপখনত ভাৰতৰ ৰাজনীতিৰ বহুতো গুৰুত্বপূৰ্ণ কথা লিপিবদ্ধ কৰা হৈছে । তাৰ কেইটামান ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
১) লেখকৰ মতে ২০১৯ত মোদী জয়ৰ কাৰণ আছিল ১৩ টা ‘M’ আৰু দুটা ‘W’ । Modi, Machine, Media,Money, Messaging, Marketing, Mobile, Middle Class, Millenials, (anti) Muslim, Majoritarianism, Muscular nationalism, Masood Azhar আৰু Mahagathbandhan । দুটা ‘W’ ক্ৰমে  welfarism আৰু whatsapp. ১৩ টা M আৰু দুটা W ৰ লগত আছিল GK মানে Garib Kisan.
২) প্ৰয়াত সুষমা স্বৰাজ আছিল এল.কে আদৱানীৰ সমৰ্থক। মোদীক প্ৰধানমন্ত্রীৰ ৰুপত প্ৰথম অবস্থাত তেখেতে সমৰ্থন কৰা নাছিল। মোদীয়ে ২০১৪ চনৰ বিজয়ৰ পিছত স্বৰাজক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা নাছিল। শেষত সংঘৰ হেঁচাত স্বৰাজক বিদেশ মন্ত্ৰীৰ দায়িত্ব দিয়ে। বিদেশ মন্ত্রীৰ পদ পালেও স্বৰাজে টুইটাৰৰ যোগেদি ৰাইজৰ সমস্যা সমাধানত ব্যস্ত আছিল। মোদীয়ে নিজে বিদেশী ৰাষ্ট্ৰৰ লগত সম্বন্ধ মজবুত কৰাৰ কাম কৰিছিল।
৩) মোদীয়ে বিচাৰে সকলো মন্ত্রী আৰু সাংসদ চ’চিয়েল মিডিয়াত একটিভ থকাটো। এজন মন্ত্রীৰ ফেচবুকত কম সংখ্যক অনুগামী থকা বাবে মোদীৰ কথা শুনিব লগীয়া হৈছিল।
৪) এজন প্ৰাক্তন ৰাজ্যমন্ত্রীৰ মতে মন্ত্রীসভাৰ মিটিংত সোমোৱাটো ‘ বিগ ব’চ  ‘ ৰ ঘৰত সোমোৱাৰ দৰে। এনে লাগে যেন কোনোবাই আপোনাক সকলো সময়তে চাই আছে।
৫) অমিত শ্বাহ আৰু মোদীৰ প্ৰথম দেখা হয় ১৯৮২ চনত। তেতিয়া শ্বাহৰ বয়স আছিল ১৮ আৰু মোদীৰ ৩২। ১৯৮৭ চনত দুয়োজনে আহমেদাবাদৰ মিউনিচিপালিতিৰ নিৰ্বাচনত একেলগে কাম কৰিছিল। মোদীয়ে প্ৰায়ে শ্বাহৰ স্কুটাৰৰ পিছত উঠি নিৰ্বাচনৰ কামত ঘূৰিছিল।
৬) ২০১২ চনৰ গুজৰাটৰ নাৰানপুৰা বিধানসভা সমষ্টিৰ পৰা অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেখেতে নিজৰ লগতে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী জনৰো পোষ্টাৰ লগাইছিল। এই বিষয়ে তেখেতৰ অনুগামী এজনে প্ৰশ্ন কৰাত তেখেতে কৈছিল যে ”  কংগ্ৰেছ প্ৰত্যাশীজনেটো আশা এৰি দিলে। তেওঁৰ দুখনমান পোষ্টাৰ নলগালে ৰাইজে ভাবিব নিৰ্বাচন একফলীয়া হৈছে। বেছিভাগ মানুহ ভোট দিবলৈকে নাহিব।”
৭) অমিত শ্বাহে ভাল পায় এনে ব্যক্তিক যিয়ে কথা কম কয় আৰু লগতে পৰিশ্ৰমী। সেয়েহে সভাপতি হোৱাৰ পিছতেই তেখেতে সাধাৰণ সম্পাদক পদৰ পৰা অপসাৰণ কৰে বৰুণ গান্ধীক। শ্বাহৰ মতে বৰুণে বহুত কথা কয় আৰু decepline নাজানে।
৮)ছোনীয়া গান্ধীয়ে নিজৰ ৰাজনৈতিক জ্ঞানৰ সীমাবদ্ধতাৰ কথা জানিছিল। সেয়ে তেখেতে জটিল সমস্যা বিলাক সমাধানৰ ক্ষেত্রত আহমেদ পেটেল আৰু গুলাম নৱী আজাদৰ দৰে  তৃণমূল কৰ্মীৰ লগত সম্বন্ধ থকা নেতাৰ পৰামৰ্শ লৈছিল। আনহাতে ৰাহুলৰ চাৰিওফালে থকা নেতাসকলৰ বেছিভাগৰেই নাছিল ৰাজনৈতিক পৰিপক্কতা।
 ৯) ১৯১৬-১৭ চনত ছোনীয়া গান্ধীয়ে প্ৰিয়কাং গান্ধীক ৰাজনীতিত প্ৰবেশ কৰিবলৈ বাধা দিছিল। তেখেতে ভাবিছিল যে প্ৰিয়ংকাৰ প্ৰবেশে ৰাহুলৰ স্থানটো অবনমিত কৰিব পাৰে। অবশ্যে ৰাহুল সভাপতি হোৱাৰ পিছত ২০১৯ চনত ছোনীয়া গান্ধীয়ে প্ৰিয়ংকাক সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰাৰ অনুমতি দিয়ে।
১০) ২০১৯ লোকসভাৰ আগত নৰেন্দ্ৰ মোদীয়ে ৰজত শৰ্মাক জৱাহৰলাল নেহেৰু অ’ডিতৰিয়ামত দিয়া সাক্ষাৎকাৰটোৱে বৃহৎ টি.আৰ.পি আনিবলৈ সক্ষম হয়। শৰ্মাৰ মতে তেখেতে একেধৰণে ৰাহুল আৰু প্ৰিয়ংকাৰো সাক্ষাৎকাৰ লব বিচাৰিছিল। বহুবাৰ শৰ্মাই ৰাহুলক পত্র লিখিছিল, কংগ্ৰেছ নেতাসকলক অনুৰোধ কৰিছিল , আনকি ৰবাৰ্ট ৱাদ্ৰাকো যোগাযোগ কৰা হৈছিল যাতে তেওঁ ৰাহুল বা প্ৰিয়ংকাক সৈমান কৰাব পাৰে। কিন্তু গান্ধী পৰিয়ালৰ পৰা কোনো উত্তৰ নাহিল।
১১) অক্ষয় কুমাৰ আৰু নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰটোৱো খুব জনপ্ৰিয় হৈছিল। নৰেন্দ্ৰ মোদীৰ লগত সাক্ষাৎকাৰৰ বাবে আন তিনিজন তাৰকাৰ নামো বিবেচিত হৈছিল। চালমান খান বাদ পৰিল কাৰণ তেওঁৰ কিছুমান বিবাদ আছে। শচীন তেণ্ডুলকাৰে যদিও ভাৰত ৰত্ন পাইছে তেখেতৰ সাক্ষাৎকাৰ লোৱাৰ পাৰদৰ্শিতাৰ বিষয়ে কোনো অবগত নাছিল। শেষত কৰণ যোহৰ আৰু অক্ষয়ৰ  নাম দুটা ৰয়গৈ। তাৰ পৰা অক্ষয় কুমাৰ উত্তম হ’ব বুলি ধাৰণা কৰা হয়।
১২) ‘কেব’ক লৈ যোৱাবছৰ মন্ত্রীসভাৰ পৰা পদত্যাগ কৰা অগপৰ তিনি মন্ত্রীকলৈ ৰাম মাধবে অমিত শ্বাহৰ পৰামৰ্শ বিচৰাত শ্বাহে কৈছিল _পদত্যাগ গ্ৰহণ নকৰিবা, খংত একো প্ৰতিক্ৰিয়া নিদিবা।
১৩) হিমন্ত বিশ্ব শৰ্মাই কোৱামতে অমিত শ্বাহে মিটিংত সকলোৰে কথা মনোযোগেৰে শুনে। কিন্তু তেখতৰ হাতত ইতিমধ্যে সকলো পৰিসংখ্যা থাকে যিবিলাক তেখেতে তৃণমূল বা সাৰ্ভেৰ জড়িয়তে সংগ্ৰহ কৰে। সেয়েহে কোনেও মিছা কথা কৈ শ্বাহৰ পৰা সাৰি যাব নোৱাৰে।