হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ আঁৰৰ কাহিনী

58829
  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


“It flows like a river, taking the readers through the rich history of the North-east, meandering through the maze of complex regional dynamics….A must-read for those interested in the subtle art of politics” এয়া হ’ল অসমৰ প্ৰভাবশালী মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এখন কিতাপৰ ওপৰত কৰা মন্তব্য যিটো সেই কিতাপখনৰ বেটুপাতত সন্নিবিষ্ট কৰা হৈছে । ২০১৭ চনত প্ৰকাশ পোৱা এই কিতাপ  খন হৈছে ‘The last battle of Saraighat’। হার্ভার্ডৰ স্নাতক ৰজত শেঠি আৰু তেওঁৰ পত্নী সুৰ্ভাস্হাই লিখা কিতাপখন উন্মোচন কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধব আৰু মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ৰাম মাধবৰ লগত ৰজত শেঠিৰ পাৰিবাৰিক সম্বন্ধ থকা বুলিও শুনিবলৈ পাইছিলো । ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শেঠি বিজেপি দলৰ strategist আছিল । এই কিতাপখনত ৰাম মাধব আৰু শৰ্মাৰ উপৰিও শেখৰ গুপ্তা আৰু অৰ্ণব গোস্বামীৰো শুভেচ্ছা বাণী লিপিবদ্ধ কৰা আছে ।  কিতাপখনে আহোম ৰজাৰ দিনৰ শৰাইঘাটৰ যুদ্ধৰ পৰা আৰম্ভ কৰি গোপীনাথ বৰদলৈৰ সময়ৰ গ্ৰুপিং, বিদেশী সমস্যা, অসম আন্দোলন আদি সকলো সামৰি লৈছে ।

     ভাৰতৰ ৰাজনৈতিক পটভুমিত হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দল ত্যাগ এটা ঐতিহাসিক ভাবে উল্লেখযোগ্য ঘটনা হৈ ৰ’ব কাৰণ এইজন ব্যক্তিৰ বিজেপি দলত যোগদান কৰাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই বিজেপিয়ে খোপনি পুতিব পাৰিলে।বিভিন্ন সময়ত বিভিন্ন মঞ্চত ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদানৰ কাৰণ বিলাক উল্লেখ কৰিছিল । কিদৰে গৌৰৱ গগৈৰ আগমনৰ পিছত তৰুন গগৈ আৰু শৰ্মাৰ মাজত মত বিৰোধ আৰম্ভ হৈছিল, মল্লিকৰ্জুন খাৰ্গে অসমত আহি বিধায়ক বিলাকৰ ভোট লোৱা, ৰাহুল গান্ধীৰ কুকুৰে বিস্কুট খোৱা আদি কথা শৰ্মাই বহুবাৰ কৈছে । কিন্তু কিতাপখনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানৰ আঁৰৰ কিছুমান গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰা আছে যিবিলাক তথ্য এতিয়াও অসমৰ সংবাদ মাধ্যমত চৰ্চিত হোৱা নাই ।

   ২০১১ চনৰ অসমৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছৰ জয় হয় তেতিয়া কংগ্ৰেছৰ প্ৰভাৰী দিগ্বিজয় সিংএ মুখ্যমন্ত্রীৰ বাবে শৰ্মাৰ নামৰ প্ৰস্তাব দিছিল । কিন্তু তৰুণ গগৈ ডাঙৰীয়াই ততাতৈয়াকৈ দিল্লীলৈ গৈ ছোনীয়া গান্ধীক শৰ্মাৰ বিৰুদ্ধে সৈমান কৰিবলৈ সক্ষম হৈছিল । কিতাপখনত এই ঘটনাতো এনেদৰে লিখা অাছে “Digvijay Singh, pushed his name for the chief ministerial post instead of the incumbent Gogoi.At the same time, Gogoi rushed to Delhi to re-convince party president Soniya Gandhi of his leadership. Sarma had to reluctantly back down”. ‘ৰাজনীতি অসম’ৰ তৰুণ গগৈ ডাঙৰীয়াৰ লগত হোৱা সাক্ষাৎকাৰত গগৈ ডাঙৰীয়াই এই কথাটোৰ সত্যতা স্বীকাৰ কৰিছে। তেখেতৰ মতে কংগ্ৰেছৰ আন কিছুমান মুধা ফুটা কেন্দ্ৰীয় নেতাও শৰ্মাৰ সমৰ্থনত আছিল ।

   ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বিভিন্ন ঘটনাৰ কথা অসমৰ ৰাইজে শুণি আহিছে । ৰাহুল গান্ধীৰ কুকুৰে বিস্কুট খোৱা ঘটনাটোৰ পিছত আৰু এদিন যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লগ ধৰিবলৈ যায় তেতিয়া ৰাহুল গান্ধীয়ে শৰ্মাক মাত্র দুই মিনিট সময় দিয়ে। “An elaborate presentation prepared by a vetern leader of the party regarding the prospects of the state and political situation within the party was cut short by the congress vice president and asked to be wrapped up within the stipulated 2 miuites”. এয়াই আছিল কংগ্ৰেছত থাকোতে ৰাহুলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ শেষ সাক্ষাৎ ।

কংগ্ৰেছৰ নেতা তথা  মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী দিগ্বিজয় সিংএ হিমন্ত বিশ্ব শৰ্মাক বিজেপিত যোগদান কৰাৰ পৰামৰ্শ দিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল শৰ্মাৰ বিজেপিত যোগদানৰ চিন্তা চৰ্চা । I quote  ‘Ironically Digvijay Singh, the former in-charge of Assam Pradesh Congress Committee , advised Sarma to leave the congress and join the BJP. It was then that Sarma opened back channel discussions with Ram Madhav’

কিতাপখনৰ মতে ২০১৪ লোকসভা নিৰ্বাচনত শৰ্মাই কংগ্ৰেছক হৰুৱাবৰ বাবে কাম কৰিছিল । I quote from the book “The machinations of Sarma ensured that the congress was defeated in the 2014 Loksabha elections”

শৰ্মাৰ বিজেপিত যোগদানকলৈ বহু নেতা সুখী নাছিল। তাৰ ভিতৰত অন্যতম আছিল বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল । “Sarbananda Sonowal was also uncomfortable with the induction of Sarma, knowing his ambitions well. However, Sarma being a realist , quickly smoothed over the issue and built a working rapport with Sonowal.”

অগপ আৰু বিজেপি আজিৰ সময়ত মিত্ৰ দল । ২০১৬ বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন গোটটোৱে অগপ আৰু কংগ্ৰেছৰ মিত্রতা হোৱাটো বিচাৰিছিল আনহাতে অতুল বৰা বিজেপিৰ সৈতে মিত্রতাৰ পক্ষপাতী আছিল । ‘ The AGP was split in two factions – The faction led by Prafulla Mahanta wanted to side with the congress , the other faction led by Atul Bora was in favour of allying with the BJP ‘