হিমন্ত বিশ্ব শৰ্মাৰ সম্মুখত তিনিটা নতুন প্রত্যাহবান: ড০ সুশান্ত কুমাৰ কাশ্যপ

12142
ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


তিনি ‘ক’ ই বিপদত পেলাব নেকি সোণোৱাল চৰকাৰক?
এক নতুন বিপদে সোণোৱাল চৰকাৰক লগ দিলে কৰ’নাৰ ৰূপত । ‘কেব’  আন্দোলনৰ পিছত বৰ্তমান বিশ্বব্যাপি দেখা দিয়া কৰ’না মহামাৰীয়ে যেন চৰকাৰখনৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ অব্যাহত ৰাখিছে ৷ কেব বিৰোধী আন্দোলনৰ সময়ত অসমত যি পৰিস্হিতিৰ উদ্ভৱ হৈছিল সেয়া বৰ্তমান হোৱা লক ডাউনকৈ অলপো কম নাছিল ৷ এক ভয়াবহ বিভীষিকাময় পৰিস্থিতি ৷ ক্ষতিগ্ৰস্হ হৈছিল ৰাজ্যৰ অৰ্থনীতি, শিক্ষা ব্যৱস্হা ৷ অৱশ্যে সেয়া বৰ বেছি দিনলৈ অব্যাহত নাছিল ৷  ৰাজ্যৰ পৰিস্থিতিও স্বাভাৱিক হবলৈ আৰম্ভ কৰিছিল ৷ এনেকুৱা এক সময়তেই বিশ্বব্যাপি বিয়পি পৰা মহামাৰী ‘কভিড 19’ যেন ভূতৰ ওপৰত দানহ পৰা দি ধংস কৰিবলৈ আহিছে ৰাজ্যৰ অৰ্থব্যৱস্হা, শিক্ষা ব্যৱস্হা ৷  ইতিমধ্যে লক ডাউনৰ প্ৰায় ডেৰ মাহ উকলি গৈছে ৷ আৰু কিমান দিন লক ডাউনত থাকিব লগা হ’ব সেয়াও সন্দেহৰ আৱৰ্তত ৷ কাৰণ দৈনিক ভাৰতবৰ্ষত বৃদ্ধি পাই আহিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা,  লগতে মৃত্যুৰ সংখ্যাও ৷ অৱশ্যে অসমত সম্প্ৰতি কৰ’না নিয়ন্ত্ৰণাধীন বুলি ক’লেও বঢ়াই কোৱা নহব ৷   কিন্তু লক ডাউনৰ ফলত ৰাজভড়াল প্ৰায় উদং হোৱাৰ নিছিনা অৱস্হা হৈছে ৷ যোৱা ডেৰ মাহত চৰকাৰৰ আয় প্ৰায় নোহোৱাৰ দৰেই হৈছে ৷ যি সময়ত চৰকাৰী কৰ্মচাৰীৰ দৰমহা , পেঞ্চন  আদিৰ নামতেই মাহিলী প্ৰায় চাৰে তিনি হাজাৰ কৌটি টকাৰ প্ৰয়োজন হয়, তেনে অৱস্হাত এশ কোটি টকাও আয় কৰিব নোৱাৰা চৰকাৰ খন কেনেকুৱা অৱস্হাত পৰিব পাৰে সেয়া সহজেই অনুমেয় ৷ ইতিমধ্যে ৰাজ্যচৰকাৰে ব্যয় সংকোচন নীতি গ্ৰহণ কৰিছে ৷ চৰকাৰী কৰ্মচাৰী বা বিষয়াৰ বাদে ৰাজনৈতিক ভাৱে পদৱী লাভ কৰা নিগম নিকায়ৰ অধ্যক্ষ, মন্ত্ৰী, বিধায়ক আনকি ৰাজ্যপালৰো দৰ্মহা কৰ্তন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সাম্প্ৰতিক সময়ত এয়া হোৱাতো স্বাভাৱিক ৷ চৰকাৰৰ ব্যয় বাঢ়ি গৈ আছে, কিন্তু দ্ৰুত হাৰত হ্ৰাস পাইছে চৰকাৰৰ ৰাজহ সংগ্ৰহ । গতিকে বৰ ভয়াবহ আৰ্থিক সংকটৰ দিশে গতি কৰিছে ৰাজ্য খন । পৰিস্থিতি স্বাভাৱিক হবলৈ কিমান সময় লাগিব সেয়া কোৱা টান ৷ ভাৰত চৰকাৰেও কিমান আৰ্থিক সকাহ দিব পাৰিব সেয়া সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ কাৰণ লক ডাউনৰ ফলত দ্ৰুতহাৰত হ্ৰাস হৈছে ৰাজহ সংগ্ৰহ ৷  তদুপৰি এই মহামাৰীৰ আক্ৰমণৰ কবলত  গোটেই বিশ্ব খনেই সোমাই পৰিছে, গতিকে এনে অৱস্থাত এখন দেশক সহায় কৰিবলৈ আন  দেশ ওলাই আহিব পাৰে সেয়াও চিন্তাৰ বিষয় । ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে সহায় বিচাৰি হাহাকাৰ কৰি আছে যদিও কোনো এখন দেশেই আগবাঢ়ি অহা নাই  ৷ এতিয়া দেশ বোৰে মহামাৰীৰ সতে যুদ্ধ কৰিব লগা হৈছে ৷ বহু কেইখন তুলনামূলক ভাবে উন্নত ৰাষ্ট্ৰৰ অৱস্হা শোচনীয় হৈ পৰিছে ৷ অৰ্থনীতিয়েই নহয়, খাদ্য সংকততো ভূগিছে একাধিক দেশ ৷ গতিকে এই অৱস্হাত যে নিজৰ জুই নিজেই নুমাব লাগিব  ৷
দেশ তথা  ৰাজ্যৰ বিত্ত বিভাগ যে এক প্ৰত্যাহ্বানৰ সম্মুখীন হব সেয়া নিশ্চিত ৷
ইফালে কৰ’নাৰ ‘ৰেড জোন ‘ হিচাপে চিহ্নিত নলবাৰী আৰু গোলাঘাট গ্ৰীণ জোনলৈযোৱাৰ পিছত বঙাইগাওঁ জিলাত নতুনকৈ কভিড পজিটিভ চাৰিজনৰ শৰীৰত ধৰা পৰাতো সাম্প্ৰতিক সময়ত উদ্বেগৰ বিষয় ৷ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা বা কাৰো প্ৰত্যক্ষ সংস্পৰ্শলৈ নহা এইসকলৰ কেনেকৈ হ’ল বা উৎস ক’ত তাক নিৰ্ণয় কৰাতো বৰ্তমান সময়ত অতি জৰুৰী স্বাস্হ্য বিভাগৰ বাবে ৷ লক ডাউন অন্ত পৰিবলৈ কেইটামান দিন থকা অৱস্হাত নতুন কৰ’না ৰোগী ওলোৱা কথাটোৱে ভৱিষ্যত দিন বিলাকত পৰিস্হিতি যে জটিল হ’ব পাৰে, তাৰেই ইংগীত বহন কৰিছে ৷  ইতিমধ্যে  যথেষ্ঠ কষ্ট কৰি থকা স্বাস্হ্য বিভাগৰ কৰ্মী সকলৰ বাবে আগত দিনবোৰ যে প্ৰত্যাহ্বানৰ দিন হ’ব সেয়া নিশ্চিত ৷
ইফালে ৰাজ্যৰ স্কুল, কলেজ, বিশ্ববিদ্যালয় সমুহো বন্ধ হৈ আছে ৷ কেতিয়ালৈ খুলি দিব সেয়া এতিয়াই ঠিৰাং কৰিব নোৱাৰি ৷ যদি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা যদি বৃদ্ধি হয়, তেনেহলে পুণৰ দুই তিনি মাহলৈ যে স্কুল, কলেজ খোলা দিব পৰা নাযাব সেয়া স্পষ্ট ৷ গতিকে ছাত্ৰ ছাত্ৰীসকলে এই দুৰ্য্যোগপূৰ্ণ মুহুৰ্তত এটা বৰ্ষ হয়তো পিছুৱাই যাব পাৰে ৷ আকৌ যদি বৰ্ষ হেৰুওৱাৰ আংশকাত যদি জধে মধে স্কুল, কলেজ খুলি দিয়া, পৰিস্হিতি বিষম হওতেও সময় নালাগিব সেয়াও সন্দেহৰ উৰ্ধত নহয় ৷
আকৌ কংগ্ৰেছ দলে বিভিন্ন সমালোচনা কৰিছে ৷ বিশেষকৈ সাহাৰ্য প্ৰদান, কৰ’নাৰ চিকিৎসা সামগ্ৰী আদি ক্ৰয় বা আমদানি কৰাৰ ক্ষেত্ৰত দূৰ্ণীতি হোৱা বুলি অভিযোগ উথ্থাপন কৰিছে ৷ অৱশ্যে স্বাস্হ্য মন্ত্ৰীয়ে সংবাদ মেলত এই অভিযোগৰ নতশিৰে উত্তৰ দিছে ৷ হয়তো ভৱিষ্যতে আকৌ সমালোচনাৰ যে সম্মুখীন হব লাগিব সেয়া ধুৰুপ ৷ কাৰণ এনেকুৱা পৰিস্হিতিত চাৰে তিনি কোটি মানুহৰ প্ৰত্যোককে সন্তুষ্ট কৰা সহজ নহয় ৷
 তদুপৰি আগত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ যি সময়ত চৰকাৰখনে উন্নয়নমূলক কামকাজেৰে ৰাইজক সন্তুষ্ট কৰিব লাগিছিল, সেই সময়ত কৰ’নাৰ বিৰুদ্ধে  যুঁজ দিওতেই সময় অতিবাহিত কৰিব লগা হৈছে ৷ আশাকৰা হৈছিল কিছু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে টেট বা অন্য পৰীক্ষাৰ জড়িয়তে চাকৰি পাবলৈ সক্ষম হব,  সেয়াও বৰ্তমান অনিশ্চয়তাত ৷

বৰ্তমান সময়ত যি কেইটা বিষয় গুৰুত্বপূৰ্ণ,বিত্ত, সাস্হ্য আৰু শিক্ষা, সেই আটাইকেইটা বিভাগৰে  গুৰু দায়িত্ব বহন কৰি আছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে যোৱা ডেৰমাহ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন  সংবাদ মাধ্যমৰ যোগেদি বা সামাজিক মাধ্যমৰ যোগেদি ৷ ৰাইজে তেখেতক মুকলিকৈ প্ৰশংসা কৰাও দেখা গৈছে৷লক ডাউন শেষ হোৱাৰ পিছত  নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধে , স্বাস্থ্যত কৰ’না আৰু শিক্ষা মন্ত্ৰী হৈও ছাত্ৰ সন্থাৰ লগত ‘কেব’ বা ‘কা’ আন্দোলনৰ তিনিখন যুদ্ধ একেলগে যে যুজিব লাগিব ।  এইবোৰ প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হব আগত দিনবোৰত ৷


দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম ‘ এ সম্পূৰ্ণ কৰিলে দুটা বছৰ। ২০১৮ চনৰ ৰঙালী বিহুৰ দিনা জন্ম গ্ৰহণ কৰা ‘ৰাজনীতি অসম ‘ এ পঢ়ুৱৈৰ সংখ্যাৰে  স্হাপন কৰিলে অভিলেখ। যোৱা দুটা বছৰত ৰাজনীতি অসম ই-আলোচনীখনৰ পঢ়ুৱৈৰ সংখ্যাই অতিক্ৰম কৰিলে ১ লাখ ৬৯ হাজাৰ। আমাৰ ফালৰ পৰা সকলোকে জনালো ধন্যবাদ। আমাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আমি ৰাইজৰ বাবে মুকলি কৰিছো ৰাজনৈতিক লেখনিৰ প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ ৫ হেজাৰ টকা। ইয়াত উপৰিও থাকিব ৫ টা আকৰ্ষনীয় পুৰস্কাৰ। প্ৰতিযোগিতাৰ নিয়ম সমূহ এনে ধৰণৰঃ
১) অসম বা ভাৰতবৰ্ষৰ ৰাজনীতিৰ লগত জড়িত যিকোনো বিষয়ৰ ওপৰত লেখিব পাৰিব।
২) অসমীয়া লিপিকাৰত লিখি rajnitiaxom@gmail.com ত পঠাই দিব লাগিব।
৩) লেখনি ১০০০ টা শব্দৰ ভিতৰত হ’ব লাগিব।
৪) লেখনি জমা দিয়াৰ শেষ তাৰিখ ৩১ মে ২০২০।
৫) নিৰ্বাচিত লেখনিবিলাক ৰাজনীতি অসমত প্ৰকাশ কৰা হ’ব।
৬) এজন মানুহে এটা লেখনি দিব পাৰিব। বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব।
৭) ইতিহাস, বৰ্তমান, খুহুটীয়া আদি যিকোনো প্ৰকাৰৰ ৰাজনীতিৰ লগত জড়িত লেখনি পঠাব পৰা যাব।
৮) পুৰস্কাৰৰ ক্ষেত্রত বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।