হিম্মতসিংকা বিধেয়ক

2115

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


স্কুলত পঢ়োতে চাৰ সকলে আমাক বহুবাৰ কাণত ধৰাই উঠা বহা কৰা শাস্তি দিছিল। ১২ৰ ভাগৰ নেওতা মুখস্হ কৰিব নোৱাৰা, ক্লাছৰ সময়ত লগৰীয়াৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত ব্যস্ত হৈ থকা, লেজাৰত ঘৰলৈ পলোৱা ইত্যাদি কিমান যে পাপ কাম কৰিছিলো আমি। শিক্ষক ভেদে বেলেগ বেলেগ শাস্তি। বেতৰ কোব, কাণত ধৰি উঠা বহা, স্কুলৰ বাৰান্দাত কাণত ধৰি আঠু কঢ়া এইবোৰ কৰি নিজকে কিবা ডাঙৰ বীৰ যেন অনুভব হৈছিল। তেখেত সকলৰ যিকোনো শাস্তিক আমি একান্ত বাধ্য চাত্রৰ দৰে মানি লৈছিলো।

এনেকুৱা নিয়ম যদি বিধান সভা আৰু লোক সভা বিলাকতো কৰা হয় তেন্তে ৰাইজৰ বহুত সুবিধা হ’ব। সংসদ চলিব নিদি দেশৰ যি কৌটি কৌটি টকাৰ অপচয় হয় তাক ৰোধ কৰিব পৰা যাব। ধৰি লোৱা হ’ল এনে এখন বিধেয়ক গৃহীত হ’ল যাৰ দ্বাৰা বিধান সভাৰ অধ্যক্ষক এক বিশেষ ক্ষমতা দিয়া হ’ল। যিকোনো মন্ত্রী বিধায়ককে স্কুলৰ শিক্ষকৰ নিচিনা শাস্তি দিব পাৰিব অধ্যক্ষই। তেতিয়া কি হ’ব? এই বিষয়ে যুগুত কৰি উলিয়াইছো কেইটামান কাল্পনিক দৃশ্যপট:

অধ্যক্ষই মন্ত্রী বিধায়কক উদ্দেশ্যি কৰা কিছুমান মন্তব্য

  • হৰিপ্ৰিয়া ডাঙৰীয়ানী আপুনি চেল্ফি লোৱা বন্ধ কৰক নহলে কিন্তু ……..
  • ইছলাম ডাঙৰীয়া আপুনি ফেচবুক লাইভ কিয় কৰিছিল? তৎক্ষনাত …..
  • আলী , আপুনি মোক তেনেকে কিয় কব? … ধৰি দহবাৰ উঠা বহা কৰক, নহলে আপোনাৰ বিধায়ক পদ খাৰিজ।
  • পাটোৱাৰী ডাঙৰীয়া আপুনি ভালকৈ উত্তৰ দিব। মই কিন্তু মন্ত্ৰী বিধায়ক নাচাওঁ ।

দুৰদৰ্শনৰ বিতৰ্ক

  • কাব্দুল খালেকঃ কেৱল বিৰোধী দলৰ বিধায়কে কিয় কাণত ধৰিব লগীয়া হৈছে? অধ্যক্ষ সদায় নিৰপেক্ষ হ’ব লাগে।
  • বিমন্ত বিশ্বঃ অমিতো পক্ষপাতিত্ব কৰা নাই। কাণত ধৰা বিধায়ককো সমানে টকা দিছো।

নিৰ্বাচনী সভাঃ

  • ফুলফুল হুছেইনঃ আমাক বিধান সভাত যাব নোৱাৰা অবস্হা কৰিছে। যিকোনো সৰু কথাতে কাণত ধৰিব দিয়ে। অহাবাৰ আমাৰ চৰকাৰ হ’ব আৰু তেওঁলোক সকলোকে কাণত ধৰাম।
  • বগৰীলতা ডেকাঃ মহিলা বিধায়িকা হৈও  মই কেবল আপোনালোকৰ বাবে উঠা বহা কৰিছো।
  • সুদৰ্শন সোনোৱালঃ অধ্যক্ষই অসমীয়া, বঙালী, বিহাৰী, নেপালী একো চোৱা নাই যিয়ে ভুল কৰিছে তাকে কাণত ধৰাইছে।

ৰাতি দিন কাকতৰ শিৰোনামা

  • বিভাগৰ ব্যৰ্থতাৰ বাবে কেতিয়া কাণত ধৰিব স্বাস্হ্য মন্ত্ৰীয়ে?
  • মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল। অধ্যক্ষই পাৰিবনে মন্ত্রীক কাণত ধৰাবলৈ।

এনেকুৱা এখন বিধেয়ক গৃহিত হয় নে নহয় এতিয়াই কোৱা টান কিন্তু যদি হয় ইয়াক হিম্মতসিংকাৰ নামেৰে নামাকৰণ কৰিব লাগে ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)