কংগ্ৰেছ-আজমলৰ নতুন ফৰ্মুলা

2173

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


বহুবছৰ গোপন প্ৰেমৰ পিছত অবশেষত ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিক সম্পৰ্ক গঢ়িছিল কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে। অসমত মহাজোঁট বনাই বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ দিছিল ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে। পিছে ভবামতে কাম নহ’ল। কংগ্ৰেছ আৰু আজমলৰ দল পুনৰ বিৰোধীৰ আসনত বহিব লগা হ’ল। কংগ্ৰেছৰ নতুন সভাপতি আহিল। তেওঁৰ প্ৰধান লক্ষ্য হ’ল কংগ্ৰেছক শক্তিশালী কৰা। ২০২৬ত বিহপুৰীয়াকে ধৰি উত্তৰ আৰু উজনি অসমৰ কমেও ২০-২৫ খন আসন দখল কৰা। ইয়াৰ প্ৰধান অন্তৰায় হ’ল আজমল। আজমলৰ লগত মিত্রতা থকালৈকে উজনিত কংগ্ৰেছৰ উত্থান কেতিয়াও সম্ভব নহয়। সেয়েহে কংগ্ৰেছ- এ.আই.ইউ.দি.এফৰ বিবাহ বিশ্চেদ আছিল আবশ্যমভাবী। অসম কংগ্ৰেছে এ.আই.ইউ.দি.এফৰ লগত মিত্রতা ত্যাগৰ বাবে সৰ্বসন্মতি ক্ৰমে প্ৰস্তাব গ্ৰহণ কৰি হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে।
মিত্রতা ভংগৰ গোপন ৰহস্য
লোকসভা নিৰ্বাচনত নগাওঁত যদি আজমলে প্ৰাৰ্থী দিয়ে তেন্তে ২০২৪ত প্ৰদ্যুত বৰদলৈ জয়ী হ’ব পাৰিব নেকি? নিশ্চয় নোৱাৰে। কলিয়াবৰত গৌৰৱ গগৈৰো যঠেষ্ট কষ্ট হ’ব। কিন্তু টিভিৰ সন্মুখত গৌৰৱ গগৈয়ে এনেদৰে বক্তব্য দি আছে যেন তেওঁ হে আজমলৰ লগত মিত্রতাৰ প্ৰধান বিৰোধী। আজমলৰ লগত মিত্রতা ভংগ হ’লে বটদ্ৰবা, মংগলদৈ, ভবানীপুৰ, বৰপেটা, কাটিগড়া, বৰখোলা, নাওবৈচা, বৰক্ষেত্রী আদি বিধানসভা সমষ্টিত বিজেপি জয়ী নহ’বনে? আনকি ৰকিবুলৰ চামুগুৰিও আজমলৰ দয়াতহে আছে। তেনে ক্ষেত্রত কংগ্ৰেছে ইমান ডাঙৰ ৰিস্ক ল’ব ওলাইছে কিয়? কিয় মিত্রতা ভংগ কৰি লোকসভাৰ দুখন আৰু বিধানসভাৰ দহখন আসনত নিজৰ লোকচান কৰিব ওলাইছে? প্ৰাপ্ত খৱৰ মতে কংগ্ৰেছে আজমলৰ লগত আনুষ্ঠানিক মিত্রতাহে ভংগ কৰিব বিচাৰিছে। কিন্তু চলি থাকিব আজমলৰ লগত কংগ্ৰেছৰ বুজাবুজি। ছোনীয়া গান্ধীৰ বাসভবনত কেইদিনমান আগতে এখন সভা অনুষ্ঠিত হৈছিল। তাত উপস্থিত আছিল অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং আৰু খোদ আজমল। গোপন মিত্রতা কৰি ভাগৰি পৰা আজমলক সৈমান কৰা কংগ্ৰেছৰ বাবে কিছু কঠিন আছিল যদিও ছোনীয়া গান্ধীৰ অনুৰোধত তেওঁ মান্তি হয়। সেই প্ৰস্তাব মৰ্মে ২০১৯ৰ নিচিনা আজমলে মাত্র কৰিমগঞ্জ, ধুবুৰী আৰু বৰপেটাত প্ৰাৰ্থীত্ব দিব। দুৰ্বল প্ৰাৰ্থী দি কংগ্ৰেছে কৰিমগঞ্জ আসনখন আজমলৰ দলক জয়ী হোৱাত সহায় কৰিব। অনু্ৰূপ  ভাবে মিলিত শক্তিৰে বৰপেটাত কংগ্ৰেছক জয়ী কৰাব। আজমলক বুজোৱা হৈছে যে উজনিৰ সমৰ্থন অবিহনে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু উজনিৰ বিশ্বাস ঘূৰাই আনিবলৈ কংগ্ৰেছ – আজমলৰ আনুষ্ঠানিক মিত্রতা ভংগ হোৱা জৰুৰী। পৰিকল্পনা অনুসৰি কংগ্ৰেছ- এ.আই.ইউ.দি.এফে পৰস্পৰক গালি পৰা আৰম্ভ কৰিব আৰু তেতিয়াহে ৰাইজৰ মাজত মিত্রতা ভংগ হোৱা বুলি বিশ্বাস জন্মিব।২০২৪ত সফল হ’লে ২০২৬ৰ নিৰ্বাচনটো গ্ৰহণ কৰা হ’ব অনুৰূপ ফৰ্মুলা। কংগ্ৰেছ -আজমলৰ নতুন পৰিকল্পনাক ৰাইজে কেনেভাবে লয় ইয়াক সময়ত জনা যাব। তথাপিও এটা কথা ঠিক যে মিত্রতাক গোপন কৰি ৰাখিবলৈ দুয়োটা দলে খুব কষ্ট কৰিব লাগিব।