য়ে চফৰ বহুত হে কঠিন মগৰ…

3160
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২১ৰ নিৰ্বাচনত দলে দলে টিকট লাভৰ বাবে ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হৈছে। নিৰ্বাচনৰ দিন ঘোষণা হ’ব; দলবোৰে টিকট দিব; নিৰ্বাচনী যুঁজ হ’ব, ই.ভি.এমত ভোট হ’ব আৰু শেষত বিজয়ী প্ৰাৰ্থীৰ নাম ঘোষণা হ’ব। ই এটা দিঘলীয়া প্ৰক্ৰিয়া। আজিৰ পৰা প্ৰায় ৭ মাহ পিছত অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ  নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিক ভাবে প্ৰকাশ পাব যদিও তাৰ ভিতৰৰ কিছুমান সমষ্টিৰ ফলাফল কি হ’ব আজিয়ে কৈ দিব পৰা অবস্থাত আছে। উদাহৰণ স্বৰূপে মাজুলী, জালুকবাৰী, বাঘবৰ, জনিয়া, তিতাবৰ আদি সমষ্টিৰ ফলাফল জানিবৰ বাবে আনুষ্ঠানিক ঘোষণাৰ প্ৰয়োজন নাই। ৰাজনৈতিক ভাবে সচেতন যিকোনো ব্যক্তিয়ে অসমৰ কমেও ৪০-৫০টা সমষ্টিৰ ফলাফল আগতীয়াকৈ জানে। নিৰ্বাচন এক আনুষ্ঠানিকতাহে মাত্র। আজি আমি এনে কিছুমান নেতাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো যাৰ ২০২১ত জয়ী হোৱাৰ সম্ভাবনা তেনেই ক্ষীণ।
ববিতা শৰ্মাঃ কংগ্ৰেছৰ ভাল দিনত টিকট বিচাৰি  নিৰাশ হোৱা এগৰাকী উচ্চ শিক্ষিতা মহিলা শ্ৰীমতী ববিতা শৰ্মা। যিসময়ৰ পৰা অসমত কংগ্ৰেছৰ বেয়া দিন আৰম্ভ হ’ল তেতিয়াৰ পৰাই ববিতা শৰ্মাই টিকট লাভ কৰা আৰম্ভ কৰিলে। ২০১৬ত পূৱ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেখেত পৰাজিত হয় প্ৰায় ৯৭ হাজাৰ ভোটত। ২০১৯ লোকসভাত তেখেতে গুৱাহাটী লোকসভাৰ পৰা প্ৰাৰ্থীত্ব পাই প্ৰায় ৩ লাখ ৪০ হাজাৰৰো অধিক ভোটা পৰাজিত হয়।  এতিয়া চৰ্চা হৈছে যে ২০২১ত ববিতা শৰ্মা পুনৰ গুৱাহাটী পূৱ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব। এই যুঁজ তেখেতৰ বাবে খুব কঠিন হ’ব। বৰঞ্চ এই কথা কব পাৰি যে গুৱাহাটী পূৱত ২০২‍১ত কংগ্ৰেছৰ জয় অসম্ভব। এতিয়া প্ৰশ্ন হয় পুনৰ কংগ্ৰেছে ববিতা শৰ্মাক জানি শুনি পৰাজিত হ’বলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিব নেকি?
আঙুৰলতা ডেকাঃ ২০১৬ত কংগ্ৰেছ আৰু এআইউদিএফৰ ভোট বিভাজৰ বাবে ভাগ্যৰ বলত বটদ্ৰবাৰ পৰা জয়ী হৈছিল হৈছিল আঙুৰলতা  ডেকা। জয়ৰ  ব্যবধান আছিল প্ৰায় আঠ হাজাৰ। এ.আই.ইউ.দি.এফৰ প্ৰাৰ্থীজনৰ ভোট লগ লগালে কংগ্ৰেছ মিত্রজোট আগবাঢ়ে প্ৰায় ২৫ হাজাৰ ভোটত। কংগ্ৰেছ আৰু আজমলৰ মিত্রতা ইতিমধ্যে চুৰান্ত হৈছে তেনে ক্ষেত্রত আঙুৰলতাৰ এইবাৰ বটদ্ৰবাৰ পৰা ওলাই অহা প্ৰায় অসম্ভব। ফণী শৰ্মাৰ সহায়ত আঙুৰলতাই সমষ্টি সলনি কৰি নলবাৰীলৈ পলায়ণ কৰাৰ পৰিকল্পনা কৰিছিল যদিও আন শীৰ্ষ নেতৃত্বই তাত সন্মতি প্ৰকাশ কৰা নাই। আন জয়ী হ’ব পৰা সমষ্টিৰ পৰা টিকট নাপালে  আঙুৰলতা ডেকাই ২০২১ত বটদ্ৰবাৰ পৰা টিকট নিবিচাৰে বুলি জানিব পৰা গৈছে।
প্ৰদ্যুত ভূঞাঃ ২০১১ চনত কংগ্ৰেছ দলৰ পৰা নলবাৰী সমষ্টিত প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ আছিল প্ৰদ্যুত ভূঞা। কিন্তু টিকট পালে জয়ন্ত মল্ল বৰুৱাই। ২০১৬ চনত জয়ন্ত মল্ল বৰুৱা বিজেপিত যোৱাৰ লগে লগে প্ৰদ্যুত ভূঞাৰ বাট মুকলি হ’য়। ইতিমধ্যে প্ৰতিস্থান বিৰোধী ঢৌত জৰ্জৰিত হ’য় কংগ্ৰেছ দল। নলবাৰীত বিজেপিৰ অশোক শৰ্মাৰ বিৰুদ্ধে যুঁজ দি শোচনীয় পৰাজয় হয় ভূঞাৰ। ২০১৯ লোকসভা নিৰ্বাচনটো গোটেই মংগলদৈ লোকসভাৰ ভিতৰত নলবাৰী বিধানসভাৰ পৰা বিজেপিয়ে সৰ্বোচ্চ ভোট লাভ কৰে। ২০২১ত ফলাফল কি হ’ব সহজেই অনুমেয়। প্ৰাপ্ত খৱৰ অনুসৰি প্ৰদ্যুত ভূঞাৰ ২০২১ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা নাই। ভূঞাৰ বাহিৰে কংগ্ৰেছৰ নলবাৰীত কোনো শক্তিশালী নেতা নাই। সেয়েহে ভূঞাৰ ওপৰত দলে হেচা প্ৰয়োগ কৰিছে। দলৰ ভাল দিনৰ সময়ত টিকট বিচাৰি হাবাথুৰি খোৱা ভূঞাক দলে বেয়া দিনৰ সময়ত বলিৰ পঠা সজাবলৈ অকনো কুন্ঠাবোধ কৰা নাই।
কমলা কলিতাঃ এসময়ত অসমৰ প্ৰতাপী মন্ত্রী ডাঃ কমলা কলিতাৰ যোৱা নিৰ্বাচনত নিজ সমষ্টিতেই শেষ ৰক্ষা নহল। নিৰ্বাচনত জয়ী হ’লেই মন্ত্রীত্ব প্ৰায় নিশ্চিত আছিল। ছয়গাও সমষ্টিৰ পৰা ভবিষ্যতে কোনো বিজেপি বা অগপৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাবনা তেনেই ক্ষীণ। কলিতাৰ হাতত এটাই মাত্র বিকল্প; পলাশবাৰীত প্ৰতিদ্বন্দ্বিতা কৰা। বিজেপি দলে যদি সন্মতি দিয়ে তেন্তে পলাশবাৰীত অগপ-বিজেপিৰ ঐমৈহতিয়া প্ৰাৰ্থীৰূপে ডাঃ কলিতা জয়ী হৈ আহিব। ছয়গাওঁৰ পৰা মনোনয়ন পত্র দাখিল কৰিলে পৰাজয় নিশ্চিত কলিতাৰ।
ইয়াৰ উপৰিও নিৰ্বাচনী পথাৰত এতিয়া বহু নেতাৰ নাম ওলাইছে। কংগ্ৰেছ দলৰ পৰা পশ্চিম গুৱাহাটীত বাবু, ঢেকিয়াজুলিৰ পৰা অপূৰ্ব ভট্টাচাৰ্য্য, চামুগুৰিৰ পৰা বিজেপিৰ জিতু গোস্বামী, সৰুক্ষেত্রীৰ পৰা অগপৰ কল্পনা পাটোৱাৰী ইত্যাদি। কিন্তু এইসকল নেতাৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাবনা তেনেই ক’ম। নিৰ্বাচনত নামি কিছু চমক দিয়াৰ বাহিৰে বিশেষ কিছু কৰিব পাৰিব বুলি মনে নধৰে।