১০০% ৰিভেৰিফিকেচন হ’বই লাগিব…..

1743
  • আভিজিত শৰ্মা , সভাপতি APW

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


৩১  আগষ্ট , ২০১৯ তাৰিখটো অসম আৰু অসমীয়া মানুহৰ কাৰণে  ক’লা দিন ৰূপে পৰিগণিত হ’ল । অবৈধ বাংলাদেশীৰ পক্ষত থকাসকল জয়ী হ’ল । কিন্তু  আমাৰ স্থিতি সলনি নহ’ল আৰু নহয় । ১০০% ৰিভেৰিফিকেচন হ’বই লাগিব । আমি আকৌ এবাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাম ।কোচঁ ,ৰাভা ,গগৈ ,ৰাজবংশী, বড়ো, তিৱা, মিছিং ,কাৰ্বি ,ডেউৰী আদি ভুমি পুত্ৰই বাংলাদেশীৰ সৈতে একেটা শাৰীত থিয় দিব লগা হ’ল হাতত মাটিৰ কাগজ লৈ । হাজাৰ হাজাৰ ভুমি পুত্ৰৰ নাম এনআৰচি ত নাহিল । কিন্তু তথাকথিত মানবতাবাদীসকল মৌন এইসকল ভুমি পুত্ৰৰ অধিকাৰক লৈ । আনহাতে অবৈধ বাংলাদেশীৰ পক্ষত থকা এইসকল মানবতাবাদীয়ে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিভিন্ন উপায়েৰে বাংলাদেশীৰ সপক্ষে জনমত সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছে ।  একে সময়তে এজন ভুমি পুত্ৰও যদি ডিটেনচন কেম্পত থাকিব লগা হয় তেম্তে ই দু:স্বপ্নৰ বাহিৰে একো নহ’ব । আচলতে ক’বলৈ গ’লে অবৈধ বাংলাদেশীৰ সমস্যাটো  এটা দুৰাৰোগ্য ব্যাধি লৈ ৰূপান্তৰিত হৈছে । উচিত সময়ত ভেকচিন নিদিয়াৰ ফলত আজিৰ পৰিস্থিতি পাইছে ।  সেয়ে এতিয়া নিৰাময়ৰ বাবে প্ৰয়োজন হৈছে জীৱনদায়িনী ঔষধৰ ।
এন আৰ চি খনৰ এই দশা এটা হ’ব বুলি কোনো এজন অসমীয়াই কল্পনা কৰিব পৰা নাছিল । পুৰ্বতে বাংলাদেশী ঘোষিত মানুহৰ নামো NRC ত সোমাইছে । প্ৰতীক হাজেলাই ২৭% ৰিভেৰিফিকেচন কৰাৰ পিছতো এনেকুৱা কেনেকৈ সম্ভৱ হ’ল ? ক’অৰডিনেটৰ হাজেলাই উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰা অভিযোগ উত্থাপন হৈছে । ন্যায়ালয়ক তেওঁ কৈছে , ”  In view of what has been stated above , it is humbly felt that the  requirement of re- verifications proposed by central government and state government have been already met with sample sizes bigger than those proposed by them .”
১৬০০ কৌটি টকা খৰছ হ’ল , আৰু ৰাইজে কি পালে ? গোটেই প্ৰক্ৰিয়াটোৰ তথ্যসমুহ যিটো চফ্টৱেইৰৰ দ্বাৰা বনোৱা হ’ল সেইটোক অনুসন্ধানৰ আওতাত আনিব লাগিব । মুঠৰ ওপৰত এন আৰ চি প্ৰক্ৰিয়াটো এবাৰ চিবিআই দ্বাৰা অনুসন্ধান কৰিলে সকলো স্পষ্ট হৈ যাব ।