১০ ডিচেম্বৰত মচা যাব নে মোডী চৰকাৰৰ দাগ?

11026
  • দেবজিত দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


আজিৰ পৰা বহু বছৰ আগত কহিনুৰ থিয়েটাৰত এখন নাট মঞ্চস্হ কৰা হৈছিল যিখনৰ নাম আছিল ‘দাগ’। তপন দাস আৰু সুৰেন মহন্তই অভিনয় কৰা নাটক খন সেই সময়ত খুব জনপ্ৰিয় হৈছিল। এটা অপৰাধ কৰাৰ পিছত সুৰেন মহন্তই তেওঁৰ বন্ধু তথা পুলিচৰ চৰিত্ৰত অভিনয় কৰা তপন দাসৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হৈছিল। মানুহে ধৰি লৈছিল যে তপন দাসে সুৰেন মহন্তক জানি শুনি পলাই যাবলৈ দিছিল। সেই এটা দাগ লৈ জীয়াই থাকিবলৈ তপন দাসৰ বহু কষ্ট হৈছিল আৰু বহু চেষ্টা কৰি অবশেষত সুৰেন মহন্তক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।

   প্ৰাক্তন ৰাজ্যসভা সাংসদ বিজয় মাল্যৰ ভাৰতৰ পৰা পলায়ন মোডী চৰকাৰৰ ওপৰত লাগি থকা এটা দাগ। বিজেপিয়ে আইনৰ দোহাই দি যিমানেই অজুহাত নেদেখুৱাক কিয়  তথাপি ভাৰতৰ মানুহে বিজয় মাল্যৰ পলায়ন ৰোধ কৰিব নোৱাৰাটো  কিন্তু এই চৰকাৰৰ অন্যতম বিফলতা বুলি ভাবে। চৰকাৰে মাল্যৰ সম্পত্তি বাজেয়াপ্ত কৰা আৰু ইংলেণ্ডৰ পৰা তেওঁক প্ৰত্যাৰ্পন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে হয় , কিন্ত্ত চৰকাৰৰ এই দাগতো মচা যাব যদিহে এই দুয়োটা কামকে সফলতাৰে সম্পূৰ্ণ কৰিব পাৰে ।
কংগ্ৰেছৰ দিনত কি হৈছিল?
বিজয় মাল্যৰ কিংফিচাৰ এয়াৰলাইন্সৰ উদ্ধাৰৰ বাবে প্ৰয়োজন হৈছিল বৃহৎ পুঁজিৰ ,  যাৰ বাবে তেওঁ বাৰে বাৰে বেংকৰ পৰা ঋণ লৈছিল। এটা সময়ত এই  কোম্পানীটো NPA অৰ্থাৎ Non Performing Asset হিচাপে ঘোষণা কৰা হৈছিল । অভিযোগ মতে কংগ্ৰেছ চৰকাৰৰ বহু মন্ত্রীয়ে বিজয় মাল্যক ঋণ দিয়াত সহায় কৰিছিল। আনকি প্ৰধান মন্ত্রী মনমোহন সিংৰ সচিবে মাল্যৰ ঋণৰ বাবে বেংকৰ লগত যোগাযোগ কৰাৰ তথ্য পোহৰলৈ আহিছে।
ইয়াৰ বিনিময়ত মাল্যই ধন্যবাদ জনাই ডঃ মনমোহন সিংলৈ এখন চিঠি লিখে যিখন সংবাদ মাধ্যমে ফাদিল কৰিছে।
বিজেপিৰ দিনত কি হৈ আছে?

বিজয় মাল্যৰ বেংকৰ পৰা লোৱা ঋণ ঘূৰাই দিয়াৰ মতলব কোনোদিনেই নাছিল। বিজেপি চৰকাৰ অহাৰ লগে লগে চাপত পৰে বিজয় মাল্য। মোডী চৰকাৰে মাল্যক প্ৰশ্ৰয় নিদি ঋণৰ  ধন উভতাই লবৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে। বিপদৰ আগ জাননী পায় চতুৰ মাল্যই পলায়ন কৰে । এইখিনিতে উল্লেখ কৰা ভাল হব যে মাল্যই কেই বছৰমান আগতে ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল। চৰকাৰ অধিন  চোৰাংচোৱা, চিবিআই আদিৰ জৰিয়তে এই ক্ষেত্রত কিছু সতৰ্কতা অবলম্বন কৰাটো জৰুৰী আছিল। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়েও এই বিষয়ত চৰকাৰক সমালোচনা কৰিছে। বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি এজন হাই প্ৰফাইল ব্যক্তিয়ে মাল্যক পলাই যোৱাত সহায় কৰিছিল। ১৫ চেপ্তেম্বৰত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ভাষ্য অনুসৰি চিবিআইৰ শীৰ্ষ বিষয়া এজনে বিজয় মাল্যৰ বিৰুদ্ধে থকা লুক আউট ন’টিচ খন দুৰ্বল কৰি পলায়নত সহযোগ কৰিছিল।

১০ ডিচেম্বৰ ২০১৮ত কি হ’ব?
লণ্ডনত বিজয় মাল্যৰ বিৰুদ্ধে চলি থকা গোচৰটোৱে যোৱা প্ৰায় এক বছৰত যঠেষ্ট অগ্ৰগতি লাভ কৰিছে। ভাৰত চৰকাৰ তথা ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা মাল্যৰ ভাৰতলৈ প্ৰত্যাবৰ্তনৰ সপক্ষে সবল যুক্তি  দাঙি ধৰা হৈছে। মাল্যৰ হৈ ওকালতি কৰা উকিল জনে অভিযোগ কৰি কৈছিল যে ভাৰতবৰ্ষৰ জেলৰ পৰিবেশ খুব বেয়া । Wesminster ন্যায়ালয়ৰ বিচাৰকে ভাৰতৰ জেলৰ ভিডিও প্ৰত্যক্ষ কৰি এইটো নিশ্চিত কৰিব বিচাৰিছে যাতে বিজয় মাল্যৰ মানব অধিকাৰ অক্ষুণ্ণ থাকে।  বিচাৰকে মুম্বাইৰ  আৰ্থাৰ ৰ’ড জেলৰ ভিডিঅ’  তিনি বাৰ চাইছে  কাৰণ বিজয় মাল্যৰ প্ৰত্যাবৰ্তনৰ বিষয়ে চুড়ান্ত ৰায়দান অহা ১০ ডিচেম্বৰত দিব। নিশ্চিত ভাবে অহা ১০ ডিচেম্বৰ ভাৰতৰ ৰাজনীতিৰ বাবে এটা উল্লেখযোগ্য দিন হবলৈ গৈ আছে।  যদি ভাৰত চৰকাৰে বিজয় মাল্যক ভাৰতলৈ লৈ আনিবলৈ সক্ষম হয় তেন্তে অহা সাধাৰণ নিৰ্বাচনত ই মোডী চৰকাৰক সহায় কৰিব।  কঁৰদাতা ৰাইজৰ টকা আত্মসাৎ কৰা বিজয় মাল্য এতিয়া ভাৰতৰ সকলোতকৈ ডাঙৰ খলনায়ক। বিজয় মাল্যক মুম্বাই জেলত বন্দী কৰিব পাৰিলে নৰেন্দ্ৰ মোডী হৈ পৰিব ভাৰতৰ দুৰ্নীতি বিৰোধী নায়ক। ইয়ে মচি  পেলাব মোডী চৰকাৰৰ গাত লাগি থকা এটা দাগ। কিন্ত্ত যদি ভাৰত চৰকাৰে মাল্যক ভাৰতলৈ লৈ অনাত সক্ষম নহয় তেন্তে এই দাগটো লৈয়ে অহা সাধাৰণ নিৰ্বাচনত অবতীৰ্ণ হব লাগিব মোডী চৰকাৰ। বিৰোধী দলবোৰেও চৰকাৰক আক্ৰমন কৰাৰ এটা সুযোগ পাব। ভাৰতৰ জনগনেও ভাবিবলৈ বাধ্য হব যে বিজয় মাল্যক খুৱালে-পিন্ধালে কংগ্ৰেছ দলে আৰু পলুৱাই পঠিয়ালে বিজেপি দলে।  সেয়ে সকলোৰে অধীৰ অপেক্ষা অহা ১০ ডিচেম্বৰলৈ।