১২৬ দিনত কোন সুখী , কোন দুখী..

1371
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চমু কালছোৱাত লোৱা বিভিন্ন  পদক্ষেপক অসমৰ মানুহে কি ভাবে লৈছে সেই কথা জানিবলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত যোগাযোগ কৰিছিলোঁ । যোগাযোগৰ উদ্দেশ্য এজনো ব্যক্তিক জনোৱা নাছিলোঁ । মাত্ৰ এক ভাৱৰ আদান প্ৰদান হে আছিল । আমি লগ কৰিছিলোঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত চৰকাৰী চাকৰিয়ালক , আমি লগ কৰিছিলোঁ চিলেণ্ডাৰৰ কলা ব্যৱসায় কৰি ধনবান হোৱা একাংশ যুবকক , আমি লগ কৰিছিলোঁ মৌলবী আৰু দুজনমান পুৰোহিতক , ছাত্ৰ সংগঠনৰ নেতাক , বিজেপিৰ পৰা টিকট নোপোৱা প্ৰাক্তন বিধায়কক , যোৱা বিশটা বছৰে কংগ্ৰেছ দলত থকা নিভাজ কংগ্ৰেছী যুব নেতাক , যোৱা পাঁছ বছৰত বিজেপিৰ বিভিন্ন  দায়িত্বত থাকি ধনবান হোৱা একাংশ নেতা -পালী নেতা  , আমি লগ কৰিছো বিভিন্ন চৰকাৰী স্কিমত নাম থকা নিম্ন আয়ৰ পৰিয়ালক আৰু কংগ্ৰেছৰ পৰা বিজেপি লৈ অহা একাংশ ক্ষমতাশালী নেতাক ।
এই চেগমেন্টৰ ব্যক্তি সকলৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে অনুভৱ খিনি আমি ৰাজনীতি অসমৰ পাঠকক জনাব বিচাৰো ।
ছাত্ৰ সংগঠনৰ নেতা: প্ৰথম কথা কভিডৰ কাৰণে তেওঁলোকৰ ব্যৱসায় বেয়া । তথাপি আগৰ চৰকাৰৰ সময়ত দুই এটা ট্ৰেন্সফাৰ , ঠিকাৰ মধ্যস্থতাকাৰী হিচাপে পকেট খৰছ এটা আহি আছিল । এইবাৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত আন্দোলন কৰিবলৈ ইচ্ছ্যু কমি গৈছে আৰু আন্দোলন নাই মানে কালেকচন নাই । বিশেষকৈ চৰকাৰী কাৰ্য্যালয়ত চলা অভিযানে ছাত্ৰ সংগঠনৰ নেতাৰ আৰ্থিক দিশটোত গুৰুতৰ প্ৰভাব পেলাইছে।
 টিকট কটা যোৱা বিধায়ক: বিধায়কৰ আসনখন হেৰুওৱা ব্যক্তি সকল ভিতৰি ভিতৰি ক্ষোভিত । এআইইউদিফৰ নেতা বা ওৱেচিত কৈও এই নেতা সকলৰ পৰম শত্ৰু হিমন্ত বিশ্ব শৰ্মা । আৰ এছ এছক লৈও তেওঁলোক ক্ষোভিত । ক্ষমতাত থাকোতে যোৱা পাঁচ বছৰত আৰ এছ এছৰ কাৰ্য্যক্ৰমত পাঁচবাৰো গৈ নোপোৱা এইসকল প্ৰাক্তণ বিধায়কৰ বৰ্তমান আদৰ্শ ব্যক্তি কানাইয়া কুমাৰ হৈছে । আমিনুল ইচলাম, বদৰুদ্দিন আজমলৰ ভাষণত যুক্তি বিচাৰি পাইছে এই সকল নেতাই ।
কংগ্ৰেছত থকা নিভাজ কংগ্ৰেছী যুবক: এওলোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বেছি প্ৰতিক্ৰিয়াশীল নহয় । দুবন্ত নাও কংগ্ৰেছ দলৰ শোচনীয় অৱস্থাত তৰুণ গগৈৰ কাৰ্য্যকালৰ ফেন্টাচি সময় বিলাক ৰোমন্ঠন কৰাৰ বাহিৰে বিশেষ কোনো ৰাজনৈতিক কাম নাথাকে ।
কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নেতা: বিভিন্ন পৰিষদীয় নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি নিকট ভাবে ফটো উঠিবলৈ পোৱা একাংশ প্ৰাক্তন কংগ্ৰেছী নেতা আৰু একাংশ পুৰণি বিজেপিৰ কাৰণে বৰ্তমানৰ চৰকাৰখন পুৰ্বৰ চৰকাৰতকৈ কঠিন সময় হিচাপে বিবেচিত হৈছে । নিকৃষ্ট মানৰ কাম কৰি ঠিকাৰ বিল সৰকাই ,বিধায়কক মেনেজ কৰি সয়ম্ভু ঠিকাদাৰ হৈ থকা সুদিন বোৰ নিমিষতে শেষ হৈ গ’ল । মুখ্যমন্ত্ৰীৰ লগত সুসম্পৰ্ক থকা বিধায়কৰ লগত ঘুৰা পালি নেতা সকলক কোনো প্ৰকাৰে বিধায়কে সহায় কৰিব পৰা নাই । স্বয়ং দাদা ব্ৰিগেদকেই মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰি ৰাখিছে । যোৱা পাঁচ বছৰৰ দৰে এই কেইবছৰো সহজলভ্য  টকা ঘটাৰ সকলো পৰিকল্পনা ধ্বংস হোৱাৰ উপক্ৰমত পালিনেতা সমুহ ক্ষোভিত ।
সাধাৰণ ব্যক্তি : সাধাৰণ বুলি কওতে এই শ্ৰেণীটোত আমি অন্তৰ্ভুক্ত কৰিছিলোঁ কিছুমান পৰিয়ালক , যি পৰিয়ালত চৰকাৰী স্কিম পোৱা ব্যক্তি নাই আৰু ঘৰৰ প্ৰতিজন ব্যক্তিৰ ৰাজনৈতিক পচন্দ বিলাকো ভিন্ন  আৰু এওঁলোকৰ কোনো এটা প্ৰজন্মই ক্ৰিকেটত পাকিস্তান জয়ী হ’লে ফঁটকা ফুটাই পোৱা নাই ।এই পৰিয়ালবোৰত হিমন্ত বিশ্ব শৰ্মা অতি জনপ্ৰিয় । ড্ৰাগচ বিৰোধী অভিযান , মণ্ডল বিৰোধী অভিযান , দালাল বিৰোধী অভিযানত সাধাৰণ মানুহ অতি সুখী । এই মানুহখিনিৰ জনসংখ্যা অসমত ৪০% ৰ ওচৰে পাজৰে আছে ।
মৌলবী আৰু পুৰোহিত : মৌলবী বিলাকে মুল্যবৃদ্ধিক লৈ অতি সৰৱ ভুমিকা লৈছে । চচিয়েল মিডিয়াত কোৰানৰ আলোচনাত কৈ কেৰাচিন আৰু পেট্ৰলৰ দামৰ ওপৰত হে আলোচনা কৰে ।পুৰোহিত শ্ৰেণীৰ যিকেইজনক লগ পাইছিলোঁ তাৰ প্ৰায় বিলাকেই সুখী । কিন্তু চৰকাৰী বিভিন্ন অনুষ্ঠানত অসমৰ বাহিৰৰ পুৰোহিতৰ আগমনে এওঁলোকক কিছু নিৰুৎসাহো কৰিছে ।
দালাল , চোৰ , ডকাইত আৰু ভঙা লোহাৰ ব্যৱসায়ী : আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে এই শ্ৰেণীৰ মানুহখিনি । চোৰ বিলাক জেলত সোমোৱা বাবে লোহা টিংৰ ব্যৱসায় অতি বেয়া হৈছে । গেছ চিলেণ্ডাৰ কলা ব্যৱসায় কৰা যুবক সকল অতি দুখী আৰু ক্ষোভিত । সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ খিনিয়ে এই শ্ৰেণীটোত সংখ্যাগৰিষ্ঠ বাবে অৰ্থনৈতিক ভাবে সংখ্যালঘু মানুহ খিনিয়ে  দুৰ্ভোগ ভুগিছে । লগতে গৰুখুটিৰ দৰে ঘটনাই এওঁলোকক ক্ষোভিতও কৰিছে ।